ভাৰতৰ প্ৰায় ১৪৬ মিলিয়ন লোকেই কৃষিৰ ওপৰত নিৰ্ভৰশীল। গ্ৰাম্য জনসংখ্যাৰ ৫৮% লোকে জীৱিকাৰ প্ৰধান মাধ্যম হিচাপে খেতিকে বাছি লয়। ভাৰতৰ প্ৰায় ১৫৭.৩৫ মিলিয়ন হেক্টৰ কৃষিভূমিৰ বিস্তৃত পৰিৱেশত ছন্দায়িত হয় মাতৃভূমিৰ গৌৰৱ। পশ্চিম বংগৰ সোণালী ধাননি পথাৰৰ পৰা পঞ্জাৱৰ বিস্তৃত ঘেঁহুৰ পথাৰ আৰু কেৰালাৰ মছলাৰ বাগিচালৈকে ভাৰতৰ কৃষিভূমিও এই দেশৰ সংস্কৃতিৰ দৰেই বৈচিত্ৰ্যময়।
কিন্তু ইয়াৰ বিশালতা সত্ত্বেও ভাৰতৰ গৰিষ্ঠসংখ্যক কৃষকৰ মালিকানাধীন এক হেক্টৰতকৈও কম মাটি। ধান, ঘেঁহু, দালি আদি মূল শস্যই কৃষিৰ মেৰুদণ্ড গঠন কৰাৰ বাবে অগণন কৃষক পৰিয়ালে বাৰিষাৰ বান আৰু শস্য চপোৱাৰ ছন্দৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়।
দেশবাসীক খাবলৈ অন্ন যোগান ধৰা অধিকাংশ কৃষকৰে পিছে আৰ্থিক অৱস্থা দুৰ্বিসহ। ফচলৰ সঠিক দাম, পথাৰত পানীৰ অভাৱ, ঋণৰ বোজাৰ বাবে মানসিকভাৱে ভাগি পৰি বহু কৃষকে প্ৰতিবছৰে এই দেশত আত্মহত্যাৰ দৰে পথ বাছি ল’বলৈ বাধ্য হৈ পৰে।
কৃষকৰ এই দুৰ্বিসহ জীৱন যাত্ৰাৰ বাবেই ২০১৬ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া এক প্ৰতিশ্ৰুতিয়ে কৃষকৰ মাজত নতুন আশাৰ সঞ্চাৰ কৰিছিল। সেই সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিল- ২০২২ চনত দুগুণ হ’ব প্ৰতিগৰাকী কৃষকৰ আয়!
২০২২ চন অৱশ্যে কেতিয়াবাই পাৰ হ’ল, পিছে আজিও আয় দুগুণ নহ’ল কৃষকৰ। তাৰ পৰিৱৰ্তে কেন্দ্ৰীয় চৰকাৰে পৰিকল্পিতভাৱে অহা তিনি ক’লা কৃষি আইনৰ বিৰুদ্ধে দিল্লীত আন্দোলন কৰি নতুনকৈ প্ৰাণ হেৰুৱাবলগীয়া হ’ল ৭০০ গৰাকী কৃষকে।
কিন্তু কেন্দ্ৰীয় চৰকাৰৰ এই তিনি কৃষি আইন অনাৰ আঁৰত আছিল কোন? কোনজন অপ্ৰত্যাশিত নায়কে বাস্তৱ কৰিব বিচাৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কৃষকৰ আইন দুগুণ কৰাৰ সপোন?
শুনি আচৰিত লাগিলেও ক্ষুদ্ৰ কৃষকৰ কৃষিভূমি কৰ্প’ৰেট গোষ্ঠীক লীজত দি কৃষকৰ আয় দুগুণ কৰাৰ পৰিকল্পনাক বাস্তৱ কৰিব বিচৰা সেই ব্যক্তিজন কৃষি ক্ষেত্ৰৰ সৈতে কোনোপ্ৰকাৰেই জড়িত নাছিল। তেওঁ নাছিল কোনো কৃষি বিশেষজ্ঞও। বৰং তেওঁ আছিল ভাৰতৰ বাহিৰত ছফটৱেৰ কোম্পানী চলোৱা এগৰাকী প্ৰৱাসী ভাৰতীয় ব্যৱসায়ী। নাম তেওঁৰ শাৰদ মাৰাথে।
'দ্য ৰিপ’ৰ্টাৰছ কালেকটিভ’-এ লাভ কৰা নথি-পত্ৰৰ পিছত প্ৰকাশিত এক বাতৰি অনুসৰি প্ৰৱাসী ভাৰতীয় শাৰদ মাৰাথেয়ে ভাৰতৰ কৰ্প’ৰেট শৈলীৰ কৃষি ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক কৃষিভূমি লীজত দি তেওঁলোকৰ অধীনত কাম কৰি কৃষক সকলে আয় দুগুণ কৰিব পাৰিব বুলি এক পৰিকল্পনা প্ৰস্তুত কৰিছিল। আৰু মাৰাথেৰ এই সন্দেহজনক পৰিকল্পনাক বাস্তৱায়িত কৰাৰ বাবে ক্ষিপ্ৰ গতিৰে আৰু আগ্ৰহেৰে আগবাঢ়িছিল নীতি আয়োগ।
পৰৱৰ্তী সময়ত প্ৰৱাসী ভাৰতীয় ব্যৱসায়ীজনক নীতি আয়োগে টাস্ক ফ’ৰ্চতো নিযুক্তি প্ৰদান কৰিছিল। এই টাস্ক ফ’ৰ্চৰ কাম আছিল কৃষি সামগ্ৰীৰ ব্যৱসায়ৰ সৈতে জড়িত বেছিভাগ বৃহৎ নিগম, যেনে- আদানী গ্ৰুপ, পতঞ্জলি, বিগবাস্কেট, মহিন্দ্ৰা গ্ৰুপ আৰু আইটিচিৰ পৰামৰ্শ গ্ৰহণ কৰা।
কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কল্পনা কৰা ধৰণে কৃষিৰ ওপৰত নিৰ্ভৰশীল প্ৰায় ৬০% ভাৰতীয়ৰ আয় দুগুণ কৰাৰ বাবে চৰকাৰে ২০১৮ চনত প্ৰতিবেদন দাখিল কৰাৰ পূৰ্বে কোনো কৃষক, অৰ্থনীতিবিদ বা কৃষক সংগঠনৰ লগত পৰামৰ্শ লোৱা হোৱা নাছিল। এই প্ৰতিবেদন এতিয়ালৈকে ৰাজহুৱা কৰা হোৱাও নাই।
দুবছৰ পিছত মোদী চৰকাৰে গোপনে তিনি কৃষি বিল পাছ কৰি আইন হিচাপে কৃষকৰ ওপৰত জাপি দিবলৈ লোৱাত খৰ্গহস্ত হৈ পৰে সাধাৰণ কৃষক। পৰিণতিত দিল্লীৰ সীমান্তত হাজাৰ হাজাৰ কৃষকে প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদৰ সময়তে কমেও ৫০০ গৰাকী কৃষক গৰম, শীত আৰু কোভিডৰ প্ৰকোপত পৰি প্ৰাণ হেৰুৱাবলগীয়া হয়। তাৰ পিছতে চৰকাৰে এই আইন বাতিল কৰিবলৈ বাধ্য হয়।
ইয়াৰ পৰৱৰ্তী সময়ত পোহৰলৈ আহে কিদৰে এগৰাকী কৃষি ক্ষেত্ৰৰ সৈতে কোনোপ্ৰকাৰে জড়িত নথকা অনভিজ্ঞ ব্যক্তিৰ প্ৰস্তাৱৰ ওপৰত ভিত্তি কৰি প্ৰধানমন্ত্ৰী কাৰ্যালয়ে কৃষকৰ আয় দুগুণ কৰাৰ পৰিকল্পনা কৰিছিল। সকলো আৰম্ভ হৈছিল এখন পত্ৰৰ পৰা।
২০১৭ চনৰ অক্টোবৰ মাহত শাৰদ মাৰাথে নীতি আয়োগৰ তদানীন্তন উপাধ্যক্ষ ৰাজীৱ কুমাৰলৈ এখন পত্ৰ লিখি কৃষিৰ সংস্কাৰৰ বাবে এক গ্ৰেণ্ড ভিজন আৰু কনচেপ্ট নোটৰ ৰূপৰেখা দাঙি ধৰিছিল।
Niti Aayog memo announcing a high-level meeting specifically to discuss the proposal Sharad Marathe shared with them
মাৰাথে আৰু কুমাৰ চিনাকি আছিল, যাৰ বাবে আংশিকভাৱে বুজা যায় যে কিদৰে শাৰদ মাৰাথেৰ এই পত্ৰই আয়োগত বিশেষভাৱে প্ৰাধান্য লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল বিজেপিৰ সৈতে তেওঁৰ সম্পৰ্ক। বিজেপিৰ বহিঃৰাষ্ট্ৰৰ বন্ধু সংগঠনৰ সৈতে তেওঁৰ সম্পৰ্কক লৈ প্ৰায়ে গৌৰৱ ব্যক্ত কৰিছিল মাৰাথেয়ে।
শাসকীয় দলটোৰ সৈতে মাৰাথেৰ সম্পৰ্ক ইমানেই গভীৰ আছিল যে ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত ভাৰতৰ শীৰ্ষ গ্ৰাম্য বেংক নিয়ন্ত্ৰক নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ স্পেইনৰ ৰাজকুমাৰীক সাক্ষাৎ কৰা চৰকাৰী প্ৰতিনিধি দলতো তেওঁ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।
Sharad Marathe (centre) with Her Royal Highness, Princess of Spain Ms. Infanta Cristina (left) and Dr. Harsh Kumar Bhanwala, then Chairman, NABARD, in September 2019
আমেৰিকাৰ পৰা বিজনেছ এডমিনিষ্ট্ৰেচনত স্নাতকোত্তৰ ডিগ্ৰীধাৰী মেকানিকেল ইঞ্জিনিয়াৰ মাৰাথে আমেৰিকাত ইউনিভাৰ্চেল টেকনিকেল চিষ্টেমছ ইন কৰ্পৰেশ্যন আৰু ভাৰতত ইউনিভাৰ্চেল টেকনিকেল চিষ্টেমছ (ইণ্ডিয়া) প্ৰাইভেট লিমিটেড নামৰ আন এটা ছফটৱেৰ কোম্পানী চলাই আছে।
মাৰাথেয়ে কয়, “মই ৬০ৰ দশকৰ পৰা আমেৰিকাত বাস কৰি আহিছো। মোৰ আগ্ৰহ এনে বিষয়ৰ প্ৰতি নিৱদ্ধ হয় যিবোৰে সমাজত অধিক প্ৰভাৱ পেলায়। মোৰ সময়ৰ এটা অংশ মই মোৰ ছফটৱেৰ কোম্পানীটো চলাই অতবাহিত কৰো ...আৰু আনটো অংশ মই কওঁ যে মই জীৱনত কি শিকিছো সেয়া যাতে সমাজৰ বাবে ব্যৱহাৰ কৰিব পাৰো।”
কিন্তু ভাৰতৰ নীতি মহলত তেওঁৰ খ্যাতিৰ অন্য এটা কাৰণ আছিল। ৰাজহুৱা নথি-পত্ৰৰ পৰা অনুমান কৰিব পাৰি যে প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিজেপি নেতা অটল বিহাৰী বাজপেয়ীৰ শাসনকালত ভাৰতত ছফটৱেৰ পাৰ্ক স্থাপনৰ ধাৰণাৰ পৰামৰ্শ দিয়াতো তেওঁ জড়িত আছিল।
২০১৬ চনত উত্তৰ প্ৰদেশত কৃষক সমাৱেশত ভাষণ দি থাকোঁতে মোদীয়ে ২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুণ কৰাৰ সপোনৰ বিষয়ে প্ৰতিশ্ৰুতি দিছিল। ইয়াৰ পিছতে কৃষকৰ আয়কৰ লৈ এক ব্লু প্ৰিণ্ট নামি পৰিছিল মাৰাথে। যাৰ শিৰোনাম আছিল- বজাৰ পৰিচালিত, কৃষি-সংযুক্ত মেড ইন ইণ্ডিয়াৰ জৰিয়তে কৃষকৰ আয় দুগুণ কৰা’’।
মাৰাথেয়ে দাবী কৰিছিল যে তেওঁৰ হাতত এটা আমূল নতুন ব্যৱহাৰিক সমাধান আছে যিটো চৰকাৰে পৰীক্ষা কৰি ক্ষিপ্ৰতাৰে প্ৰয়োগ কৰিব লাগে। মাৰাথেৰ এই ব্যৱহাৰিক সমাধান আছিল- কৃষকৰ পৰা মাটি লীজত লোৱা, চৰকাৰী সহায়ত এটা ডাঙৰ বিপণন কোম্পানী গঢ়ি তোলা, আৰু প্ৰক্ৰিয়াকৰণ আৰু খেতিৰ বাবে সৰু কোম্পানী গঠন কৰা। এই কোম্পানীসমূহে একেলগে কাম কৰি কৃষিজাত সামগ্ৰী প্ৰস্তুত আৰু বিক্ৰী কৰে। নিজৰ মাটি লীজত দিয়া কৃষকসকলেও ইয়াৰ অংশ হ’ব পাৰে আৰু লাভৰ অংশ লাভ কৰিব পাৰে। ইয়াৰ ফলত তেওঁলোকে অধিক ধন উপাৰ্জন কৰাত সহায় কৰে আৰু খেতি কৰাটো ভাল হয় বুলি দাবী কৰিছিল মাৰাথেয়ে।
তেওঁ এই সন্দৰ্ভত পৰ্যবেক্ষণৰ বাবে এটা বিশেষ ‘টাস্ক ফ’ৰ্চ’ গঠন কৰাৰ পৰামৰ্শ দিয়ে। আৰু এখোজ আগবাঢ়ি গৈ তেওঁ টাস্ক ফ’ৰ্চৰ অংশ হ’বলগীয়া ১১ জন লোকৰ তালিকা প্ৰস্তুত কৰে। সেই তালিকাত তেওঁ নিজকে অন্তৰ্ভুক্ত কৰিছিল আৰু তেতিয়াৰ কৃষি ৰাজ্যিক মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতো এই তালিকাত আছিল।
মাৰাথে কেৱল যে মাত্ৰ এই টাস্কফ’ৰ্চৰ অংশই আছিল, তেনে নহয়। ২০১৮ চনত চফটৱেৰ কোম্পানীটোৰ ব্যৱসায়ীজনক আয়ুষ (পৰম্পৰাগত চিকিৎসা) খণ্ড বৃদ্ধিৰ বাবে আয়ুষ মন্ত্ৰালয়ৰ টাস্ক ফ’ৰ্চৰ অধ্যক্ষ হিচাপেও নিযুক্তি দিয়া হৈছিল। কৃষি ক্ষেত্ৰত তেওঁৰ অভিজ্ঞতা শূন্য হোৱাৰ দৰেই এই ক্ষেত্ৰখনতো তেওঁ আছিল সম্পূৰ্ণ অনভিজ্ঞ।
পিছলৈ মাৰাথেয়ে খাদ্য আৰু নিউট্ৰাচিউটিকেল ব্যৱসায়ৰ সৈতে জড়িত আঠাইশটা কোম্পানী চলোৱা সুপ্ৰতিষ্ঠিত ব্যৱসায়ী সঞ্জয়া মাৰিৱালাৰ সৈতে এটা সুকীয়া লাভবিহীন কোম্পানী স্থাপন কৰি ক্ৰমাৎ বৃদ্ধি পোৱা নিউট্ৰাচিউটিকেল বজাৰৰ মূলধন হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। কৃষকৰ আয়ৰ ওপৰত টাস্কফ’ৰ্চৰ অংশ হিচাপে মাৰাথেই পৰামৰ্শ দিয়া ১১টা নামৰ ভিতৰত মাৰিৱালাও এজন আছিল।
নীতি আয়োগলৈ মাৰাথেৰ কনচেপ্ট নোটত কৃষকৰ আয় দুগুণ কৰাৰ সন্দৰ্ভত প্ৰৱাসী ভাৰতীয় আৰু উদ্যোগীসকলৰ পৰা পৰামৰ্শ বিচৰাৰ বাবেও এক আউটৰিচ্ছ কেম্পেইনৰ প্ৰস্তাৱ দিয়া হৈছিল। তেওঁ বিশেষভাৱে তেওঁৰ চিনাকি এজন ব্যক্তিক জড়িত কৰাৰ কথা উল্লেখ কৰে। সেই চিনাকি ব্যক্তিজন আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানসমূহ সফলতাৰে আয়োজন কৰাৰ বাবে পৰিচিত আৰু ভাৰতীয় জনতা পাৰ্টিৰ বৈদেশিক নীতি বিভাগ আৰু অভাৰচিজ ফ্ৰেণ্ডছ ইউনিটত গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত বিজয় চৌথাইৱালে। আয়োগে এই ধাৰণাটোৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিলেও অৱশেষত চৌথাইৱালে অংশগ্ৰহণ নকৰিলে, যাৰ ফলত চৰকাৰী প্ৰচাৰৰ বাবে দলৰ সদস্য বাছনি কৰাৰ কাৰণসমূহ অস্পষ্ট হৈ পৰিল।
আয়োগে মাৰাথেৰ পৰিকল্পনা অধ্যৱসায়ীভাৱে অনুসৰণ কৰে। কিছুদিনৰ ভিতৰতে নীতি আয়োগে সিদ্ধান্ত লয় যে মাৰাথেৰ কনচেপ্ট নোটখন উচ্চ পৰ্যায়ৰ বৈঠকত আলোচনা কৰা হ’ব। মাৰাথেৰ কনচেপ্ট নোটৰ ওপৰত ইতিমধ্যে বন্ধ কোঠাত কথা-বতৰা হোৱা বুলি মত প্ৰকাশ কৰি সেই সময়ৰ কৃষি ৰাজ্যিক মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটক চৰকাৰ আৰু চৰকাৰৰ থিংক টেংকৰ অন্যান্য শীৰ্ষ আমোলাৰ সৈতে সভাত যোগদান কৰিবলৈ কোৱা হৈছিল আৰু সেইমতে তেওঁ যোগো দিছিল।
নীতি আয়োগে চৰকাৰী বিষয়াৰ উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে আৰু মাৰাথেৰ পৰামৰ্শ অনুসৰি ১৬জন অংশগ্ৰহণকাৰীৰ ভিতৰত ৭জনক বাছনি কৰা হয়। তেওঁলোকে “ব্যৱসায়িক পৰিকল্পনাৰ বিৱৰণ”ৰ সৈতে “কাঠামো বিকশিত কৰণৰ” বাবে টাস্ক ফ’ৰ্চ গঠন কৰাৰ সিদ্ধান্ত লয়।
২০১৭ চনৰ ৮ ডিচেম্বৰত নীতি আয়োগৰ সদস্য ৰমেশ চান্দে ফাইলত লিখিছিল যে, “টাস্কফ’ৰ্চ গঠনৰ প্ৰস্তাৱ সম্পৰ্কে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সৈতে আলোচনা কৰা হৈছে আৰু আমি আৰু পদক্ষেপ গ্ৰহণৰ পূৰ্বে তেওঁলোকৰ সঁহাৰিৰ বাবে অপেক্ষা কৰিম।’’
নীতি আয়োগে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সঁহাৰিৰ কথা উল্লেখ কৰা নাই যদিও সেই সঁহাৰি লাভ কৰা বুলি অনুমান কৰিব পাৰি। মাৰাথেয়ে প্ৰথমে নিজৰ খচৰা পৰিকল্পনা প্ৰেৰণ কৰাৰ তিনিমাহৰ ভিতৰতে ২০১৮ চনৰ জানুৱাৰী মাহত আনুষ্ঠানিকভাৱে টাস্কফ’ৰ্চ গঠন কৰা হৈছিল।
পৰৱৰ্তী সময়ত নিজৰ পদক্ষেপ সম্পৰ্কে এখন স্মাৰকপত্ৰত নীতি আয়োগে লিখিছে, “সামাজিক উদ্যোগী আৰু বজাৰ চালিত কৃষি সংযুক্ত মেক ইন ইণ্ডিয়া পদ্ধতিৰ জৰিয়তে এই কাম কৰাটো সুবিধাজনক হ’ব।”
চৰকাৰে ইতিমধ্যে কৃষকৰ আয় দুগুণ কৰাৰ উপায় সম্পৰ্কে এখন বৃহৎ চৰকাৰী আন্তঃমন্ত্ৰালয় সমিতি গঠন কৰি দিয়াৰ সময়ত মাৰাথেৰ প্ৰস্তাৱক লৈ বিশেষ টাস্ক ফ’ৰ্চটো কিয় গোপনে গঠন কৰা হৈছিল সেয়া অৱশ্যে নীতি আয়োগৰ ৰেকৰ্ডত দেখা নাযায়। আয়োগৰ বাৰ্ষিক প্ৰতিবেদনত সদস্য বা কাৰ পৰামৰ্শ লৈছিল তাৰ সবিশেষ অবিহনে টাস্ক ফ’ৰ্চৰ বিষয়ে চমুকৈ উল্লেখ কৰা হৈছে। টাস্ক ফ’ৰ্চৰ প্ৰতিবেদনো ৰাজহুৱা কৰা হোৱা নাছিল।
কৃষকৰ আয় দুগুণ কৰাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণৰ দুমাহৰ ভিতৰতে আন্তঃমন্ত্ৰালয় সমিতি গঠন কৰা হয়। ১ বছৰ ৪ মাহৰ পাছত কমিটীয়ে ১৪টা খণ্ডত প্ৰতিবেদন দাখিল কৰিবলৈ আৰম্ভ কৰে।
প্ৰতিবেদনত কৃষি, কৃষিজাত সামগ্ৰী আৰু গ্ৰাম্য জীৱিকা বৃদ্ধিৰ সৈতে জড়িত সকলো দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। যাৰ ফলস্বৰূপে প্ৰধানমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়া সময়সীমাৰ ভিতৰত কৃষকৰ আয় দুগুণ বৃদ্ধি কৰাত ব্যৰ্থ হৈছিল চৰকাৰ। ৩ হাজাৰতকৈও অধিক পৃষ্ঠাৰ প্ৰতিবেদনখন হয়তো প্ৰথম অৱস্থাত বহুতে পঢ়িব পৰা নাছিল। কিন্তু ইয়াৰ পিছতো সেয়া ৰাজহুৱা কৰা হৈছিল।
আচলতে মাৰাথেৰ টাস্ক ফ’ৰ্চ গঠন হোৱা মাহত এই চৰকাৰী সমিতিখনে নিজৰ প্ৰতিবেদনৰ ১৩ সংখ্যক আৰু উপশেষ খণ্ড দাখিল কৰিছিল। কমিটীয়ে দৰাচলতে কৃষকৰ আয় দুগুণ কৰাৰ বাবে ব্যৱসায়িক মডেল উদ্ভাৱনৰ বাবে নিবেদিত এটা টাস্ক ফ’ৰ্চৰ আহ্বান জনাইছিল, ঠিক মাৰাথেৰ প্ৰস্তাৱৰ দৰেই।
Sharad Marathe (centre) with Her Royal Highness, Princess of Spain Ms. Infanta Cristina (left) and Dr. Harsh Kumar Bhanwala, then Chairman, NABARD, in September 2019
কিন্তু নীতি আয়োগৰ টাস্ক ফ’ৰ্চ তেতিয়া পূৰ্ণ গতিত চলি আছিল। লৌকিক কিন্তু অত্যাৱশ্যকীয় বস্তুবোৰ সেই সময়ত টাস্ক ফ’ৰ্চখনৰ বাবে গুৰুত্বপূৰ্ণ আছিল। তাৰ পৰিৱৰ্তে মাৰাথেয়ে অন্য বহু সুবিধা সেই সময়ত লাভ কৰিছিল। কৰ্মক্ষেত্ৰ আৰু ডেস্কটপৰ পৰা আৰম্ভ কৰি ভ্ৰমণ ভাট্টালৈকে মাৰাথেৰ সকলো প্ৰয়োজনীয়তা আয়োগে তৎক্ষণাত মঞ্জুৰ কৰিছিল।
কৃষি কৰ্মীসকলক সামৰি লোৱা বহুতো অংশীদাৰৰ পৰামৰ্শ লোৱা আন্তঃমন্ত্ৰালয় সমিতিৰ বিপৰীতে মাৰাথেৰ কল্পনা কৰা টাস্ক ফ’ৰ্চে মূলতঃ বৃহৎ কৰ্পৰেট গোষ্ঠীসমূহৰ বাবে এক মঞ্চ হিচাপে কাম কৰিছিল।
প্ৰথমখন বৈঠকতে টাস্ক ফ’ৰ্চে নিজৰ এজেণ্ডা আৰু উদ্দেশ্য যেন ব্যক্ত কৰিছিল। মাৰাথেয়ে কয়, “কৃষিৰ পৰা কৃষি ব্যৱসায়লৈ গতি কৰাৰ বাবে এয়াই সঠিক সময়।”
উল্লেখ্য যে, পিছত কালেকটিভে নীতি আয়োগ, কৃষি আৰু কৃষক কল্যাণ বিভাগ আৰু টাস্ক ফ’ৰ্চে পৰামৰ্শ লোৱা প্ৰতিষ্ঠানসমূহলৈ বিতং প্ৰশ্ন প্ৰেৰণ কৰিছিল। কিন্তু এই সন্দৰ্ভত সোঁৱৰাই দিয়াৰ পিছতো কোনো পক্ষৰ পৰা সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা নাছিল।
by Shreegireesh Jalihal / The Reporters' Collective
Add new comment