Skip to content Skip to navigation

“ক্ষণস্থায়ী প্ৰভাৱ”: অপৰিকল্পিত লকডাউনক লৈ চৰকাৰক সাৱধানবাণী বিশেষজ্ঞৰ

Police barricade during lockdown in Guwahati. Photo by UB Photos.
Police barricade during lockdown in Guwahati. Photo by UB Photos.

নিতিন সেঠী আৰু কুমাৰ সম্ভৱ শ্ৰীৱাস্তৱ

 

নতুন দিল্লী: ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  যোৱা ২৪ মাৰ্চত সমগ্ৰ দেশতে লকডাউন ঘোষণা কৰাৰ ঠিক এসপ্তাহ পিছতে দেশৰ আগশাৰীৰ স্বাস্থ্য সংস্থা ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিচাৰ্ছ চমুকৈ আইচিএমআৰ-এ চৰকাৰক সাৱধান কৰি দিছিল যে ক’ভিড-১৯ মহামাৰীৰ প্ৰতিৰোধৰ ক্ষেত্ৰত লকডাউনৰ প্ৰভাৱ তেনেই সামান্য আৰু ক্ষণস্থায়ী হোৱাৰ লগতে এই লকডাউন কেৱল ২০-২৫ শতাংশ সংক্ৰমণ প্ৰতিৰোধতহে সহায়ক হ’ব।
  
চিকিৎসা বিজ্ঞানীসকলে চৰকাৰক সকীয়াই দিছিল যে মহামাৰী প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰে যদি আন বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন নকৰে তেন্তে লকডাউনৰ প্ৰভাৱ তেনেই সামান্য আৰু "ক্ষণস্থায়ী" হোৱাতো নিশ্চিত। 

আইচিএমআৰে ৰাজহুৱা নকৰিলেও তেওঁলোকৰ নিজাববীয়া এক অধ্যায়নৰ ওপৰত ভিত্তি কৰি এই বিষয়ে চৰকাৰক অৱগত কৰিছিল। উল্লেখযোগ্য যে, আইচিএমআৰ হৈছে চিকিৎসক, গৱেষক, মহামাৰী বিষেশজ্ঞক লৈ গঠিত ভাৰতৰ এটা অন্যতম চৰকাৰী সংস্থা আৰু দেশখনত কৰ’না ভাইৰাছ মহামাৰী প্ৰতিৰোধৰ ক্ষেত্ৰত সংস্থাটোক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দায়িত্ৱ অৰ্পণ কৰা হৈছে। ভাৰতত ২২ এপ্ৰিল পৰ্যন্ত কৰ’না মহামাৰীত মৃত্যু হৈছে ৬৫২ জন আৰু আক্ৰান্ত হৈছে ১৯,৮১৮ জন। 
 
আইচিএমআৰৰ তথ্যৰ উদ্ধৃতি দি এই মহামাৰী ৰোধৰ ক্ষেত্ৰত চৰকাৰৰ এজন শীৰ্ষ উপদেষ্টা বিনোদ কে পলে চৰকাৰক জনাই যে অনাগত কেইটামান দিনৰ ভিতৰতে এজনৰ পৰা আন এজনলৈ সহজ সংক্ৰমণ (Generalised transmission) স্পষ্ট হৈ পৰিব। 

প্ৰধানমন্ত্ৰীয়ে নিজে ঘোষণা কৰাৰ দৰে এই লকডাউনে 'আৰ্থিক দুৰৱস্থা’ৰ লগতে দৰিদ্ৰসকলক সমস্যাত পেলাইছে যদিও এই ব্যৱস্থাৰে সংক্ৰমণৰ সৰ্বোচ্চ হাৰ প্ৰায় ৪০ শতাংশ পৰ্যন্ত ৰোধ কৰিব পৰা যাব আৰু বিনোদ প'লে কোৱাৰ দৰে চৰকাৰে ইমান দিনে অপেক্ষা কৰি থকা কিছু বিজ্ঞানসন্মত পদক্ষেপ গ্ৰহণ কৰাৰ বাবে সময় পাব। 

এই পদক্ষেপসমূহৰ ভিতৰত আছে প্ৰভাৱান্বিত অঞ্চলসমূহত ঘৰে ঘৰে গৈ স্ক্ৰিনিঙৰ ব্যৱস্থা কৰা আৰু লক্ষণ দেখা পোৱা হোৱাসকলক অধিক মাত্ৰাত কোৱাৰেণ্টাইন কৰা। নিম্নোক্ত লেখ অংকনৰ জৰিয়তে প’লে যেতিয়া মহামাৰীয়ে সৰ্বোচ্চ সীমা পাব আৰু সংক্ৰমণ হ্ৰাস পাই মহামাৰী শাম কাটিব তেতিয়া কিদৰে এই পদক্ষেপসমূহৰ বাবে কৰ’নাক্ৰান্তৰ সংখ্যা যথেষ্ট হ্ৰাস পাব সেয়া আঙুলিয়াই দেখাইছে।

প্ৰেজেণ্টেশ্যনৰ সময়ত প’লে স্পষ্টকৈ কৈছে যে 'এই পদক্ষেপসমূহৰ বাবে প্ৰস্তুতি সম্পন্ন কৰি তোলাৰ পিছতহে লকডাউন ঘোষণা কৰাতো সাৰ্থক হৈ পৰিব’। তেওঁ কৈছে যে, চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰা সময়ৰে পৰা 'ৰাষ্ট্ৰীয় আৰু জিলা ভিত্তিক পৰিসংখ্যাৰ ক্ষেত্ৰত লকডাউন শেষ হোৱাৰ পূৰ্বৰ আনুমানিক ফলাফল পাবলৈ 'পৰিকল্পনা আৰু তথ্য সংগ্ৰহৰ’ বাবে এসপ্তাহ হাতত লোৱাতো প্ৰয়োজনীয় আছিল।

প’লৰ প্ৰেজেণ্টেশ্যনত জ্বৰ আৰু কাঁহত ভুগি থকা দেশৰ অসংখ্যা লোকক স্ক্ৰীণিং কৰিবৰ বাবে চৰকাৰক কেবাটাও বিষয়ত নিশ্চিত হৈ ল’বলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে। চৰকাৰে নিশ্চিত কৰিবলগীয়া এই বিষয়সমূহ হৈছেঃ

  • দৰিদ্ৰ লোকসকলক ঘৰে ঘৰে খাদ্য আৰু অত্যাৱশ্যাকীয় সামগ্ৰী যোগান ধৰা।
  • প্ৰতিখন জিলাতে ক’ভিড-১৯ৰ পৰীক্ষাৰ ব্যৱস্থা কৰা আৰু সংক্ৰমণৰ হাৰ পৰ্যবেক্ষণ কৰা।
  • সংক্ৰমিত লোকসকলক চিহ্নিত কৰিবৰ বাবে পৰীক্ষণকে আদি কৰি সকলো ব্যৱস্থা খৰতকীয়া কৰি তোলা।
  • অধিক জনসংখ্যাৰ ঘনত্ব থকা অঞ্চলসমূহ যেনে বস্তি অঞ্চল আদিত কেন্দ্ৰীয়ভাৱে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা।
  • সংক্ৰমণ অধিক হোৱা সময়ছোৱাত আইচিইউ আৰু চিকিৎসালয়ৰ বিছনাৰ সংখ্যা বৃদ্ধি কৰা।

প’লৰ মতে লকডাউন সত্বেও বিশেষজ্ঞসকলে পূৰ্বানুমান কৰা ক’ভিড-১৯ৰ সংক্ৰমণৰ সংখ্যা অনুযায়ী এপ্ৰিলৰ আৰম্ভণিৰ সময়লৈকে প্ৰয়োজনীয় ভেণ্টিলেটৰ আৰু চিকিৎসালয়ৰ বিছনা ভাৰতে সাজু কৰি তুলিব পৰা নাই।

প’লে উনুকিয়াই দিছে যে ক্ৰমাৎ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পোৱালৈ চাই সেই অনুপাতে চিকিৎসাৰ সুবিধা কৰিবলৈ দীঘলীয়া সময়ৰ প্ৰয়োজন হ’ব। তেওঁ এক হিচাপ কৰি দেখুৱাইছে যে যদিহে কোনো এক অঞ্চলত দিনে ৫০০ জন লোক সংক্ৰমিত হয় তেন্তে চৰকাৰে ১৫০ টা ভেণ্টিলেটৰ, ৩০০ আইচিইউ আৰু ১২০০-১৬০০ বিছনা উক্ত অঞ্চলত উপলব্ধ কৰাব লাগিব।

প’লৰ প্ৰেজেণ্টেশ্যন আইচিএমআৰ-এ কৰা গৱেষণাৰ ওপৰত ভিত্তি কৰি যুগুতোৱা আন এক প্ৰেজেণ্টেশ্যনৰ ওপৰত আধাৰিত। পৰিষদৰ গৱেষণাই ৰোগবিধৰ নিদানৰ বিষয়েও উল্লেখ কৰিছে।

 

'এক ভয়লগা পৰিমাণৰ সৈতে বৃহৎ সংখ্যক সংক্ৰমণ'

'সময় আৰু স্থানৰ ব্যৱধানত বৃহৎ সংখ্যক সংক্ৰমণৰ ফলত আক্ৰান্ত হোৱা লোকৰ সংখ্যা অতি ভয়াৱহ হৈ পৰাতো অৱশ্যাম্ভাৱী।’

আইচিএমআৰৰ খচৰা প্ৰেজেণ্টেশ্যনত এই পূৰ্বানুমানক গুৰুত্ব প্ৰদান কৰা হৈছে আৰু সেয়া চৰকাৰক আগবঢ়োৱা পৰামৰ্শত প’লেও উল্লেখ কৰিছে।
কিয়নো আইচিএমআৰৰ খচৰা প্ৰেজেণ্টেশ্যন এপ্ৰিলৰ প্ৰথম সপ্তাহত প’ললৈকো প্ৰেৰণ কৰা হৈছিল।

আইচিএমআৰে নিজাববীয়া মূল্যায়নত কৈছে যে ক’ভিড-১৯-ৰ সংক্ৰমণৰ সৰ্বোচ্চ সীমা লকডাউনৰ ফলত ৪০ শতাংশ হ্ৰাস পাব পাৰে বুলি ধাৰণা কৰাতো তত্বগতহে। বাস্তৱিকতে লকডাউনে এই সীমা ২০-২৫ শতাংশ পৰ্যন্ত হ্ৰাস কৰিব পাৰিব বুলিহে মত ব্যক্ত কৰিছে আইচিএমআৰৰ বিশেষজ্ঞসকলে।

 

এই মূল্যাংকনৰ দৃষ্টিৰে চালে পুনৰ ৩ মে’ ২০২০ লৈকে বৃদ্ধি কৰিবলগীয়া হোৱা পূৰ্বৰ ২১ দিনীয়া লকডাউন সফল হোৱা বুলি চৰকাৰে কৰা দাবী একপ্ৰকাৰ অসত্য হৈ পৰে।  ১৪ এপ্ৰিলত মোদীয়ে কৈছিল, 'যেতিয়া আমাৰ দেশত মাত্ৰ ৫৫০ জন কৰ’নাত আক্ৰান্ত হৈছিল তেতিয়াই ভাৰতে ২১ দিনীয়া সম্পূৰ্ণ লকডাউনৰ দৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ভাৰতে জটিলতা অধিক হৈ পৰালৈ অপেক্ষা নকৰিলে। ইয়াৰ পৰিৱৰ্তে আমি আৰম্ভণিতেই যিমান সম্ভৱ সিমান তাৎক্ষণিক সিদ্ধান্তৰে ইয়াক প্ৰতিহত কৰিবলৈ চেষ্টা কৰিলো।’ 

Article14-এ প’ল, স্বাস্থ্য মন্ত্ৰণালয় আৰু আইচিএমআৰক এই সন্দৰ্ভত আৰু অধিক জনাবলৈ বাৰ্তা প্ৰেৰণ কৰিছে। কিন্তু এই পৰ্যন্ত তেওঁলোকৰ পৰা কোনো প্ৰত্যুত্তৰ লাভ কৰা হোৱা নাই। যেতিয়াই আমি কোনো প্ৰত্যুত্তৰ লাভ কৰো তেতিয়াই এই প্ৰতিবেদনত সেয়া সংযোজন কৰা হ’ব।

১১ এপ্ৰিলত স্বাস্থ্য মন্ত্ৰণালয়ে সংবাদ মাধ্যমক লকডাউনৰ সাফল্যৰ উল্লেখ থকা এক লেখ চিত্ৰ প্ৰদান কৰে।

স্বাস্থ্য মন্ত্ৰণালয়ৰ মতে লকডাউন আৰু অন্যান্য পদক্ষেপৰ ফলত ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১০ এপ্ৰিল পৰ্য্যন্ত ২,০৮,০০০ৰ পৰিৱৰ্তে ৭,৪৭৭তে বা ৩.৬০ শতাংশতে সীমাৱদ্ধ হৈ ৰৈছে। 

লেখ চিত্ৰৰ হিচাপত বিশ্বৰ ভিতৰতে ভাৰতত যে অতি কম সংখ্যাক ক’ভিড-১৯ৰ টেষ্ট কৰা হৈছে সেয়া উল্লেখ কৰা হোৱা নাই বুলিও মন্তব্য কৰিছে বিশেষজ্ঞসকলে।  

'চৰকাৰে দাঙি ধৰা সংখ্যা বিশ্বাসযোগ্য নহয় কিয়নো আমাৰ টেষ্টিং হাৰ তেনেই সামান্য আৰু এপ্ৰিলৰ মাজভাগলৈকে লক্ষণ দেখা দিয়া কণ্টেক্ট হিষ্টৰী নথকাসকলক টেষ্টিঙৰ পৰা বাদ দিয়া হৈছে।’-এইদৰে কয় নেশ্যনেল হেলথ ছিষ্টেমছ ৰিছ’ৰ্চ চেণ্টাৰৰ প্ৰাক্তন কাৰ্যবাহী সঞ্চালক আৰু টাটা ইনষ্টিটিউট আব ছ’চিয়েল ছায়েন্সৰ স্কুল অব হেলথ ছিষ্টেম ষ্টাডিজৰ প্ৰাক্তন ডীন টি সুন্দৰমনে।

এয়া তাৎপৰ্যপূৰ্ণ যে পিছলৈ চৰকাৰে টেষ্টিং বৃদ্ধি কৰাৰ লগে লগে হটস্পট আৰু সংক্ৰমিত অঞ্চলৰ সংখ্যা মেট্ৰ’পলিটান চহৰসমূহ যেনে দিল্লী আৰু মুম্বাইত যথেষ্ট বৃদ্ধি পাইছে আৰু এই চহৰসমূহতে আছে দেশৰ মুঠ সংক্ৰমিত লোকৰ এক চতুৰ্থাংশ। 

লকডাউনৰ প্ৰথম সপ্তাহত, ৩১ মাৰ্চত চৰকাৰে উচ্চতম ন্যায়ালয়ৰ আগত দাবী কৰিছে, 'ভাইৰাছৰ সংক্ৰমণৰ শৃংখল ধ্বংস কৰিবলৈ আৰু সামাজিক ব্যৱধান সুনিশ্চিত কৰিবলৈ ৰাষ্ট্ৰযোৰা লকডাউন চিকিৎসাগত দিশটোৰ পৰা প্ৰয়োজনীয় বুলি জানিব পৰা গৈছে। ইয়াৰ বাবে চিকিৎসা বিশেষজ্ঞসকলৰ পৰা পৰামৰ্শও পোৱা হৈছে। এই সিদ্ধান্ত বিশেষজ্ঞসকলৰ সৈতে সবিশেষ আলোচনাৰ অন্তত সম্ভাৱ্য সকলো দিশ চালি-জাৰি চাই গ্ৰহণ কৰা হৈছে।’

সংক্ৰমণৰ সম্ভাৱনা থকা লোকসকলৰ মাজৰ তেনেই সীমিত সংখ্যকক টেষ্ট কৰি, সম্ভাৱ্য হটস্পটসমূহত সাধাৰণ পৰ্যবেক্ষণৰ জৰিয়তে চৰকাৰে সংক্ৰমণ কেৱল 'লোকেল ট্ৰান্সমিছন’ পৰ্যায় অৰ্থাৎ মূলত বিদেশৰ পৰা অহা লোকসকলৰ সংস্পৰ্শলৈ অহাসকলৰ মাজতে সীমাৱদ্ধ হৈ আছে বুলি ক’বলৈ চেষ্টা চলাই আহিছে।

 

আইচিএমআৰে কি অনুমোদন জনাইছে?

'নিয়ন্ত্ৰণৰ আন কোনো পদক্ষেপ গ্ৰহণ নকৰাকৈ লকডাউন উঠাই দিলে সংক্ৰমণ পুনৰ বৃদ্ধি পাব।’-এইদৰে কোৱা হৈছে আইচিএমআৰৰ আভ্যন্তৰীণ খচৰা প্ৰেজেণ্টেশ্যনত। এই পদক্ষেপসমূহৰ ভিতৰত আছে সমগ্ৰ দেশৰ প্ৰতিটো চুক-কোণৰ তথ্য সংগ্ৰহ কৰি, ঘৰে ঘৰে গৈ সপ্তাহত দুবাৰকৈ পৰ্যবেক্ষণ কৰা ক’ভিড-১৯ৰ উপসৰ্গই দেখা দিয়া সকলক অধিক হাৰত কোৱাৰেণ্টাইন কৰা।

লকডাউনে ক’ভিড-১৯ৰ সংক্ৰমণৰ ক্ষেত্ৰত সমগ্ৰ দেশতে কিদৰে প্ৰভাৱ পেলাইছে সেয়া বৰ্ণনা কৰিবলৈ দিল্লীৰ সংক্ৰমণৰ তথ্যৰ ওপৰত ভিত্তি কৰি আগতীয়া অনুমানৰ জৰিয়তে ২১ দিনীয়া লকডাউন সত্বেও দেশত অতিকমেও ১.৩ মিলিয়ন লোক সংক্ৰমিত হোৱাৰ সম্ভাৱনা আছে বুলিও মন্তব্য কৰিছে আইচিএমআৰে।

লকডাউনে সংক্ৰমণৰ সৰ্বোচ্চ সীমা পোৱাত বিলম্ব ঘটাব পাৰে বুলি উল্লেখ কৰি আইচিএমআৰে নিজৰ মূল্যাংকনত কৈছে যে লকডাউন অবিহনে সংক্ৰমণৰ সৰ্বোচ্চ সীমা প্ৰথমজন আক্ৰান্ত ধৰা পৰাৰ ১০০-১৫০ দিনৰ ভিতৰত হ’ব পাৰে আৰু লকডাউনৰ ফলত সেই সীমা পাওতে সময় ল’ব পাৰে ১৫০-২০০ দিন।

এই সময়ছোৱাত অৱশ্যে সমগ্ৰ দেশতে আক্ৰান্তৰ সংখ্যা একেই থাকিব।

মোদীয়ে লকডাউন ১৪ এপ্ৰিলত পুনৰ বৃদ্ধি কৰিছে। লকডাউন বৃদ্ধিয়ে সৰ্বোচ্চ সংক্ৰমণৰ 'ঢৌ’ক দুৰ্বল কৰি তুলিব পাৰে আৰু প্ৰযোজ্য কৰাত জটিলতাৰ সৃষ্টি কৰিব পাৰে বুলিও আইচিএমআৰে উল্লেখ কৰিছে।

'এতিয়ালৈ সংক্ৰমণ ৰোধ কৰাৰ জ্ঞাত উপায়সমূহৰ একমাত্ৰ উপায় হৈছে আগতীয়া কোৱাৰেণ্টাইন।’-ক’ভিড-১৯ পজিটিভ ধৰা পৰাৰ পিছত কৰা কোৱাৰেণ্টাইনৰ লগতে ৰোগবিধৰ উপসৰ্গই দেখা দিয়া সকলকো কোৱাৰেণ্টাইন কৰাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি এইদৰে কৈছে আইচিএমআৰে।

আইচিএমআৰৰ বিজ্ঞানীসকলে 'সমূহীয়া টেষ্ট আৰু কোৱাৰেণ্টাইনৰ ব্যৱস্থা’ৰ জৰিয়তে ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ পৰামৰ্শ আগবঢ়াইছে। বিজ্ঞানীসকলে উপসৰ্গই দেখা দিয়া প্ৰতি দুজন ব্যক্তিক ৪৮ ঘণ্টাৰ ভিতৰত আৰু উপসৰ্গই দেখা দিয়া প্ৰতি ৪ জনৰ ৩জনক উপসৰ্গই দেখা দিয়াৰ ৪ দিনৰ ভিতৰত কোৱাৰেণ্টাইন কৰাবলৈ কৈছে।

এতিয়ালৈ চৰকাৰে কেৱল মাত্ৰ ক’ভিড-১৯ পজিটিভ টেষ্ট কৰা হোৱাসকলকহে অথবা লক্ষণ দেখা দিয়াৰ পিছত নিজে চিকিৎসালয়লৈ অহাসকলকহে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে। আইচিএমআৰৰ বিজ্ঞানীসকলে ঘৰে ঘৰে গৈ অভিযান চলাই অধিক হাৰত পৰ্যবেক্ষণ আৰু টেষ্ট কৰাৰ লগতে উপসৰ্গই দেখা দিয়াসকলক লগে লগে কোৱাৰেণ্টাইন কৰিলৈকো পৰামৰ্শ আগবঢ়াইছে। 

অৰ্থাৎ তেওঁলোকৰ ভাষাত 'সংক্ৰমণৰ শৃংখল ভংগ কৰিবলৈ’ ২৪ মাৰ্চত চৰকাৰে দাবী কৰাৰ দৰেকৈ লকডাউনেই একমাত্ৰ উপায় নহয়।  

আইচিএমআৰৰ এই গৱেষণাৰ ভিত্তিত প’লে কৈছে যে লকডাউনে কেৱল চৰকাৰক সময়হে প্ৰদান কৰিব। এই সময়খিনিক চৰকাৰে টেষ্ট কৰাত আৰু চিকিৎসা সেৱা উন্নত কৰাত গুৰুত্ব দিবলৈ পৰামৰ্শ আগবঢ়াইছে প’লে আৰু ইয়াক প’লে 'ধাৰাবাহিক পৰিচৰ্যা’ হিচাপেও অভিহিত কৰিছে। তেওঁৰ প্ৰেজেণ্টেশ্যনত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে ৪৮ ঘণ্টাৰ ভিতৰত প্ৰতি দ্বিতীয়জন লক্ষণে দেখা দিয়া ব্যক্তিক কোৱাৰেণ্টাইন কৰা।

বৰ্তমানলৈ একপ্ৰকাৰ বলপূৰ্বকভাৱে আৰু আৰক্ষীৰ বৰ্বৰতাৰ দ্বাৰা জাপি দিয়া হোৱা মাত্ৰ ৪ ঘণ্টা সময় দি লক্ষ লক্ষ লোকক খাদ্য, বাসস্থান আৰু সংস্থাপনহীন কৰি তুলি ঘোষণা কৰা এই লকডাউনক লৈ ইতিমধ্যে সমালোচনাও হোৱা দেখা গৈছে। 

উপসৰ্গই দেখা দিয়া প্ৰতি দ্বিতীয় ব্যক্তিক সেয়া জানিব পৰা হোৱাৰ ৪৮ ঘণ্টাৰ ভিতৰত কোৱাৰেণ্টাইন কৰিবলৈ ৰণকৌশলত বৃহৎ পৰিৱৰ্তন ঘটাব লাগিব। অধিক হাৰত স্ক্ৰীণিং, পৰ্যবেক্ষণ, টেষ্টিং আৰু কোৱাৰেণ্টাইন দ্ৰুত গতিত কৰাবলৈকো প’লে পৰামৰ্শ আগবঢ়াইছে।

ৰাজহুৱাকৈ চৰকাৰ তথা প্ৰধানমন্ত্ৰীয়ে দাবী কৰিছে যে লকডাউন পূৰ্বপৰিকল্পিতভাৱেই কৰা হৈছে। 'যদিহে ভাৰতে সামগ্ৰিকভাৱে আৰু সুসংহতভাৱে আৰু সময়মতে তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণ নকৰিলেহেতেন তেন্তে আজি দেশত কি পৰিস্থিতিৰ উদ্ভৱ হ’লহেতেন সেয়া ভাবিবলৈকে ভয় লাগে।’-১৪ এপ্ৰিলত লকডাউন বৃদ্ধি কৰি এইদৰে কৈছিল মোদীয়ে। 'পূৰ্ব অভিজ্ঞতাৰ পৰা এয়া স্পষ্ট যে আমি বৰ্তমানৰ পৰিস্থিতিত সঠিক পথেৰেই আগবাঢ়িছো। লকডাউন আৰু সামাজিক ব্যৱধানৰ জৰিয়তে দেশে আশাব্যঞ্জক সফলতা লাভ কৰিছে। এতিয়া ভাৰতত ১ লাখৰো অধিক বিছনা আছে। সাজু হৈ আছে ৬০০ ৰো অধিক চিকিৎসালয়।’-মোদীয়ে আৰু কয়।

 

** এই অনুসন্ধানৰ শেষাংশ এই লিংকত পঢ়কhttps://www.assamtimes.org/node/22440

___________________

This is the first of a two-part series. The original version, in English,  of this series is published by Article14. It can be read at www.Article-14.com

Author info

Nitin Sethi's picture

Add new comment

Other Contents by Author

নতুন দিল্লী: মাহজাতীয় শস্যৰ নিলাম তথা বিতৰণ প্ৰক্ৰিয়াৰ নামত সমগ্ৰ দেশতে সংঘটিত হৈ আহিছে বৃহত অনিয়ম। কেন্দ্ৰ চৰকাৰৰ নতুন নিলাম নীতিৰ সুযোগ লৈ মিলিং কোম্পানীৰ একাংশ মালিকে দৰিদ্ৰ জনসাধাৰণক বঞ্চিত কৰি অনৈতিক উপায়েৰে অধিক মুনাফা অৰ্জন কৰাৰ ভয়ংকৰ তথ্য কভিড কালৰ মাজতে পোহৰলৈ অহাত দেশজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ২০১৭ চনৰ পৰা, কল্যাণমূলক আঁচনিৰ অধীনত মাহজাতীয় শস্য মিলিং আৰু বিতৰণৰ বাবে মিলাৰসকলক বাছনি কৰা চৰকাৰৰ ক্ৰয় সংস্থা নাফেডে আধাৰ মূল্য নিৰ্ধাৰণ নকৰাকৈ এহাজাৰৰো অধিক নিলাম অনুষ্ঠিত কৰে। এই নিলামৰ জৰিয়তে চৰকাৰী নিয়ম উলংঘা কৰি দেশৰ নিৰন্ন জনতাক মাধমাৰ শোধাই ৫.৪ লাখ টন মাহজাতীয় শস্য মিলিঙৰ নামত মিলাৰবোৰে চাৰি বছৰত কমেও ৪৬০০ কোটিৰো অধিক মুনাফা আদায় কৰাৰ তথ্য পোহৰলৈ আহিছে। কেবাখনো...
মৃদুলা ছাৰি আৰু নিতিন সেঠী মুম্বাইঃ ক’ভিড-১৯ মহামাৰীৰ তীব্ৰতাৰ ধাৰণা কৰিবলৈ আৰু লকডাউন প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰে যিসমূহ মাপদণ্ড ব্যৱহাৰ কৰিছিল সেইসমূহ আছিল ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিছাৰ্চ চমুকৈ আইচিএমআৰৰ অসম্পূৰ্ণ তথ্যৰ আধাৰত প্ৰস্তুত কৰা। Article 14-এ লাভ কৰা তথ্যত এয়া স্পষ্ট হৈ পৰিছে। ভাৰতত প্ৰথম ক’ভিড-১৯ৰ ঘটনা পোহৰলৈ অহাৰ ১০৭ দিন পিছত কেন্দ্ৰই ১৪ মে’ত ৭৮০০০ জন লোক কৰ’নাত আক্ৰান্ত হোৱা বুলি জনাইছে, কিন্তু চৰকাৰে কোৱা 'একমাত্ৰ নিৰ্ভৰযোগ্য তথ্যৰ উৎস’ আইচিএমআৰৰ ডাটাবেছ অপ্ৰামাণীকৃত তথ্য, ভুল নাম আৰু আন ধৰণৰ তথ্য সংগ্ৰহৰ ভুলেৰে ভৰি থকাতো আমাৰ অনুসন্ধানত পোহৰলৈ আহিছে। ২৯ এপ্ৰিলৰ দিনা চৰকাৰে জনোৱা আইচিএমআৰৰ তথ্যত ৫০২৪টা ভিন্ন ক’ভিড-১৯ৰ সংক্ৰমণৰ ঘটনা আৰু ৰাজ্যসমূহে ব্যৱহাৰ কৰা...
মৃদুলা ছাৰি আৰু নিতিন সেঠী মুম্বাইঃ ক’ভিড-১৯ৰ লক্ষণ দেখা দিয়া লোকসকলৰ চিনাক্ত কৰিবৰ বাবে ঘৰে ঘৰে গৈ পৰ্যবেক্ষণ কৰক। টেষ্টৰ ফলাফললৈ বাট নাচাই যিমান সম্ভৱ সিমান সোনকালে উপসৰ্গ ধৰা পৰাসকলক কোৱাৰেণ্টাইন কৰক। যদিহে ১৪ দিন ধৰি এনে কোৱাৰেণ্টাইন আৰু পৰ্যবেক্ষণৰ ব্যৱস্থা কৰা হয় তেন্তে এখন জিলাত ক’ভিড-১৯ৰ ঘটনা অতি কমেও ৪০ শতাংশ কমিব আৰু অনাগত দিনত সংক্ৰমিত হোৱাৰ আশংকা থকা সকলৰ বাবে চিকিৎসালয়ৰ আন্তঃগাথনি সাজু কৰি তুলিব লাগিব, তেতিয়াহে লকডাউন প্ৰত্যাহাৰ কৰিব পৰা যাব। যেতিয়া এই আটাইবোৰ ব্যৱস্থা কৰা হ’ব তেতিয়াহে প্ৰতিখন জিলাতে লকডাউন প্ৰত্যাহাৰ কৰিব পৰা যাব বুলি চৰকাৰক পৰামৰ্শ আগবঢ়াইছিল ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিচাৰ্ছ চমুকৈ আইচিএমআৰে। Article14-এ এপ্ৰিলৰ প্ৰথম সপ্তাহত আইচিএমআৰে চৰকাৰৰ আগত...
নিতিন সেঠী আৰু কুমাৰ সম্ভৱ শ্ৰীৱাস্তৱ নতুন দিল্লীঃ আভ্যন্তৰীণ বৈঠক আৰু প্ৰেজেণ্টেশ্যনৰ তথ্য অনুযায়ী বিজ্ঞানীসকলে কৰ’না মহামাৰীক লৈ সাজু হ’বলৈ সকীয়নি দি অহাৰ পিছতো ভাৰত চৰকাৰে কাৰ্যব্যৱস্থা গ্ৰহণত যে বিলম্ব কৰিছিল সেয়া Article14-এ জানিব পাৰিছে। 'ব্যৱস্থা গ্ৰহণ কৰিলে সকলো ঠিকেই থাকিব।’-যোৱা ২৯ মাৰ্চত সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ ভেষজ বিভাগৰ মূৰব্বী নবীত উইগে চৰকাৰে গঠন কৰি দিয়া স্বাস্থ্য বিশেষজ্ঞৰ টাস্ক ফৰ্চৰ সদস্যসকলৰ আগত এইদৰে কৈছিল। 'এই বৈঠক বহু সময় ধৰি চলিছিল আৰু কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল। আমি সত্যতো ক’বই লাগিব।’-তেওঁ কয়। 'যদিহে আমি মুম্বাই, পুণে, দিল্লী অথবা বাংগালুৰুৰ লোকসকলক তেওঁলোকৰ নিজৰ চহৰত কি ঘটি আছে সেয়া ক’বলৈ সমৰ্থ নহয়, তেন্তে ৭০০ খন জিলাক কেনেকৈ...