Skip to content Skip to navigation

কৰ’নাৰ বিৰুদ্ধে যুদ্ধ! বিজ্ঞানীৰ পৰামৰ্শক আওকাণ চৰকাৰৰ, অথলে গ’ল এমাহ

A boy selling masks in Hailakandi town, Assam 23-04-2020 during lockdown. Photo by UB Photos.
A boy selling masks in Hailakandi town, Assam 23-04-2020 during lockdown. Photo by UB Photos.

নিতিন সেঠী আৰু কুমাৰ সম্ভৱ শ্ৰীৱাস্তৱ

নতুন দিল্লীঃ আভ্যন্তৰীণ বৈঠক আৰু প্ৰেজেণ্টেশ্যনৰ তথ্য অনুযায়ী বিজ্ঞানীসকলে কৰ’না মহামাৰীক লৈ সাজু হ’বলৈ সকীয়নি দি অহাৰ পিছতো ভাৰত চৰকাৰে কাৰ্যব্যৱস্থা গ্ৰহণত যে বিলম্ব কৰিছিল সেয়া Article14-এ জানিব পাৰিছে।

'ব্যৱস্থা গ্ৰহণ কৰিলে সকলো ঠিকেই থাকিব।’-যোৱা ২৯ মাৰ্চত সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ ভেষজ বিভাগৰ মূৰব্বী নবীত উইগে চৰকাৰে গঠন কৰি দিয়া স্বাস্থ্য বিশেষজ্ঞৰ টাস্ক ফৰ্চৰ সদস্যসকলৰ আগত এইদৰে কৈছিল। 'এই বৈঠক বহু সময় ধৰি চলিছিল আৰু কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল। আমি সত্যতো ক’বই লাগিব।’-তেওঁ কয়।

'যদিহে আমি মুম্বাই, পুণে, দিল্লী অথবা বাংগালুৰুৰ লোকসকলক তেওঁলোকৰ নিজৰ চহৰত কি ঘটি আছে সেয়া ক’বলৈ সমৰ্থ নহয়, তেন্তে ৭০০ খন জিলাক কেনেকৈ অৱগত কৰিব পৰা যাব?’-একেখন বৈঠকত এনেদৰে প্ৰশ্ন কৰিছিল টাস্ক ফৰ্চৰ এজন সদস্যই।

২৪ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰজুৰি লকডাউন ঘোষণা কৰাৰ ৪ দিন পিছত তেওঁৰ চৰকাৰৰ স্বাস্থ্য বিশেষজ্ঞসকলৰ দ্বাৰা গঠিত টাস্ক ফৰ্চৰ সদস্যসকলে এক বৈঠকত মিলিত হৈছিল দিল্লীস্থিত এইমছত।

এই বৈঠকত অংশগ্ৰহণ কৰি ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিচাৰ্ছ চমুকৈ আইচিএমআৰৰ মহামাৰী আৰু সংক্ৰমিত ৰোগ শাখাৰ মূৰব্বী ৰমন গংগাখেদকাৰ আৰু আগশাৰীৰ বিজ্ঞান সংস্থাসমূহৰ সদস্যসকলে চৰকাৰৰ আন মহামাৰী আৰু স্বাস্থ্য বিশেষজ্ঞসকলৰ সৈতে আলোচনা কৰিছিল।

আমাৰ হাতত আহি পৰা তথ্যসমূহ বিশ্লেষণৰ অন্তত দেখা গৈছে যে চৰকাৰে কোনোধৰণৰ স্পষ্ট পৰিকল্পনা নকৰাকৈ দেশবাসীৰ ওপৰত লকডাউন জাপি দিছিল। আনকি কৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাসকলক কিদৰে পৰীক্ষা কৰা হ’ব সেই সম্পৰ্কেও লকডাুন ঘোষণা কৰাৰ সময়ত চৰকাৰৰ নাছিল কোনো নিৰ্দিষ্ট নিয়ম। আগতীয়াকৈ পৰামৰ্শ আগবঢ়োৱাৰ পিছতো এনেদৰে পৰিকল্পনাবিহীনভাৱে লকডাউন জাপি দিয়াক লৈ এতিয়া অসন্তুষ্টি ব্যক্ত কৰিছে বিশেষজ্ঞসকলে।

তথ্যত আৰু দেখা গৈছে যে লকডাউন ঘোষণা কৰাৰ সময়ত চৰকাৰে শীৰ্ষস্থানীয় বিজ্ঞানীসকলৰ পৰামৰ্শসমূহকো সম্পূৰ্ণৰূপে অৱজ্ঞা কৰিছিল। ফেব্ৰুৱাৰী মাহত কৰা গৱেষণাত লাভ কৰা ফলাফল অনুযায়ী এইসকল বিজ্ঞানীয়ে বৰ্তমান প্ৰযোজ্য হৈ থকা লকডাউনৰ পৰিৱৰ্তে চৰকাৰক 'সামূহিক আৰু সমাজ নেতৃত্বাধীন স্বেচ্ছামূলক কোৱাৰেণ্টাইন আৰু স্বেচ্ছামূলক পৰ্যবেক্ষণ’ৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল।

এই গৱেষণাৰ জৰিয়তে চৰকাৰে হাতত লোৱা পদক্ষেপ সমূহ পৰ্যাপ্ত নোহোৱালৈ চাই ভাৰতত কৰ’না ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে বুলিও সকীয়ানি প্ৰদান কৰিছিল। সেয়ে বিজ্ঞানীসকলে ৰাষ্ট্ৰীয়ভাৱে পৰ্যবেক্ষণৰ ব্যৱস্থাসহ টেষ্টিং আৰু কোৱাৰেণ্টাইনৰ সুবিধা উন্নত কৰিবলৈ আৰু স্বাস্থ্য কৰ্মীসকলক সুৰক্ষা কবচ প্ৰদানৰ ব্যৱস্থা কৰাত গুৰুত্ব দিবলৈকো চৰকাৰক পৰামৰ্শ দিছিল।

গৱেষণা সম্পন্ন কৰা এইসকল বিজ্ঞানীৰ অধিকাংশকে পৰৱৰ্তী সময়ত চৰকাৰে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিবলৈ চৰকাৰে গঠন কৰা টাস্ক ফ’ৰ্চতো নিযুক্তি দিয়া হয়।

এমাহতকৈয়ো অধিক সময় ধৰি কৰা গৱেষণাৰ অন্তত বিজ্ঞানীসকলে দিয়া পৰামৰ্শ কোনো কামতেই নলগালে। ইয়াৰ পৰিৱৰ্তে কোনোধৰণৰ পৰিকল্পনা অবিহনে মাত্ৰ চাৰি ঘণ্টাৰ সময় দি চৰকাৰে লকডাউন ঘোষণা কৰাৰ ফলত সমগ্ৰ দেশতে লক্ষ লক্ষ দৰিদ্ৰ শ্ৰমিকে থকা ঠাই হেৰুওৱাৰ লগতে এসাজ ভাতৰ বাবেও হাহাকাৰ কৰিবলগীয়াত পৰে।

এপ্ৰিলৰ প্ৰথম সপ্তাহত এই মহামাৰী ৰোধৰ ক্ষেত্ৰত চৰকাৰৰ এজন শীৰ্ষ উপদেষ্টা, নিটি আয়োগৰ (চৰকাৰৰ থিংক টেংক) সদস্য বিনোদ কে পলে কৈছিল যে লকডাউন হৈছে বিজ্ঞানসন্মত পৰিকল্পনা বা পদক্ষেপ সাজু কৰি তোলাৰ উপযুক্ত সময়।

এই পদক্ষেপসমূহৰ ভিতৰত আছে প্ৰভাৱান্বিত অঞ্চলসমূহত অধিক মাত্ৰাত কোৱাৰেণ্টাইন কৰা, দৰিদ্ৰসকলক খাদ্য সামগ্ৰী প্ৰদান কৰা, সংক্ৰমিতসকলৰ বিষয়ে খৰতকীয়াকৈ তথ্য সংগ্ৰহ কৰা, প্ৰতিখন সময়ৰ পূৰ্বেই বৃদ্ধি কৰা। প’লে আৰু কৈছিল যে চৰকাৰে এই পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে আগতীয়াকৈ হাতত আৰু এসপ্তাহ সময় ল’ব লাগিছিল।

তথ্যৰ পৰা দেখা গৈছে যে প’লে আগবঢ়োৱা কাৰ্যকৰী পৰিকল্পনা কোনো নতুন নাছিল, সেয়া আছিল গৱেষকসকলে যোৱা ফেব্ৰুৱাৰী মাহত কৰা গৱেষণাৰ আধাৰত প্ৰস্তুত কৰা পৰিকল্পনা। বিজ্ঞানীসকলে মন্তব্য কৰিছিল যে সংক্ৰমণৰ লক্ষণ দেখা পোৱা হোৱাসকলক সেয়া জানিব পৰাৰ ৪৮ ঘণ্টাৰ ভিতৰত কোৱাৰেণ্টাইন কৰিলেহে মহামাৰীৰ বিয়পি পৰাৰ সম্ভাৱনা ৬২ শতাংশলৈ হ্ৰাস পাব। ইয়াৰ লগতে মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পৰাও ভাৰতক বচাই ৰাখিব পৰা যাব বুলিও আশা ব্যক্ত কৰিছিল বিজ্ঞানীসকলে।

কিন্তু চৰকাৰক নিজৰ বিজ্ঞানীসকলৰ পৰামৰ্শ আংশিকভাৱে কাৰ্যকৰী কৰিবলৈকো এমাহতকৈ অধিক সময়ৰ প্ৰয়োজন হ’ল।

Article14-এ প’ল, স্বাস্থ্য মন্ত্ৰণালয় আৰু আইচিএমআৰক এই সন্দৰ্ভত আৰু অধিক জনাবলৈ বাৰ্তা প্ৰেৰণ কৰিছে। কিন্তু এই পৰ্যন্ত তেওঁলোকৰ পৰা কোনো প্ৰত্যুত্তৰ লাভ কৰা হোৱা নাই। যেতিয়াই আমি কোনো প্ৰত্যুত্তৰ লাভ কৰো তেতিয়াই এই প্ৰতিবেদনত সেয়া সংযোজন কৰা হ’ব।

তলত মহামাৰীবিধক লৈ চৰকাৰৰ ভিতৰচ’ৰাত কিদৰে কেতিয়া কি কি হৈছিল সেয়া আগবঢ়োৱা হ’ল।

 

ফেব্ৰুৱাৰীঃ গৱেষণা আৰু সকীয়নি

জানুৱাৰীঃ বিশ্ব স্বাস্থ্য সংস্থাৰ সতৰ্কবাণী আৰু ৩০ জানুৱাৰীত ভাৰতত প্ৰথমটো কৰ’না পজিটিভ ধৰা পৰাৰ পূৰ্বে আইচিএমআৰৰ একাংশ বিজ্ঞানীয়ে আন সংস্থাৰ সৈতে সংঘৱদ্ধভাৱে কাম কৰি কিদৰে মহামাৰীবিধৰ সৈতে ভাৰতে মোকাবিলা কৰিব পাৰিব সেই সম্পৰ্কে গুণা-গঁথা আৰম্ভ কৰে।

ফেব্ৰুৱাৰীৰ শেষৰ সপ্তাহত তেওঁলোকে দুখন প্ৰতিবেদন সাজু কৰি তোলে। ইয়াৰে এখন হৈছে পৰ্যালোচনা বিষয়ক আৰু আনখন কিদৰে প্ৰযোজ্য কৰিব পৰা যাব তাৰ আৰ্হি। দুয়োখনেই আইচিএমআৰৰ সঞ্চালক প্ৰধান বলৰাম ভাৰ্গৱৰ অধ্যক্ষতাৰ ইণ্ডিয়ান জাৰ্ণেল অব মেডিকেল ৰিচাৰ্ছত প্ৰকাশ পাই আৰু সেয়া চৰকাৰেও লাভ কৰে।

'দ্য ২০১৯ নভেল কৰ’না ভাইৰাছ ডিজিছ (ক’ভিড-১৯) পেনাডেমিকঃ এ ৰিভিউ অব দ্য কাৰেণ্ট এভিডেন্স’ শীৰ্ষক প্ৰথমখন প্ৰতিবেদন যুগুত কৰিছে চৰকাৰৰ স্বাস্থ্য গৱেষণা বিভাগৰ প্ৰণৱ চেটাৰ্জী, অৰূপ অগ্ৰৱাল, স্বৰূপ সৰকাৰ, মৌলানা আজাদ মেডিকেল কলেজৰ নাজিয়া নেগী, ট্ৰেন্সমিছনেল হেলথ ছায়েন্স এণ্ড টেকন’লজি ইনষ্টিটিউটৰ ভৱতোষ দাস, বিশ্ব স্বাস্থ্য সংস্থাৰ সয়ান্তন বেনাৰ্জী আৰু আইচিএমআৰৰ নিবেদিতা গুপ্তা আৰু ৰমন আৰ গংগাখেদকাৰে।

চীনৰ দৰে লকডাউন ভাৰতত প্ৰযোজ্য কৰিবলৈ গ’লে সমস্যাৰ উদ্ভৱ হ’ব বুলি সকীয়াই দি প্ৰতিবেদনখনত কোৱা হৈছে, 'প্ৰশাসনৰ জৰিয়তে বলপূৰ্বক কোৱাৰেণ্টাইনৰ পৰিৱৰ্তে সামূহিক আৰু সমাজে নেতৃত্ব দিয়া স্বেচ্ছামূলক কোৱাৰেণ্টাইন আৰু স্বেচ্ছামূলক পৰ্যবেক্ষণৰ ব্যৱস্থা কৰাতো হ’ব ক’ভিড-১৯ৰ দৰে মহামাৰীক ৰোধ কৰাৰ ক্ষেত্ৰত অধিক বহনক্ষম আৰু ফলপ্ৰসূ কাৰ্যব্যৱস্থা।’

'প্ৰুডেণ্ট পাব্লিক হেলথ ইন্টাৰভেনশ্যন ষ্ট্ৰেটেজিছ টু কন্ট্ৰ’ল দ্য কৰ’না ভাইৰাছ ডিজিছ ২০১৯ ট্ৰান্সমিশ্যন ইন ইণ্ডিয়াঃ এ মেথামেটিকেল মডেল বেছড এপ্ৰ’ছ’ শীৰ্ষক দ্বিতীয়খন প্ৰতিবেদন সন্মিলিতভাৱে প্ৰস্তুত কৰিছে চৰকাৰৰ স্বাস্থ্য গৱেষণা বিভাগৰ সন্দীপ মণ্ডল, অনুপ অগ্ৰৱাল, অমৰ্ত্য চৌধুৰী, স্বৰূপ সৰকাৰ, আইচিএমআৰৰ তৰুণ ভাটনাগৰ, মনোজ মুঢ়েকাৰ, ৰমন আৰ গংগাখেদকাৰ আৰু ইম্পেৰিয়েল কলেজ, লণ্ডনৰ নিমালন এৰিনামিনাপট্টিয়ে।

দ্বিতীয়খন প্ৰতিবেদনত ভাৰতৰ ৪খন প্ৰধান চহৰ দিল্লী, কলকাতা, মুম্বাই আৰু বাংগালুৰুত হ’ব পৰা সম্ভাব্য সক্ৰমণৰ বিস্তাৰ সম্পৰ্কে উল্লেখ কৰা হৈছে। এই প্ৰতিবেদনত কোৱা হৈছে যে আগতীয়াকৈ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ নকৰিলে কেৱল দিল্লীতেই অকলে ১.৫ মিলিয়ন লোকৰ দেহত ক’ভিড-১৯ৰ লক্ষণ দেখা দিব পাৰে। বিজ্ঞানীসকলে প্ৰতিবেদনখনত আৰু কৈছে যে লক্ষণ দেখা দিয়াসকলৰ প্ৰতি দুজনৰ এজনক যদিহে গম পোৱাৰ ৩ দিনৰ ভিতৰত কোৱাৰেণ্টাইন কৰিব পৰা যায় তেন্তে এই মহামাৰীৰ ভয়াৱহতা ৬২ শতাংশ পৰ্যন্ত হ্ৰাস পাব।

 

Advice given by senior scientists at Indian Council of Medical Research  in February 2020 against a coercive-lockdown. The advice was ignored as the government imposed the nationwide lockdown on March 24.

Sourcehttp://www.ijmr.org.in/preprintarticle.asp?id=281608;type=2

 

প্ৰথমখন অথবা দুয়োখন প্ৰতিবেদন প্ৰস্তুত কৰাৰ সৈতে জড়িত আইচিএমআৰৰ বিজ্ঞানী সৰকাৰ, গংগাখেদকাৰস মুঢ়েকাৰ আৰু ভাটনাগৰ হৈছে ক’ভিড-১৯ৰ বাবে চৰকাৰে গঠন কৰি দিয়া ২১ জনীয়া টাস্ক ফ’ৰ্চৰো সদস্য। সৰকাৰ হৈছে আইচিএমআৰৰ অধ্যক্ষ আৰু গংগাখেদকাৰ হৈছে চৰকাৰৰ আগশাৰীৰ বিজ্ঞান বিষয়ক পৰামৰ্শ প্ৰদান কৰা সংস্থা নেশ্যনেল টাস্ক ফৰ্চৰ সদস্য সচিব। মহামাৰী সন্দৰ্ভত নতুন দিল্লীত প্ৰতিদিনে সংবাদ মাধ্যমক সম্বোধন কৰাৰ সময়ত গংগাখেদকাৰো প্ৰায়েই উপস্থিত থাকে।

প্ৰতিবেদন প্ৰস্তুত কৰা বিজ্ঞানীসকলৰ মাজৰ এগৰাকীয়ে Article14ৰ নাম প্ৰকাশ নকৰাৰ চৰ্তত কৈছে যে ৰাষ্ট্ৰজোৰা লকডাউন কোৱাৰেণ্টাইন অথবা সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ সৈতে একে নহয়। 'ভাৰতৰ পৰিস্থিতিলৈ চালে দেখা যায় যে লকডাউনে কেৱল কম ঘনত্ব থকা আৰু আহল-বহল অট্টালিকাত বাস কৰা ধনীক শ্ৰেণীকহে ছ’চিয়েল আইছ’লেশ্যনৰ সুবিধা প্ৰদান কৰিব। এক অৰ্থত ক’বলৈ হ’লে লকডাউনৰ ফলত এই শ্ৰেণীৰ লোকসকলেহে সংক্ৰমণৰ পৰা ৰক্ষা পৰিব।’-বিজ্ঞানীগৰাকীয়ে কয়।

Recommendation based on mathematical modelling by senior scientists at Indian Council of Medical Research in February 2020. They advised for early quarantining of people showing symptoms of Covid-19. An option the government that Niti Aayog member V K Paul finally presented to the government in April.
Sourcehttp://www.ijmr.org.in/preprintarticle.asp?id=281325;type=2

'কিন্তু দুখীয়া লোকসকলৰ ক্ষেত্ৰত ঘৰে ঘৰে গৈ পৰীক্ষা ব্যৱস্থা নকৰিলে আৰু লক্ষণ দেখাসকলক যিমান সম্ভৱ সিমান তৎপৰতাৰে কোৱাৰেণ্টাইন নকৰিলে লকডাউনে আন্তঃসমুদায়ৰ মাজত ভাইৰাছবিধ বিয়পি পৰাতহে অধিক সহায় কৰিব।’-বিজ্ঞানীগৰাকীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। 'নগৰাঞ্চলৰ দৰিদ্ৰ লোকসকলে তেনেই সৰু সৰু ঘৰত বাস কৰে আৰু তেওঁলোকৰ বাথৰুম, পানী সংগ্ৰহ কৰা স্থান আদি উমৈহতীয়া  হয়। লকডাউনৰ ফলত এইসকল লোকে একেৰাহে কেবাদিনো তেনেই কম পৰিসৰতে একেলগে সমূহীয়াভাৱে থাকিবলৈ বাধ্য হৈ পৰিছে। কল্পনা কৰকচোন, এজন কৰ’না পজিটিভ লোকে যদি আন ১০০ জন লোকৰ সৈতে ৰাজহুৱা টয়লেট ব্যৱহাৰ কৰে, তেন্তে প্ৰতিদিনে কিমান লোকলৈ কৰ’না বিয়পি পৰিব তাৰ কোনো নিশ্চয়তা নাথাকিব। আনহাতে বলপূৰ্বকভাৱে জাপি দিয়া লকডাউনৰ ফলত তেওঁলোকে সময়মতে চিকিৎসাৰ বাবেও চিকিৎসালয়লৈ যাব নোৱাৰিব।’-অপৰিকল্পিত লকডাউনৰ ভয়াৱহতা সম্পৰ্কে উল্লেখ কৰি তেওঁ কয়। 

দুৰ্ভাগ্যজনক কথা এয়ে যে ফেব্ৰুৱাৰী মাহতে কৰা হোৱা এই গৱেষণাৰ ফলাফলসমূহলৈ কোনো গুৰুত্বই নিদিলে চৰকাৰে।

মাৰ্চঃ টাস্ক ফ’ৰ্চ আৰু লকডাউন

১৮ মাৰ্চত চৰকাৰে নিটি আয়োগৰ সদস্য প’লৰ নেতৃত্বত ক’ভিড-১৯ক প্ৰতিহত কৰিবলৈ ২১ গৰাকী বিজ্ঞানী আৰু স্বাস্থ্য বিশেষজ্ঞৰ অন্তৰ্ভুক্তিৰে এখন টাস্ক ফ’ৰ্চ গঠন কৰি দিয়ে।

টাস্ক ফ’ৰ্চৰ পৰামৰ্শ লৈ ২৪ মাৰ্চত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰযোৰা ২১ দিনীয়া লকডাউন ঘোষণা কৰে। 

ইয়াৰ চাৰিদিন পিছত, টাস্ক ফ’ৰ্চৰ সদস্যসকলে পুনৰ বৈঠকত মিলিত হয়।

তেতিয়াই এইমছৰ মেডিচিন বিভাগৰ মূৰব্বী ডাঃ উইগে ক’ভিড-১৯ক প্ৰতিহত কৰিবলৈ বিজ্ঞানসন্মত কাৰ্যব্যৱস্থা গ্ৰহণত সুৰুঙা ৰৈ যোৱাত অসন্তুষ্টি প্ৰকাশ কৰে। 'মই কৈ থকা কথাটো হৈছে মহামাৰী ৰোধৰ ক্ষেত্ৰত টাস্ক ফ’ৰ্চৰ কৰণীয় কি?’-উইগৰ প্ৰশ্ন। 'মই নাজানো... আমি কি দিব পাৰিছো? এই টাস্ক ফ’ৰ্চে কি কৰিছে সেয়াও নাজানো। আমি আৰু ভাবিব লাগিব। সেয়ে আমি বিজ্ঞানীসকলে কি দিছো আমাক জনাওক।’-অসন্তুষ্ট উইগে কয়।


এই প্ৰশ্নৰ উত্তৰত আইচিএমআৰৰ মহামাৰী আৰু সংক্ৰমিত ৰোগ শাখাৰ মূৰব্বী আৰু নেশ্যনেল টাস্ক ফ’ৰ্চৰ সদস্য সচিব গংগাখেদকাৰে ক্ষোভেৰে কয়, 'এয়া অতি উত্তম প্ৰশ্ন। কিন্তু সেয়া মোক সুধি লাভ নাই। মই দায়িত্বত নাই। (টাস্ক ফ’ৰ্চৰ নেতৃত্বত আছে নিটি আয়োগৰ সদস্য প’ল আৰু সহকাৰী নেতৃত্বত আছে কেন্দ্ৰীয় স্বাস্থ্য সচিব প্ৰীতি ছুডান আৰু আইচিএমআৰৰ সঞ্চালক প্ৰধান ভাৰ্গৱ। কিন্তু টাস্ক ফ’ৰ্চৰ উক্ত গুৰুত্বপূৰ্ণ বৈঠকত তেওঁলোক ৩জনৰ এজনো সেইদিনা উপস্থিত নাছিল।) আনকি আপোনাৰ দৰেকৈ ময়ো একেটাই প্ৰশ্ন কৰিব বিচাৰিছো যে টাস্ক ফ’ৰ্চৰ কাম কি?’  

বৈঠকত ভাগ লোৱা আন এজন মহামাৰী বিশেষজ্ঞই কয়, 'মূল সমস্যাতো হৈছে লকডাউনৰ বাবে মানুহবোৰ চিকিৎসালয়লৈ অহা নাই। আমি শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ পৰ্যবেক্ষণৰ সকলো ব্যৱস্থা কৰিছো, কিন্তু চিকিৎসালয়লৈ তেনেই কম সংখ্যাক লোকহে আহিছে। সেয়ে মূল কথাটো হ’ল আমি ঘৰে ঘৰে যোৱাৰ ব্যৱস্থা কৰিব লাগিব। কিন্তু কথাটো হ’ল সেয়া কোনে কৰিব? আইডিএছপি (ইণ্টিগ্ৰেটেড ডিজিছ ছাৰ্ভেইলেন্স প্ৰগ্ৰেম)-এ কৰিব নে জিলা প্ৰশাসনে কৰিব সেয়া আমি প্ৰথমে বিচাৰ কৰি উলিয়াব লাগিব।’ 
 
তেওঁলোকৰ আলোচনাত এয়াও স্পষ্ট হৈ পৰে যে মাৰ্চৰ শেষলৈকে চৰকাৰে ক’ভিড-১৯ৰ লক্ষণ দেখা দিয়াসকলক পৰ্যবেক্ষণৰ বাবে পৰ্যাপ্ত একো ব্যৱস্থাই নকৰিলে আৰু লকডাউনে এইক্ষেত্ৰত সহায় কৰাৰ পৰিৱৰ্তে ক্ষতিহে কৰিলে। ইয়াৰ লগতে এই পৰ্যবেক্ষণ কিদৰে বিস্তাৰ কৰা হ’ব সেই সম্পৰ্কেও কোনো স্পষ্ট নিৰ্দেশনা প্ৰদান নকৰিলে। 
 
বৈঠকত আন কেবাগৰাকী বিশেষজ্ঞই সহমত পোষণ কৰে যে ৰোগৰ সংক্ৰমণ ধৰা পেলোৱাতো লকডাউনৰ ফলত ইনফ্লুয়েঞ্জা সদৃশ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ’লে লক্ষণ দেখা দিয়া লোকসকল চিকিৎসালয়লৈ আহিব নোৱৰা বাবে কষ্টকৰ হৈ পৰিছে। 

আইচিএমআৰৰ এগৰাকী জ্যেষ্ঠ মহামাৰী বিশেষজ্ঞই নাম প্ৰকাশ নকৰাৰ চৰ্তত Article14ক কয় যে 'টেষ্টিং কিধৰণে কৰা হ’ব’ সেই সম্পৰ্কে এতিয়াও টাস্ক ফ’ৰ্চত ভালদৰে আলোচনা হোৱাই নাই। তেওঁ কয় যে অনাগত দিনত পৰীক্ষণৰ সঠিক আৰু কাৰ্যকৰী বিজ্ঞানসন্মত কৌশল সম্পৰ্কে আইচিএমআৰৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

বৈঠকত “case definition” সম্পৰ্কে দীঘলীয়া আলোচনা চলে আৰু কিদৰে ৰোগ চিনাক্তকৰণ তথা সমূহীয়া পৰ্যবেক্ষণৰ বাবে একক মাপদণ্ড বিচাৰি উলিয়াব পৰা যায় সেই বিষয়টোৱেও গুৰুত্ব লাভ কৰে। লগতে এই পৰ্যবেক্ষণ কোনে কৰিব, লকডাউনৰ সময়ত লক্ষণ দেখা দিয়া লোকসকলে নিজেই চিকিৎসালয়লৈ অহাৰ পৰিৱৰ্তে কেনেদৰে কোনে ঘৰে ঘৰে গৈ পৰীক্ষাৰ ব্যৱস্থা কৰিব সেই বিষয় সম্পৰ্কেও বৈঠকত আলোচনা কৰা হয়।
 
বৈঠকত টাস্ক ফ’ৰ্চৰ এগৰাকী সদস্যই কয়, 'লকডাউনৰ পিছতে আমি কৈ আছো যে মানুহে চিকিৎসালয়লৈ যাব পৰা নাই, কিন্তু আমি স্বাস্থ্য মন্ত্ৰণালয়ে কি কৰিছে সেয়াও বিচাৰ কৰি চোৱা উচিত। ইতিমধ্যে বহুকেইখন ৰাজ্যই এপৰ জৰিয়তে ছেল্ফ-ৰিপ’ৰ্টিঙৰ ব্যৱস্থা আৰম্ভ কৰিছে।’
 
গংগাখেদকাৰে বৈঠকত কয় যে টেষ্টিঙৰ প্ৰট’কল সন্দৰ্ভত যিহেতু সিদ্ধান্ত চূড়ান্ত হোৱা নাই সেয়ে এই বিষয়ে তেওঁ আইচিএমআৰৰ সঞ্চালক প্ৰধান আৰু অন্য গৱেষকসকলৰ সৈতে আলোচনা কৰিব।

এপ্ৰিলঃ ফেব্ৰুৱাৰীৰ গৱেষণাৰ ফলাফল মূল্যায়ন প’লৰ

এপ্ৰিলৰ প্ৰথম সপ্তাহত নিটি আয়োগৰ সদস্য প’লে চৰকাৰক পৰামৰ্শ আগবঢ়াই যে এই সময়ত ধাৰাবাহিক পৰিচৰ্যাৰ (continuum of care) প্ৰয়োজন আছে যিটো নেকি আইচিএমআৰৰ গংগাখেদকাৰসহ কেবাগৰাকী বিজ্ঞানী আৰু গৱেষকে গৱেষণা পত্ৰত পূৰ্বতেই উল্লেখ কৰিছে।

প’লে বিজ্ঞানীসকলে কোৱাৰ দৰেকৈ লকডাউনতকৈও লক্ষণ দেখা দিয়াসকলক কোৱাৰেণ্টাইনৰ লগতে সমূহীয়া পৰ্যবেক্ষণ আৰু পৰীক্ষণত অধিক গুৰুত্ব দিবলৈকো চৰকাৰক আহ্বান জনায়। 

প’লে কোৱা নাই যে লকডাউন প্ৰত্যাহাৰ কৰিব লাগে। তেওঁ কেৱল আইচিএমআৰে উল্লেখ কৰা ধৰণে লকডাউন প্ৰযোজ্য কৰাত ৰৈ যোৱা আসোৱাহ সমূহৰ বিষয়ে উল্লেখ কৰি চৰকাৰক লকডাউনৰ সময়খিনি সদব্যৱহাৰ কৰি সমগ্ৰ দেশৰ চুকে-কোণে ঘৰে ঘৰে গৈ পৰ্যবেক্ষণৰ ব্যৱস্থা কৰিবলৈ কৈছে। 

তেওঁ আৰু কৈছে যে এনেধৰণৰ খৰতকীয়া পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ ফলত লক্ষণ দেখা দিয়াসকলক চৰকাৰী কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰিব লাগে আৰু যিসকল সামৰ্থ্যৱান তেওঁলোকক নিজৰ ঘৰতে নিজাববীয়াকৈ কৰ্তৃপক্ষৰ নজৰত কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিবলৈ দিব লাগে।

৬ এপ্ৰিলত টাস্ক ফ’ৰ্চে এটি অগ্ৰাধিকাৰ দিবলগীয়া বিষয়সমূহ চিনাক্তকৰণ আৰু গৱেষণাৰ বাবে এটি গৱেষণা গোট গঠন কৰে। ইয়াত পৰ্যবেক্ষণ কিদৰে ক্ষিপ্ৰতৰ কৰি তুলিব পৰা যায় সেই বিষয়টোকো অন্তৰ্ভুক্ত কৰা হৈছে। ১৪ এপ্ৰিল পৰ্যন্ত ঘৰে ঘৰে গৈ পৰ্যবেক্ষণৰ ব্যৱস্থা কৰি ক্ৰমাৎ টেষ্টিঙৰ হাৰ বৃদ্ধি কৰিবলৈ কোনোধৰণৰ প্ৰস্তুতি নকৰাকৈয়ে বিশ্বৰ ভিতৰতে কম টেষ্টিং কৰিয়েই চৰকাৰে লকডাউন পুনৰ ৩ মে’লৈকে বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে।

 

(এই প্ৰতিবেদনৰ প্ৰথম অংশএই লিংকত পঢ়িব পাৰিব: https://www.assamtimes.org/node/22438  )

This is the last and final of a two-part series. The original version, in English,  of this series is published by Article14. It can be read at www.Article-14.com

Author info

Nitin Sethi's picture

Add new comment

Other Contents by Author

নতুন দিল্লী: মাহজাতীয় শস্যৰ নিলাম তথা বিতৰণ প্ৰক্ৰিয়াৰ নামত সমগ্ৰ দেশতে সংঘটিত হৈ আহিছে বৃহত অনিয়ম। কেন্দ্ৰ চৰকাৰৰ নতুন নিলাম নীতিৰ সুযোগ লৈ মিলিং কোম্পানীৰ একাংশ মালিকে দৰিদ্ৰ জনসাধাৰণক বঞ্চিত কৰি অনৈতিক উপায়েৰে অধিক মুনাফা অৰ্জন কৰাৰ ভয়ংকৰ তথ্য কভিড কালৰ মাজতে পোহৰলৈ অহাত দেশজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ২০১৭ চনৰ পৰা, কল্যাণমূলক আঁচনিৰ অধীনত মাহজাতীয় শস্য মিলিং আৰু বিতৰণৰ বাবে মিলাৰসকলক বাছনি কৰা চৰকাৰৰ ক্ৰয় সংস্থা নাফেডে আধাৰ মূল্য নিৰ্ধাৰণ নকৰাকৈ এহাজাৰৰো অধিক নিলাম অনুষ্ঠিত কৰে। এই নিলামৰ জৰিয়তে চৰকাৰী নিয়ম উলংঘা কৰি দেশৰ নিৰন্ন জনতাক মাধমাৰ শোধাই ৫.৪ লাখ টন মাহজাতীয় শস্য মিলিঙৰ নামত মিলাৰবোৰে চাৰি বছৰত কমেও ৪৬০০ কোটিৰো অধিক মুনাফা আদায় কৰাৰ তথ্য পোহৰলৈ আহিছে। কেবাখনো...
মৃদুলা ছাৰি আৰু নিতিন সেঠী মুম্বাইঃ ক’ভিড-১৯ মহামাৰীৰ তীব্ৰতাৰ ধাৰণা কৰিবলৈ আৰু লকডাউন প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰে যিসমূহ মাপদণ্ড ব্যৱহাৰ কৰিছিল সেইসমূহ আছিল ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিছাৰ্চ চমুকৈ আইচিএমআৰৰ অসম্পূৰ্ণ তথ্যৰ আধাৰত প্ৰস্তুত কৰা। Article 14-এ লাভ কৰা তথ্যত এয়া স্পষ্ট হৈ পৰিছে। ভাৰতত প্ৰথম ক’ভিড-১৯ৰ ঘটনা পোহৰলৈ অহাৰ ১০৭ দিন পিছত কেন্দ্ৰই ১৪ মে’ত ৭৮০০০ জন লোক কৰ’নাত আক্ৰান্ত হোৱা বুলি জনাইছে, কিন্তু চৰকাৰে কোৱা 'একমাত্ৰ নিৰ্ভৰযোগ্য তথ্যৰ উৎস’ আইচিএমআৰৰ ডাটাবেছ অপ্ৰামাণীকৃত তথ্য, ভুল নাম আৰু আন ধৰণৰ তথ্য সংগ্ৰহৰ ভুলেৰে ভৰি থকাতো আমাৰ অনুসন্ধানত পোহৰলৈ আহিছে। ২৯ এপ্ৰিলৰ দিনা চৰকাৰে জনোৱা আইচিএমআৰৰ তথ্যত ৫০২৪টা ভিন্ন ক’ভিড-১৯ৰ সংক্ৰমণৰ ঘটনা আৰু ৰাজ্যসমূহে ব্যৱহাৰ কৰা...
মৃদুলা ছাৰি আৰু নিতিন সেঠী মুম্বাইঃ ক’ভিড-১৯ৰ লক্ষণ দেখা দিয়া লোকসকলৰ চিনাক্ত কৰিবৰ বাবে ঘৰে ঘৰে গৈ পৰ্যবেক্ষণ কৰক। টেষ্টৰ ফলাফললৈ বাট নাচাই যিমান সম্ভৱ সিমান সোনকালে উপসৰ্গ ধৰা পৰাসকলক কোৱাৰেণ্টাইন কৰক। যদিহে ১৪ দিন ধৰি এনে কোৱাৰেণ্টাইন আৰু পৰ্যবেক্ষণৰ ব্যৱস্থা কৰা হয় তেন্তে এখন জিলাত ক’ভিড-১৯ৰ ঘটনা অতি কমেও ৪০ শতাংশ কমিব আৰু অনাগত দিনত সংক্ৰমিত হোৱাৰ আশংকা থকা সকলৰ বাবে চিকিৎসালয়ৰ আন্তঃগাথনি সাজু কৰি তুলিব লাগিব, তেতিয়াহে লকডাউন প্ৰত্যাহাৰ কৰিব পৰা যাব। যেতিয়া এই আটাইবোৰ ব্যৱস্থা কৰা হ’ব তেতিয়াহে প্ৰতিখন জিলাতে লকডাউন প্ৰত্যাহাৰ কৰিব পৰা যাব বুলি চৰকাৰক পৰামৰ্শ আগবঢ়াইছিল ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিচাৰ্ছ চমুকৈ আইচিএমআৰে। Article14-এ এপ্ৰিলৰ প্ৰথম সপ্তাহত আইচিএমআৰে চৰকাৰৰ আগত...
নিতিন সেঠী আৰু কুমাৰ সম্ভৱ শ্ৰীৱাস্তৱ   নতুন দিল্লী: ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  যোৱা ২৪ মাৰ্চত সমগ্ৰ দেশতে লকডাউন ঘোষণা কৰাৰ ঠিক এসপ্তাহ পিছতে দেশৰ আগশাৰীৰ স্বাস্থ্য সংস্থা ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিচাৰ্ছ চমুকৈ আইচিএমআৰ-এ চৰকাৰক সাৱধান কৰি দিছিল যে ক’ভিড-১৯ মহামাৰীৰ প্ৰতিৰোধৰ ক্ষেত্ৰত লকডাউনৰ প্ৰভাৱ তেনেই সামান্য আৰু ক্ষণস্থায়ী হোৱাৰ লগতে এই লকডাউন কেৱল ২০-২৫ শতাংশ সংক্ৰমণ প্ৰতিৰোধতহে সহায়ক হ’ব।    চিকিৎসা বিজ্ঞানীসকলে চৰকাৰক সকীয়াই দিছিল যে মহামাৰী প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰে যদি আন বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন নকৰে তেন্তে লকডাউনৰ প্ৰভাৱ তেনেই সামান্য আৰু "ক্ষণস্থায়ী" হোৱাতো নিশ্চিত।  আইচিএমআৰে ৰাজহুৱা নকৰিলেও তেওঁলোকৰ নিজাববীয়া এক অধ্যায়নৰ...