Skip to content Skip to navigation

ইণ্টাৰনেটত ভগৱানৰ নিৰাপত্তা: কোনে কেনেকৈ চলায় হিন্দু আই টি চেল? পঢ়ক সবিশেষ...

MEDIA 1 : SCREENSHOT OF TWITTER HANDLE - HINDU IT CELL
MEDIA 1 : SCREENSHOT OF TWITTER HANDLE - HINDU IT CELL

‘We don’t target people who are good. We target people who are targeting Hindus, targeting Hindutva, targeting India. It’s their fault.’

By Srishti Jaswal and Shreegireesh Jalihal

২০২০ চনৰ গ্ৰীষ্মকালত, ভাৰতে কোভিদ মহামাৰীৰ বিস্তাৰ লেহেম কৰিবলৈ লকডাউন ঘোষণা কৰাৰ সময়তে নৰেন্দ্ৰ মোদী চৰকাৰে কিছুমান নষ্টালজিয়া ঘূৰাই অনাৰ  সিদ্ধান্ত লৈছিল। চৰকাৰে দূৰদৰ্শনক হিন্দু মহাকাব্য মহাভাৰত আৰু ৰাময়ণৰ ওপৰত আধাৰিত ১৯৯০ চনতে সম্প্ৰচাৰিত জনপ্ৰিয় টিভি ধাৰাবাহিক পুনৰ প্ৰদৰ্শন কৰিবলৈ নিৰ্দেশ দিছিল। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে ঘোষণা কৰিছিল যে সৰ্বসাধাৰণৰ দাবীৰ বাবেই চৰকাৰে এনে কৰাৰ সিদ্ধান্ত লৈছে।

এই পুনৰ সম্প্ৰচাৰে কিন্তু নষ্টালজিয়াতকৈ আন কিছুমান দিশহে উন্মোচিত কৰিছিল।

মুম্বাইৰ এজন স্বঘোষিত "সোপন্থী" ৩৯ বছৰীয়া ৰমেশ ছোলাংকীয়ে দাবী কৰিছে যে তেওঁলোকে ছচিয়েল মিডিয়া পেজ আৰু টুইটাৰ হেণ্ডেলৰ জৰিয়তে অনলাইনত হিন্দু দেৱ-দেৱীসকলক অপমান কৰাসকলৰ বিৰুদ্ধে "ছুনামিৰ সৃষ্টি কৰিছিল"।

সেয়েহে, তেওঁৰ লগতে আন ১০ জন মানুহে ধৰ্ম ৰক্ষা কৰিবলৈ "সংশ্লিষ্ট হিন্দু স্বেচ্ছাসেৱক" হিচাপে একত্ৰিত হ'বলৈ আৰম্ভ কৰিছিল। ইণ্টাৰনেটৰ জৰিয়তে, আইনৰ গণ্ডীত থাকি তেওঁলোকৰ নিজ শৈলীৰে কাম আৰম্ভ কৰিছিল। এনেকৈ ২০২০ চনৰ মে’ মাহত, তেওঁলোকে অনলাইনত "হিন্দু আই টি চেল" প্ৰতিষ্ঠা কৰাৰ কথা ঘোষণা কৰিছিল। 

"হিন্দু বিদ্বেষীসকলক ৰেহাই দিয়া নহব। আমি পুনৰাই কওঁ যে আমি তেওঁলোকৰ কাকো 'আইন'ৰ পৰা ৰেহাই নিদিও। যদি আপুনি এনে অপৰাধীসকলৰ বিৰুদ্ধে অভিযোগ দাখিল কৰি জীৱনকালৰ বাবে শিক্ষা দিব বিচাৰে তেন্তে আমাৰ স্বেচ্ছাসেৱকসকলৰ সৈতে যোগাযোগ কৰক," -টুইটাৰ পোষ্টত এই দাবী কৰিছিল তেওঁলোকে।

তেওঁলোকে আনক তেওঁলোকৰ সৈতে সংযুক্ত হ’বলৈ কৈছিল: "আপোনাৰ একাউণ্টত কিমান লোক সংযুক্ত হৈ আছে সেয়া ডাঙৰ কথা নহয়। যদি আপুনি ধৰ্ম ৰক্ষাৰ বাবে দীঘলীয়া যুদ্ধলৈ যাবলৈ প্ৰস্তুত তেন্তে আপুনি আমাৰ সদস্য হ'ব পাৰে।"

গোটটোত যোগদান কৰিবলৈ হ’লে স্বেচ্ছাসেৱকসকলৰ মনত "শক্তিশালী আদৰ্শগত প্ৰতিশ্ৰুতি" থাকিব লাগে বুলিও তাত কোৱা হৈছিল। "হিন্দুত্ব"ৰ বাবে কমেও এটা আইনী অভিযোগ বা গোচৰ দাখিল কৰাৰ ওপৰতো জোৰ দিয়া হৈছিল। তেওঁলোকক অনলাইনত অপমানজনক ভাষা ব্যৱহাৰ কৰিবলৈ বাৰণ কৰা হৈছিল, আৰু তেওঁলোকে আন RWক লক্ষ্য কৰিব নালাগে বুলিও কোৱা হৈছিল। RW চৰ্ট ফৰ্মটোৰ জৰিয়তে আন ৰাইট উইং বা সোপন্থীসকলৰ কথা বুজোৱা হৈছে বুলি অনুমান কৰিব পাৰি। 

তেওঁলোকৰ উদ্দেশ্য আছিল আইনী অভিযোগ দাখিল কৰা আৰু তেওঁলোকে 'হিন্দু বিৰোধী’ বুলি ধাৰণা কৰা ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক হেঁচা দিয়া। এনে কৰিবলৈ, তেওঁলোকে অধিবক্তা আৰু "চাইবাৰ স্বেচ্ছাসেৱক"ৰ এটা দলৰ সৈতে কাম কৰিছিল। 

এই বিৱৰণত, কোনে কি ধৰণে কাম কৰি ভাল পায় বা কোনে কি ভাল নাপায় সেইবোৰ বিষয়তকৈ ভাৰতীয় আইনৰ গণ্ডীৰ ভিতৰত থাকি আই টি চেলৰ কাম-কাজ চলাই নিয়াত গুৰুত্ব আৰোপ কৰা হৈছে।

এনেদৰে কাম কৰি কৰি তেওঁলোক একপ্ৰকাৰ অন্ধকাৰৰ অটল গহ্বৰত সোমাই পৰিছিল।

তেওঁলোকে যাক লক্ষ্য কৰি লৈছিল সেইসকলৰ বিৰুদ্ধে আইনী পদ্ধতিৰ সমান্তৰালভাৱে বিষাক্ত ট্ৰলিঙেৰেও কাম চলাই গৈছিল। ফলত যাক লক্ষ্য কৰি লৈছিল সেইসকলৰ ওপৰত একপ্ৰকাৰ নিৰ্যাতন আৰু ভয়-ভাবুকিও আহি পৰিছিল আৰু এনেদৰে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছিল। 

হিন্দু আই টি চেলে তেওঁলোকৰ লক্ষ্য অনুসৰণ আৰু চিনাক্ত কৰিবলৈ চাইবাৰ স্বেচ্ছাসেৱকসকলৰ নেটৱৰ্ক সক্ৰিয় কৰে। এনে প্ৰমাণো পোৱা গৈছে যে তেওঁলোকে ব্যক্তিগতভাৱে আৰু ফোনৰ জৰিয়তে নিয়োগকৰ্তাসহ ব্যক্তিগত বা পেছাদাৰীভাৱে লক্ষ্যটো জনা লোকসকলক এনে কৰে। তেওঁলোকে লক্ষ্যৰ বিৰুদ্ধে "পদক্ষেপ" ল'বলৈ সেইসকলক হেঁচা দিয়ে আৰু ট্ৰল কৰে। এনেকৈ প্ৰায় অৱধাৰিতভাৱে পৰ্যায়ক্ৰমে ভয়াৱহ ধৰণে অপমানজনক ট্রলিং আৰম্ভ কৰে।

আই টি চেলৰ প্ৰতিষ্ঠাপকসকলে চাইবাৰ ট্ৰ'লিঙৰ পৰা নিজকে ব্যক্তিগতভাৱে আতৰাই ৰাখে কিন্তু তেওঁলোকে যাক লক্ষ্য কৰি লয় সেইসকলৰ ব্যক্তিগত জীৱনৰ পৰা আৰম্ভ কৰি সামাজিক জীৱনো বিধ্বস্ত হৈ পৰে। কাৰিকৰীভাৱে চেলটোৱে এইবোৰৰ সৈতে জড়িত নহয় বুলি হাত এৰা দিবলৈকৈ নিজৰ বাট খোলা ৰাখি থয়।

যদি আৰক্ষীয়ে তথ্য আই টি চেলৰ অভিযোগৰ ভিত্তিত কাম কৰে, তেন্তে একাধিক থানাত এফআইআৰ দাখিলৰ জৰিয়তে আইনী প্ৰক্ৰিয়া ইমান লেহেম কৰি তোলে যে যাক লক্ষ্য কৰি লয় সেইজনে বছৰৰ পিছত বছৰ ধৰি সেই গোচৰক লৈয়ে ব্যস্ত হৈ থাকিবলগীয়াত পৰে।

উদাহৰণ হিচাপে দিল্লীৰ এগৰাকী সাংবাদিক ২৬ বছৰীয়া সুস্মিতা সিনহাৰ গোচৰটোৰ কথাকে ক’ব পাৰি।

যোৱা বছৰৰ ২০ আগষ্টত, শিৱই পাৰ্বতীৰ পাণি গ্ৰহণ কৰা দিনটোক লৈ পালিত হিন্দু উৎসৱ 'তীজ’ৰ কেইদিনমান আগতে ইনষ্টাগ্ৰামত এটা ভিডিঅ' আপলোড কৰিছিল। 

সুষ্মিতাই পোষ্টটোত লিখিছিল যে উৎসৱটো উত্তৰ ভাৰতত যথেষ্ট বিখ্যাত আৰু মহিলাসকলে তেওঁলোকৰ স্বামীৰ দীৰ্ঘ জীৱনৰ বাবে সেইদিনা উপবাসে থাকে। এই উপবাসৰ সময়ত মহিলাসকলক পানী খাবলৈও অনুমতি দিয়া নহয়। যদি মই কওঁ যে এই উৎসৱ মহিলা আৰু মহিলাৰ অধিকাৰৰ বিৰুদ্ধে, তেন্তে আপোনালোকে মোক উৎপীড়ন কৰিব পাৰে। কিন্তু মই নিজকে একো কোৱাৰ প্ৰয়োজন নাই। মই কেৱল এই কিতাপখনৰ পৰা এটা পৃষ্ঠা পঢ়িম আৰু আপুনি নিজৰ বাবে সিদ্ধান্ত ল'ব পাৰে," এই কথাখিনি লিখি তেওঁ দিল্লীৰ কমল পুষ্টকলায়ে প্ৰকাশ কৰা পুস্তিকা 'হৰতালিকা তীজ ব্ৰত কথা’ৰ এটা প্ৰতিলিপি আপলোড কৰিছিল।

তেওঁ পুস্তিকাৰ পৰা পঢ়িছিল, 'ইয়াত দাবী কৰা হৈছে যে যদি এগৰাকী মহিলাই তীজৰ সময়তত উপবাসে নাথাকে তেন্তে তেওঁ দৰিদ্ৰ, অস্পৰ্শা, বিবাদী, দুখী, অসন্তুষ্ট মহিলালৈ ৰূপান্তৰিত হ'ব। তাই লগতে কৈছিল যে পুস্তিকাখনে দাবী কৰিছে যে উপবাসৰ দিনত খোৱা খাদ্যৰ ওপৰত নিৰ্ভৰ কৰি এগৰাকী মহিলা জন্তুলৈকো ৰূপান্তৰিত হ'ব পাৰে।’

এইখিনি পঢ়াৰ পিছত, তেওঁ দৰ্শকসকলক সুধিছিল যে এয়া নাৰী বিৰোধী হয় নে নহয়? তেওঁ আৰু কৈছিল যে এই পুস্তিকাখন কোনো কামৰেই নহয় আৰু ইয়াক কেৱল টয়লেট পেপাৰ হিচাপেহে ব্যৱহাৰ কৰিব পাৰি। 

"এগৰাকী মহিলাই তেওঁৰ স্বামীৰ বাবে উপবাসে নাথাকিলে জন্তুলৈ ৰূপান্তৰিত হ'ব বুলি দাবী কৰা এখন অদৰকাৰী কিতাপৰ বিৰুদ্ধে এয়া মোৰ এক প্ৰতিবাদ।"-সুস্মিতাই পোষ্টটোত কৈছিল।

কিন্তু সুস্মিতাৰ ভিডিঅ'টোৰ ২ মিনিট আৰু ২০ ছেকেণ্ডক হিন্দু আই টি চেলে টাৰ্গেট কৰি লৈছিল। আই টি চেলৰ লোকসকলে ভিডিঅ'টোৰ পৰা মাত্ৰ ১৭ ছেকেণ্ডৰ ক্লিপ শ্বেয়াৰ কৰিছিল য'ত সুস্মিতাই পুস্তিকাখন টয়লেট পেপাৰ হিচাপে ব্যৱহাৰ কৰাৰ কথা কৈছিল। ক্লিপটোৰ কেৱল টয়লেট পেপাৰ কথা থকা অংশটো ট্ৰিম কৰা হৈছিল। লগে লগে ভিডিঅ’টো ভাইৰেল হৈ পৰিছিল আৰু এনেকৈ সুস্মিতাৰ ওপৰত জপিয়াই পৰিছিল হিন্দু আইটি চেলৰ ট্ৰল বাহিনী।

এইদৰে আই টি চেল আৰু ইয়াৰ স্বেচ্ছাসেৱকসকলৰ সংগঠিত ভয়াৱহ ট্ৰলিঙৰ সন্মুখীন হৈছিল সুস্মিতা।

MEDIA 2 : VIDEO OF SUSHMITA SINHA

হিন্দু আই টি চেলে ২০২০ চনৰ ২৬ আগষ্টত ৩.২৯কে অনুসৰণকাৰীৰ সৈতে ইয়াৰ টেলিগ্ৰাম চেনেলত ভিডিঅ' ক্লিপটো শ্বেয়াৰ কৰিছিল আৰু স্বেচ্ছাসেৱকসকলক যিমান পাৰে সিমান শ্বেয়াৰ কৰিবলৈ কৈছিল। এতিয়ালৈকে ভিডিঅ’টোৱে 2,04,832 ভিউজ আৰু 16.9K কমেণ্ট লাভ কৰিছে। স্বেচ্ছাসেৱকসকলক সুস্মিতাৰ বিৰুদ্ধে আইনী অভিযোগ দাখিল কৰিবলৈ মুকলিভাৱে আহ্বান জনোৱা হৈছিল, আনকি তেওঁলোকক সহায় কৰিবলৈ প্ৰচাৰ কৰা অভিযোগৰ এটা মৌলিক খচৰাও কৰা হৈছিল। যিসকলে আগবাঢ়ি আহি অভিযোগ দাখিল কৰিছিল তেওঁলোকক টুইটাৰত "যোদ্ধা" হিচাপে ৰাজহুৱাকৈ পুৰস্কৃত কৰা হৈছিল আৰু সেইসকলে অধিক ফল’ৱাৰ্ছ লাভ কৰিছিল। 

MEDIA 3 : HINDU IT CELL GIVING SHOUTOUTS TO PEOPLE WHO FILED COMPLAINTS

সোপন্থী ভাৱধাৰাৰ ৱেবছাইটবোৰে লগে লগে আই টি চেলৰ টুইটবোৰৰ ওপৰত ভিত্তি কৰি সুস্মিতাক লৈ ক্লিকবেইট প্ৰবন্ধ লিখিবলৈ আৰম্ভ কৰিছিল। অধিকাংশ লেখাতে তেওঁৰ ব্যক্তিগত ফটো, ঠিকনা আৰু সম্পৰ্কৰ কথাও আপলোড কৰিছিল। ইয়াৰ পিছত এটা হিন্দী টিভি চেনেলে সুস্মিতাৰ স্পষ্টীকৰণ অবিহনে সুস্মিতাক লৈ এক ঘণ্টাৰ টকশ্ব’ সম্প্ৰচাৰ কৰিছিল।

MEDIA 4 : TWEET BY SINHA WITH HER CLARIFICATION 

দিন যোৱাৰ লগে লগে ট্ৰলৰ পৰিমাণ বাঢ়ি গৈছিল। সুস্মিতাক ধৰ্ষণ, হত্যা আৰু এচিড আক্ৰমণৰ ভাবুকি দিয়া হৈছিল। তেওঁৰ পৰিয়ালক তেওঁলোকৰ চিনাকিসকলে সামাজিকভাৱে বৰ্জন কৰিছিল। তেওঁৰ নিয়োগকৰ্তাসকলকো আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিল।

MEDIA 5 : INSERT VIDEO OF MAN MOHAN TROLLING SINHA 

 

"হিন্দু আই টি চেলৰ স্বেচ্ছাসেৱকসকলে মোৰ বন্ধুবৰ্গক ফোন কৰিছিল, তেওঁলোকক মোৰ ঠিকনা প্ৰকাশ কৰিবলৈ বাধ্য কৰোৱা হৈছিল। বন্ধুবৰ্গক কৈছিল যে তেওঁলোকে ঘৰলৈ আহি মোৰ সৈতে কথা পাতিব বিচাৰে,"- সুস্মিতাই কয়। "মই এই ঘটনাবোৰক লৈ ইমানে ভীতিগ্ৰস্ত হৈ পৰিছিলো যে দিল্লীৰ ঘৰৰ পৰা বেলেগলৈ গুচি গৈছিলো।’

MEDIA 6 : HINDU IT CELL ASKING FOR DETAILS OF SUSHMITA SINHA

সুষ্মিতাৰ বিৰুদ্ধে আই টি চেলে চলোৱা এই অভিযানক ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰয়ো সমৰ্থন জনাইছিল। তেওঁ সুস্মিতাক টুইটাৰত প্ৰত্যুত্তৰ দিবলৈ আহ্বান জনাইছিল। তাৰ পিছতে ভাৰতত ট্ৰেণ্ডিং হৈছিল #ArrestSushmitaSinha।

"সেই টুইটৰ পিছত মই কঁপি উঠিছিলো। মই নিশ্চিত আছিলো যে মই গ্ৰেপ্তাৰ হ'ম," সুস্মিতাই কয়। "মই এপলকো শুব পৰা নাছিলো। যি ঘটি আছিল সেইবোৰে মোক হতাশ কৰি তুলিছিল।"

আই টি চেলে পৰৱৰ্তী টাৰ্গেটৰ সন্ধান নোপোৱা পৰ্যন্ত ৭ ছেপ্টেম্বৰলৈকে সেই ভয়াৱহ ট্ৰলিং চলাই গৈছিল। ৭ ছেপ্টেম্বৰৰ পিছত তেওঁলোকৰ টাৰ্গেট হৈ পৰিছিল এথিষ্ট ৰিপাব্লিকৰ আৰভিন নবাবি।
 
নবাবিয়ে হিন্দু দেৱীৰ কেৰিকেচাৰৰ সৈতে এটা টুইট কৰিছিল য'ত তেওঁক "আবেদনময়ী" বুলি কোৱা হৈছিল। তেওঁৰ বিৰুদ্ধে একে ধৰণেৰে তৎক্ষণাৎ অভিযোগ দাখিল কৰা হৈছিল। 

সুস্মিতাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগবোৰ ইমান দূৰলৈ যোৱা নাছিল। ছয় মাহ পৰ্যন্ত, আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰা নাছিল। 

"কিন্তু এই ঘটনাটোৱে মোৰ আত্মবিশ্বাস নাইকিয়া কৰিছিল," সুস্মিতাই কৈছিল। "আজিও মই ভয় খাইছো। ঘটনাটোৱে মোক মানসিকভাৱে ভাঙি পেলাইছে।"

আই টি চেলৰ এনে আক্ৰমণৰ সুস্মিতাই একমাত্ৰ ভুক্তভোগী নহয়।
 
আই টি চেলৰ প্ৰতিষ্ঠাপকসকলৰ মতে, ২০২০ চনৰ মে’ মাহৰ পৰা আই টি চেলে ৫০০ ৰো অধিক অভিযোগ দাখিল কৰিছে। এইটো এতিয়া ভাৰতীয় ট্ৰাষ্ট আইনৰ অধীনত এটা পঞ্জীভুক্ত সংগঠন। ১১ জন স্বেচ্ছাসেৱকৰ দ্বাৰা প্ৰতিস্থাপন কৰা এই আই টি চেলৰ এতিয়া সমগ্ৰ ভাৰতত ২০০ ৰো অধিক সক্ৰিয় স্বেচ্ছাসেৱক আছে।
 
তেওঁলোকৰ লক্ষ্য হিচাপে আছে সাংবাদিক, অধিবক্তা আৰু সামাজিক কাৰ্যকৰ্তা।

(স্পষ্টিকৰন: এই প্ৰতিবেদনৰ এজন প্ৰতিবেদক হিন্দু আই টি চেলে এক টুইটৰ বাবে টাৰ্গেট কৰি লোৱা সাংবাদিকসকলৰ ভিতৰৰে এজন। এইটো তেওঁৰেই কাহিনী।)

হিন্দু আই টি চেল হৈছে ৰমেশ ছোলাংকি আৰু বিকাশ পাণ্ডেৰ মগজুৰ সৃষ্টি।

ৰমেশে নিজকে তেওঁৰ টুইটাৰ বায়োত "অতি গৌৰৱান্বিত হিন্দু জাতীয়তাবাদী" হিচাপে উল্লেখ কৰিছে। তেওঁ ভাৰতীয় ৰাজপুত নামৰ এটা ব্লগো চলাই যাৰ টেগলাইনে বহু অৰ্থ বহন কৰে, "সুখৰ ৰহস্য স্বাধীনতা আৰু স্বাধীনতাৰ ৰহস্য সাহস।"

MEDIA 7 : PHOTO OF RAMESH SOLANKI 

ৰমেশে ১৯৯৮ চনত শিৱসেনাত যোগদান কৰিছিল আৰু বছৰ ধৰি ইয়াৰ আই টি চেলৰ সৈতে জড়িত আছিল। ২০১৯ চনত যেতিয়া শিৱসেনাই তেওঁলোকৰ এসময়ৰ আদৰ্শগত প্ৰতিদ্বন্দী কংগ্ৰেছ আৰু এনচিপিৰ সৈতে মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰিবলৈ মিত্ৰতা কৰিছিল তেতিয়া তেওঁ শিৱসেনা এৰিছিল। তেওঁ হিন্দুত্ববাদৰ লক্ষ্য ত্যাগ কৰিব পৰা নাছিল। এই কথাটো বিকাশৰ সৈতে দিয়া এক যৌথ সাক্ষাৎকাৰত কৈছিল ৰমেশে। 

শিৱসেনাৰ পৰা প্ৰস্থান কৰাৰ বিষয়ে ব্যাখ্যা কৰি টুইটাৰ থ্ৰেডত তেওঁ এটা হিন্দী প্ৰবাদ উদ্ধৃত কৰিছে। "ডুবি যোৱা জাহাজৰ পৰা প্ৰথমে জপিয়াই যোৱাটোৱেই হৈছে নিগনি।" তেওঁ নিজকে কি বুলি ভাবি সেই প্ৰবাদটো উধৃত কৰিছে সেয়া ঠিৰাং কৰাতো অৱশ্যেই কঠিন। 

উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ বাসিন্দা বিকাশ বিজেপিৰ আই টি চেলৰ সৈতে জড়িত আছিল আৰু ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত ছ’চিয়েল মিডিয়াোগে প্ৰচাৰ চলাবলৈ সহায় কৰিছিল। ২০২০ চনৰ ১৭ নৱেম্বৰত তেওঁ এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ পুত্ৰক তুলি ধৰা এখন ফটো ফেচবুকত পোষ্ট কৰে। বিকাশে প্ৰায়ে মোডী আৰু বিজেপি মন্ত্ৰীসকলৰ সৈতে তেওঁৰ ব্যক্তিগত সম্পৰ্কক লৈ সামাজিক মাধ্যমত গৰ্ব কৰি আহিছে। 

হিন্দু আই টি চেলৰ উপৰিও, তেওঁ মোদীৰ সমৰ্থনত এটা টুইটাৰ হেণ্ডেলো চলাই আহিছে।

https://twitter.com/isupportnamo

 

MEDIA 8 : PHOTO OF VIKAS WITH MODI

এটা অনলাইন সাক্ষাৎকাৰত, ৰমেশে এই সকলোবোৰ কেনেদৰে আৰম্ভ হৈছিল সেয়া উল্লেখ কৰিছে। "লকডাউনৰ সময়ত মহাভাৰত আৰু ৰামায়ণৰ পুনৰ প্ৰচাৰৰ পিছত অনলাইনত হিন্দু দেৱ-দেৱীসকলক লৈ ভিন্ন বিতৰ্কিত মন্তব্য বৃদ্ধি হৈছিল। তাৰ পিছত বিকাশে মোক ফোন কৰিছিল আৰু কৈছিল যে আমি এই বিষয়ে কিবা কৰা উচিত,"-তেওঁ কয়। "মই জানিছিলো যে মানুহে মোৰ পৰা বহুত আশা কৰে, কিন্তু মোৰ সীমাবদ্ধতাও আছে। মই ইতিমধ্যে আমাৰ ধৰ্মৰ বিৰুদ্ধে কথা কোৱাসকলৰ বিৰুদ্ধে এশৰো অধিক অভিযোগ দাখিল কৰিছো। বহু চিন্তাৰ পিছত বিকাশ আৰু মই সিদ্ধান্ত লৈছিলো যে আইনী উপায়েৰে আমাৰ ধৰ্মৰ বাবে যুঁজিবলৈ আমি একে চিন্তাৰ লোকসকলক এখন মঞ্চলৈ আনিম। এনেদৰে হিন্দু আই টি চেলৰ জন্ম হৈছিল।"

ৰমেশে "হিন্দু বিৰোধী’ মন্তব্য কৰাক লৈ টিকটক ইউজাৰ, নেটফ্লিক্স ইণ্ডিয়া আৰু অভিনেতাসকলৰ বিৰুদ্ধে কেইবাটাও গোচৰ পঞ্জীয়ন কৰিছে। 

"মোৰ লক্ষ্য আছিল এটা দিনত ২,৫০০ টুইটেৰে ভাৰতত নেটফ্লিক্স নিষিদ্ধ কৰাৰ দাবীটো ট্ৰেণ্ডিঙত অনা। মই ৮ বজাত আৰম্ভ কৰিছিলো আৰু এঘণ্টাৰ ভিতৰত মই প্ৰায় ৭০-৮০ হাজাৰ টুইট পাইছিলো আৰু ই সমগ্ৰ বিশ্বতে ট্ৰেণ্ড কৰিছিল।"-ৰমেশে কয়।

 

কেনেদৰে কাম কৰে হিন্দু আইটি চেলে?

ৰমেশে বৰ্ণনা কৰিছিল যে তেওঁলোকৰ নেটৱৰ্কে কেনেদৰে কাম কৰে। "যেতিয়াই  হিন্দুফোবিক কিবা দেখে তেতিয়াই তেওঁলোকে আমাক টেগ কৰে," তেওঁ স্বেচ্ছাসেৱকসকলৰ কথা উল্লেখ কৰি কয়। "আমি সেই পোষ্টবোৰ আমাৰ মূল দললৈ লৈ যাওঁ আৰু তেতিয়াই আমি গৱেষণা আৰম্ভ কৰোঁ। পোষ্টটো এটা প্ৰমাণিত হেণ্ডেলৰ পৰা নেকি? ব্যক্তিজনৰ কি কাৰ্যসূচী আছিল? আই.টি. চেলে হেণ্ডেলৰ দ্বাৰা আন কোনো পোষ্ট আছে নে নাই পৰীক্ষা কৰে যিবোৰ হিন্দু বিৰোধী বা ৰাষ্ট্ৰ বিৰোধী। মূল দলটোৱে সিদ্ধান্ত লোৱাৰ পিছত যেতিয়া তেওঁলোকে গোচৰটো অনুসৰণ কৰিব বিচাৰে তেতিয়া আমি সেই ব্যক্তিজনৰ অৱস্থান বিচাৰিবলৈ চেষ্টা কৰোঁ। আমি মানুহক সামাজিক মাধ্যমত আমাক ঠিকনা, কৰ্মস্থান আৰু অন্যান্য বিৱৰণ আদি প্ৰেৰণ কৰিবলৈ কওঁ।"

তেওঁ লগতে কয়, "তাৰ পিছত আমাৰ উকীলসকলে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰে। তেওঁলোকে অভিযোগটো আলোচনা আৰু খচৰা কৰে। সেই খচৰাটো স্বেচ্ছাসেৱকৰ এটা গোটৰ সৈতে ভাগ বতৰা কৰা হয় যিয়ে অভিযোগ দাখিল কৰে। আমি তেওঁলোকক গৃহ মন্ত্ৰালয়ৰ চাইবাৰ চেলৰ যোগাযোগ নম্বৰ আৰু ব্যক্তিজনৰ ঠিকনা দি দিও। ২০ বা ৩০ জন স্বেচ্ছাসেৱকে অনলাইন বা থানালৈ গৈ অভিযোগ দাখিল কৰাৰ পিছত, আমি সেই স্ক্ৰীণশ্বটবোৰ আমাৰ টুইটাৰত আপলোড কৰোঁ। আমি আমাৰ অনুগামীসকলক অভিযোগ দাখিল কৰা স্বেচ্ছাসেৱকসকলক অনুসৰণ কৰিবলৈ কওঁ।"

MEDIA 9 : SCREENSHOT OF THE WEBINAR OF THE TEAM MEMBERS

"সেই পৰ্যায়ৰ পিছত, আইনী প্ৰক্ৰিয়া আৰম্ভ হয়। চাইবাৰ ক্ৰাইম ৱেবছাইটৰ পৰা অভিযোগটো স্থানীয় আৰক্ষী থানা পায়। তাৰ পিছত আৰক্ষীয়ে আমাৰ স্বেচ্ছাসেৱকসকলক বিবৃতি দিবলৈ মাতে। আমাৰ স্বেচ্ছাসেৱকসকলে আৰক্ষীক এজাহাৰ পঞ্জীয়ন কৰিবলৈ হেঁচা দিয়ে," ৰমেশে কৈছিল। "প্ৰথমে টুইটৰ পৰা এজাহাৰলৈ, আমাৰ স্বেচ্ছাসেৱকসকল প্ৰতিটো স্তৰতে কাম কৰি যায়। আমি নিশ্চিত কৰোঁ যে যাৰ বিৰুদ্ধে অভিযোগ দিয়া হৈছে তেওঁক গ্ৰেপ্তাৰ কৰা হয় আৰু কাৰাগাৰলৈ যাবলগীয়া হয়।"

ভুক্তভোগীসকল

২০২০ চনৰ জুলাই মাহত, ষ্টেণ্ড আপ কৌতুক অভিনেতা আগ্ৰিমা যশোৱাক মাৰাঠা শাসক শিৱাজীৰ প্ৰস্তাৱিত প্ৰতিমূৰ্তিক লৈ আপলোড কৰা এটা পুৰণি ভিডিঅ'ৰ বাবে ট্ৰল কৰা হৈছিল। তেওঁৰ ভিডিঅ'টো হিন্দু আই টি চেলে ফ্লেগ কৰিছিল। 

MEDIA 10 : SCREENSHOT OF AGRIMA JOSHUA 

কুখ্যাত কাঠুৱা ধৰ্ষণ আৰু হত্যাৰ গোচৰক লৈ মন্তব্য কৰা উকীল দীপিকা ৰাজাৱতক ২০২০ চনৰ অক্টোবৰত আই টি চেলে "হিন্দুফোবিক" বুলি ঘোষণা কৰিছিল। তেওঁ শ্বেয়াৰ কৰা ধৰ্ষণ সজাগতা বিষয়ক এখন পোষ্টাৰক হিন্দু উৎসৱ নৱৰাত্ৰিক অপমান কৰা বুলি ভুলকৈ প্ৰকাশ কৰা হৈছিল। ২০২০ চনৰ ২১ অক্টোবৰৰ নিশা তেওঁৰ ঘৰৰ বাহিৰত বহু লোক একত্ৰিত হোৱাৰ পিছত ৰাজাৱতে সামাজিক মাধ্যমত সহায়ৰ বাবে আবেদন কৰিব লগা হৈছিল। আই টি চেলৰ ট্ৰলিঙৰ দ্বাৰা উন্মত্ত হৈ পৰা জনতাই ঘৰৰ বাহিৰত চিঞৰিছিল, "দীপিকাক এতিয়াই কবৰ দিয়া হ'ব।"

MEDIA 11 : SCREENSHOT OF DEEPIKA RAJAWAT’S TROLLS  

দুখজনক অভিজ্ঞতাৰ কথা বৰ্ণনা কৰি ৰাজাৱতে কয়, "মই এইটো জনাবলৈ ইচ্ছুক যে মোৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰা স্থানীয় আৰক্ষী বিষয়াজনে স্পষ্টভাৱে কৈছিল যে তেওঁ আই টি চেলৰ হেঁচাত এনে কৰিবলৈ বাধ্য হৈছে।" (অৱশ্যে এয়া আমি স্বতন্ত্ৰভাৱে নিশ্চিত কৰিব পৰা নাই।)

দলিত সম্প্ৰদায়ৰ সমস্যাৰ বিষয়ে কোৱা দিল্লীৰ সাংবাদিক সাকেত কুমাৰক হিন্দু দেৱতা হনুমানক লৈ কৰা মন্তব্যৰ বাবে আই টি চেলে ট্ৰল কৰিছিল। 

"এসপ্তাহ ধৰি সেই ভয়াৱহ ট্ৰ’ল চলিছিল। এইটো দুঃস্বপ্নতকৈ কম নাছিল," তেওঁ কৈছিল। "তেওঁলোকে কেৱল মোৰ পিছত লগা নাছিল, মোৰ প্ৰেমিকাকো টাৰ্গেট কৰি লৈছিল। তেওঁলোকে মোৰ কৰ্মস্থান, মোৰ ব্যক্তিগত সম্পৰ্ক, তেওঁলোকে পোৱা সকলোবোৰকে লক্ষ্য কৰিছিল। মই এতিয়াও সেই সময়খিনি পাহৰিব পৰা নাই।"

একাধিকবাৰ স্পষ্ট ধৰ্ষণৰ ভাবুকি পোৱা আগ্ৰিমাই ট্ৰলিঙক ফৰিঙৰ জাকৰ আক্ৰমণৰ সৈতে তুলনা কৰিছিল। 

ছচিয়েল মিডিয়াত ট্ৰ’ল একপ্ৰকাৰ নিয়মেই হৈ পৰিছে। কিন্তু হিন্দু আই টি চেলে আৰম্ভ কৰা সমবেত ট্ৰ'লিং অধিক ভয়ংকৰ। উদাহৰণ স্বৰূপে হনুমান মনমোহন নামৰ এজন ইউটিউবাৰে আই টি চেলে লক্ষ্য কৰি লোৱাসকলক লৈ ভিডিঅ' ট্ৰলিং কৰি আন এক সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে।

MEDIA 12 : LINKS TO THE TROLLING BY HANUMAN MANMOHAN 

https://www.youtube.com/watch?v=JrWjHQaL7YE

https://www.youtube.com/watch?v=G3C3lm3nGQg

https://www.youtube.com/watch?v=DqGyv6wEP_s

https://www.youtube.com/watch?v=BriRPNCN3Qo

https://www.youtube.com/watch?v=LnQO6mhzdno

ৰমেশে এজন ব্যক্তিক লক্ষ্য কৰি লৈ কৰা ট্ৰলিঙৰ প্ৰশ্ন কৰিলে নিজকে আৰু তেওঁৰ সংগঠনক ইয়াৰ পৰা আতৰাই ৰাখিছিল। কিন্তু তেনে ট্ৰলিঙক তেওঁ সমৰ্থন কৰিছিল। 

তেওঁ কয়, "আমি এই ট্ৰলিঙৰ নিন্দা কৰোঁ কিন্তু এই লোকসকলে ভিক্টিম কাৰ্ডৰ আশ্ৰয় লয়।" বিশেষভাৱে তেওঁ অনিমাৰ ঘটনাৰ বিষয়ে কয়, "তেওঁ কি কৰি আছে সেই বিষয়ে তেওঁ ভালদৰে অৱগত আছিল, তাৰ পিছতো তেওঁ আগবাঢ়ি গৈছিল আৰু ভিক্টিম কাৰ্ড আৰু ৰাজনীতিৰ খেল খেলিছিল।"

হিন্দু আই টি চেলে এজন ব্যক্তিক লক্ষ্য কৰি থকা ট্ৰল কৰাটোক লৈ কি ভাৱে বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "যেতিয়া তেওঁলোকে হিন্দুসকলক উৎপীড়ন কৰে, তেওঁলোকে মনত ৰাখিব লাগে যে প্ৰতিটো কাৰ্যৰ প্ৰতিক্ৰিয়া হ'ব। সকলোৱে মহাত্মা গান্ধীৰ পথ অনুসৰণ নকৰে, কোনোবা এজনে ভগত সিঙকো অনুসৰণ কৰিব। মুনাৱাৰ ফাৰুকিৰ সৈতেও এনে কৰা হৈছিল।"

নতুন বছৰৰ প্ৰথম দিনটোত মধ্য প্ৰদেশৰ ইন্দোৰত ফাৰুকিক হিন্দু দেৱতাসকলক অপমান কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল য'ত নেকি তেওঁ টু শব্দ এটা কৰা নাছিল। উচ্চতম ন্যায়ালয়ত জামিনত মুক্তি পোৱাৰ আগতে তেওঁ এমাহৰো অধিককাল কাৰাগাৰত অতিবাহিত কৰিছিল।
  
আচৰিত ধৰণে গ্ৰেপ্তাৰ হোৱাৰ আঠ মাহ আগতে ২০২০ চনৰ এপ্ৰিলত মুনাৱাৰৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল ৰমেশে।

MEDIA: LINK TO RAMESH SOLANKI’S TWEET TARGETING MUNAWAR 

https://twitter.com/Rajput_Ramesh/status/1250186663222857728?s=20

"যদি আপুনি ভাবে যে আপুনি কাৰোবাৰ অনুভূতিত আঘাত কৰিব পাৰে আৰু মানুহে হাততালি দিব, সেইটো সঠিক নহয়। যেতিয়া আপুনি অপমান আৰু ঠাট্টা কৰি আছে আপুনি মনত ৰাখিব লাগে যে ইয়াৰ পৰিণামো তেনে ধৰণৰেই হ'ব। যদি আপুনি (আমাৰ দেৱতাক) গালি নিদিয়ে তেন্তে আপোনাক ট্ৰল কৰা নহ'ব। বুজিবলৈ এয়া তেনেই সহজ।," ৰমেশে সকীয়াই দি কৈছিল। "তেওঁলোকৰ নিজৰ ভুলৰ বাবে এনেদৰে ট্ৰলৰ সন্মুখীন হৈছে, আমাৰ বাবে নহয়। আমি ভাল লোকসকলক লক্ষ্য নকৰোঁ। আমি হিন্দুসকলক ঠাট্টা কৰা হিন্দুত্ববাদক ঠাট্টা কৰা আৰু ভাৰতক ঠাট্টা কৰা লোকসকলক লক্ষ্য কৰি আহিছো।’

"এইটো তেওঁলোকৰ দোষ," ট্ৰ'লিঙক সমৰ্থন জনাই তেওঁ আৰু কৈছিল "এইক্ষেত্ৰত তেওঁলোকক আমি সহায় কৰিব নোৱাৰো।"

 

আইনী বিফলতা

বাক স্বাধীনতাৰ সমান্তৰালভাৱে ধৰ্মীয় অনুভূতিক আঘাত নকৰিবলৈ থকা সকীয়নি বহু দশক ধৰি এই দেশত চলি আহিছে। কোনো বা আন ধৰ্মক সুৰক্ষিত কৰিবলৈ দাবী কৰা গোট আৰু ব্যক্তিসকলে বাক স্বাধীনতা নিয়ন্ত্ৰণ কৰিবলৈ ৰাজহুৱা স্থানৰ লগতে আদালতৰো দ্বাৰস্থ হৈছে।
 
ভাৰতৰ সংবিধানে বাক স্বাধীনতাৰ অধিকাৰ প্ৰদান কৰে। কিন্তু সংবিধানে চৰকাৰক বাক স্বাধীনতাৰ ওপৰত "যুক্তিসঙ্গত নিষেধাজ্ঞা" আৰোপ কৰিবলৈকো অধিকাৰ দিছে। এই প্ৰতিবন্ধকতাবোৰে ভাৰতীয় দণ্ড বিধিৰ দুটা নিৰ্দিষ্ট ব্যৱস্থাৰ ৰূপ লৈছে আৰু সেয়া হৈছে ধাৰ্মিক অনুভূতিত আঘাত কৰাত বাধা আৰোপ কৰা আৰু তেনে কাৰ্যৰ দ্বাৰা আৰু ধৰ্মীয়, জাতিগত বা ভাষাভিত্তিক সংঘৰ্ষ সৃষ্টিত উদগনি যোগোৱাসকলক শাস্তি প্ৰদান কৰা। 

হিন্দু আই টি চেলে আইনী উপায়ৰ জৰিয়তে মানুহক লক্ষ্য কৰাটোৰ বেছিভাগেই এই দুটা বিধানৰ ওপৰত নিৰ্ভৰ কৰে। সেয়া হৈছে দণ্ড বিধিৰ ধাৰা ১৫৩-এ আৰু ২৯৫-এ। আই টি চেলৰ স্বেচ্ছাসেৱকসকলে প্ৰায়ে আৰক্ষীক দিয়া অভিযোগত এই ধাৰা দুটাৰ কথা উল্লেখ কৰে। 

এজন উকীল গৌতম ভাটিয়াই কয় যে ভাৰতীয় দণ্ড বিধিৰ ধাৰা ২৯৫A একপ্ৰকাৰ ব্লাছফেমী আইন সদৃশ। ধাৰা ২৯৫এ-য়ে যিকোনো শ্ৰেণীৰ নাগৰিকৰ ধৰ্ম বা ধৰ্মীয় বিশ্বাসক অপমান কৰা কাৰ্যক দণ্ডিত কৰে, যদি কোনো এক ধৰ্মৰ লোকৰ ধৰ্মীয় অনুভূতিত ইচ্ছাকৃতভাৱে আৰু ক্ষতিকাৰক উদ্দেশ্যৰে আঘাত কৰা হয়"।
এইটো এটা সংগত অপৰাধ যাৰ অৰ্থ হৈছে আৰক্ষীয়ে আদালতৰ ৱাৰেণ্ট অবিহনে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিব পাৰে। 

ধাৰা ১৫৩এ-এ এজন ব্যক্তিক "ধৰ্ম, জাতি, জন্মস্থান, বাসস্থান, ভাষা আদিৰ ভিত্তিত বিভিন্ন গোটৰ মাজত শত্ৰুতা বৃদ্ধি কৰা আৰু সাম্প্ৰদায়িক সংঘৰ্ষত উছটনি যোগোৱাৰ বাবে দোষী হোৱা ব্যক্তিজনক শাস্তি দিয়ে।" ঘৃণা বিয়পোৱা ভাষণ প্ৰতিহত কৰিবলৈ এই ধাৰাৰ সৃষ্টি কৰা হৈছে। 

ধাৰা ২৯৫এ উচ্চতম ন্যায়ালয়ৰ পাঁচ ন্যায়াধীশৰ বিচাৰপীঠৰ দ্বাৰা বৈধ কৰা হৈছে। ভাটিয়াই কয়, ইয়াৰ সাংবিধানিক বৈধতা কেৱল সাতজনীয়া বিচাৰপীঠে পৰ্যালোচনা কৰিব পাৰে, যিটো নেকি একপ্ৰকাৰ কঠিন সম্ভাৱনা।

১৯৫৭ চনত পাঁচজনীয়া বিচাৰপীঠৰ সিদ্ধান্তৰ পৰা, অৱশ্যে, আদালতে ব্লাছফেমী আইন সদৃশ আইনৰ এই ভাৰতীয় সংস্কৰণৰ ওপৰত সিদ্ধান্ত লোৱাত স্থিৰতা দেখুওৱা নাই। উচ্চতম ন্যায়ালয়ৰ কিছুমান আদেশ আছে যিয়ে এই ব্যৱস্থাবোৰ কেনেদৰে বলৱৎ কৰা হয় তাৰ ওপৰত দৃষ্টি ৰাখিছে।

সংবিধানৰ অনুচ্ছেদ ১৯এ-ৰ অধীনত বাক স্বাধীনতাৰ বাবে সাংবিধানিক সুৰক্ষাৰ কথা দোহাৰি আদালতে একাধিক সময়ত এই দুটা দণ্ডমূলক ব্যৱস্থাৰ অপব্যৱহাৰৰ কথা উল্লেখ কৰিছে। ক্ৰিকেটাৰ এম এছ ধোনীয়ে ২৯৫এ ৰ অধীনত তেওঁৰ বিৰুদ্ধে ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ বাবে তৰা গোচৰক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদন সন্দৰ্ভত ৰায় দি শীৰ্ষ আদালতে কয় যে ধৰ্মৰ প্ৰতি অজানিতে বা অসাৱধানৱশত "অপমান" কৰাটোক লৈ শাস্তি প্ৰদান কৰা নহয় কিয়নো ইয়াৰ ফলত আইনৰ অপব্যৱহাৰ হ'ব। ধোনীক ২০১৩ চনত এটা ব্যৱসায়িক আলোচনীৰ কভাৰত ভগৱান বিষ্ণু হিচাপে চিত্ৰিত কৰাৰ বাবে সোধ-পোছ কৰা হৈছিল।

১৫৩এ সম্পৰ্কে, আদালতে যোৱা বছৰৰ ডিচেম্বৰত ৰায় দিছিল যে এই আইনৰ অধীনত অভিযোগ পঞ্জীয়ন কৰাৰ বাবে তাৰ ফলত হ’ব পৰা ক্ষতি বা তাত নিহিত হৈ থকা ভয়াৱহ উদ্দেশ্যৰ বিষয়ে উল্লেখ কৰা প্ৰয়োজন। 

কিন্তু এইটো কেৱল আইনৰ ন্যায়িক ব্যাখ্যা নহয় যিয়ে হিন্দু আই টি চেলৰ ভুক্তভোগীসকলক আঘাত কৰে। এইটো ভাৰতৰ অপৰাধী ন্যায় প্ৰণালী আৰু ট্ৰলিঙৰ ধীৰ গতি, যাৰ ফলত কেতিয়াবা গুৰুতৰ সমস্যাৰ উদ্ভৱ হ’ব পাৰে।

ইণ্টাৰনেট ফ্ৰীডম ফাউণ্ডেচনৰ সৈতে বাক স্বাধীনতাৰ অধিকাৰৰ হৈ কাম কৰা অধিবক্তা অভিনৱ শেখৰীয়ে কয়, "এই ঘৃণা বিয়পোৱাৰ অপৰাধত, ধৰ্মীয় অনুভূতিক আঘাত কৰিছে বুলি অভিযোগ কৰা হৈছে। কেৱল সেই অপৰীক্ষিত আৰু অপ্ৰমাণিত অভিযোগৰ ওপৰত ভিত্তি কৰি, এজন ব্যক্তিক জামিনৰ অধিকাৰ অবিহনে গ্ৰেপ্তাৰ কৰিব পাৰি কিয়নো এই অপৰাধবোৰ সংগত আৰু জামিনবিহীন। ইয়াৰ ফলত পক্ষপাত আৰম্ভ হয় আৰু উৎপীড়ন আৰম্ভ হয়। সেইবাবে এম এছ ধোনীৰ দৰে বিখ্যাত খেলুৱৈয়েও সুৰক্ষাৰ বাবে উচ্চতম ন্যায়ালয়লৈ দৌৰি যায়, কিয়নো আমাৰ আইনী ব্যৱস্থাই অভিযোগ দিলেই কাৰাগাৰত ৰাখিবলৈ দিয়ে, আৰু ন্যায় ব্যৱস্থাৰ ধীৰ গতিৰ চকাবোৰৰ বাবেও কাৰাগাৰত দীঘলীয়া সময় আৱদ্ধ হৈ থাকিবলগীয়া হয়। আৰক্ষীয়ে অপৰাধৰ মানসিক বিষয়বোৰ কেনেকৈ অনুসন্ধান কৰে আৰু সেয়া প্ৰমাণিত হয় নে নহয় সেয়াও এই প্ৰাৰম্ভিক পৰ্যায়ত গৌণ হৈ পৰে।"

সাকেত কুমাৰৰ গোচৰত, হিন্দু আই টি চেলে কমেও ছয়টা অভিযোগ দাখিল কৰিছিল, গোচৰ ৰুজু হোৱা নাছিল। আন কেইবাটাও ক্ষেত্ৰত, অভিযোগবোৰ আইনী পৰীক্ষাত ব্যৰ্থ হৈছে। 

দিল্লী উচ্চ ন্যায়ালয়ৰ এজন অধিবক্তা মুকেশ শৰ্মা, যি আই টি চেলৰ আইনী উপদেষ্টা হিচাপে কাম কৰে, তেওঁ এই বিষয়টোক লৈ একপ্ৰকাৰ নিশ্চিত। তেওঁ কয়, "আৰক্ষী থানাত ৫০-৬০ টা অভিযোগ পৰি আছে যিসমূহ এফআইআৰলৈ ৰূপান্তৰ হোৱা নাই।" "সেই ক্ষেত্ৰত, আমি তেওঁলোকৰ উৰ্ধতম কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰো, সংশ্লিষ্ট এছএইচঅ' বা ডিচিপিসকলক বিষয়টো বিবেচনা কৰিবলৈ অনুৰোধ কৰোঁ। যদি তেওঁলোকে সেয়া কৰিবলৈ ব্যৰ্থ হয় তেন্তে আমি চিআৰপিচিৰ ধাৰা ১৫৬(৩) ৰ অধীনত স্থানীয় আদালতত আবেদন দাখিল কৰোঁ।"

অপৰাধী প্ৰক্ৰিয়া সংহিতাৰ ধাৰা ১৫৬(৩)-য়ে এজন দণ্ডাধীশক অভিযোগৰ তদন্ত কৰিবলৈ আৰক্ষীক আদেশ কৰিবলৈ ক্ষমতা প্ৰদান কৰে।

তেওঁ বিস্তৃতভাৱে কয়, "সুস্মিতা সিনহাৰ ক্ষেত্ৰত একেধৰণৰ ঘটনা ঘটিছিল। দিল্লী আৰক্ষীয়ে ব্যৱস্থা ল'বলৈ ব্যৰ্থ হৈছিল যাৰ পিছত মই আদালতত আবেদন দাখিল কৰিছিলো।"

সুস্মিতাই কয়, "হিন্দু আইটি চেলে গোবিন্দপুৰী আৰক্ষী থানাত মোৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল কিন্তু এছএইচঅ'য়ে এজাহাৰ ল’বলৈ অস্বীকাৰ কৰিছিল। পিছত তেওঁলোকে সাকেত আদালতৰ কাষ চাপিছিল আৰু মোৰ বিৰুদ্ধে অভিযোগ কৰিছিল। আদালতে আৰক্ষীক গোচৰটোত লোৱা পদক্ষেপৰ প্ৰতিবেদন দাখিল কৰিবলৈ কৈছিল। আৰক্ষীয়ে কৈছিল যে মোৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু কৰা হোৱা নাছিল। হিন্দু আই টি চেলে তেতিয়া সেইটোক প্ৰত্যাহ্বান জনাইছিল কিন্তু অক্টোবৰত নিৰ্ধাৰিত শুনানিত উপস্থিত হোৱা নাছিল।"

'ধৰ্ম ৰক্ষাৰ বাবে'

হিন্দু আই টি চেলৰ প্ৰতিষ্ঠাপকসকলে কোনো ৰাজনৈতিক দলৰ সৈতে সম্পৰ্ক অস্বীকাৰ কৰি কেৱল "জাতীয়তাবাদ আৰু হিন্দু ধৰ্ম"ৰ বাবে কাম কৰি আছে বুলি জোৰ দি আহিছে। তথাপিও, তেওঁলোকে সঘনাই বিজেপিৰ নেতাসকলৰ সৈতে সম্পৰ্ক স্থাপন কৰে। যোৱা বছৰ, তেওঁলোকে ২০২০ চনৰ দিল্লীৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সৈতে জড়িত থকা অভিযোগ উত্থাপিত হোৱা বিজেপি নেতা কপিল মিশ্ৰাই নতুন নাগৰিকত্ব আইনৰ অধীনত নাগৰিকত্বৰ বাবে অপেক্ষা কৰি থকা হিন্দু শৰণাৰ্থীসকলৰ সৈতে আয়োজন কৰা দিৱালী উদযাপন কাৰ্যসূচীতো ভাগ লৈছিল।

MEDIA 13 : PHOTO OF RAMESH SOLANKI WITH KAPIL MISHRA 

গৃহ মন্ত্ৰালয়ে আগষ্ট ২০১৯ ত আই টি চেলৰ সদস্যসকলক "বেআইনী কন্টেন্ট ফ্লেগাৰ’ হিচাপে 'চাইবাৰ অপৰাধ স্বেচ্ছাসেৱক" হ’বলৈ আমন্ত্ৰণ জনাইছিল। তেওঁলোকৰ কাম আছিল অনলাইনত "সন্ত্ৰাসবাদ, উগ্ৰবাদ আৰু ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপ" চলাই থকাসকলক চিহ্নিত কৰি ৰাষ্ট্ৰীয় চাইবাৰ ক্ৰাইম পোৰ্টেলত অভিযোগ দাখিল কৰা।

"চৰকাৰে অকলে কিমান কাম কৰিব পাৰে?" গৃহ মন্ত্ৰালয়ৰ পদক্ষেপক সমৰ্থন জনাই কৈছিল ৰমেশে। "সচেতন নাগৰিক হিচাপে আমাৰো কিছুমান দায়িত্ব আছে। যদিও আমি গৃহ মন্ত্ৰালয়ৰ সৈতে জড়িত নহয়, আমি তেওঁলোকক অভিযোগ দাখিল কৰো," তেওঁ কয়। তেওঁ নিশ্চিত কৰিছিল যে তেওঁৰ চেলে অভিযোগ দাখিল কৰিবলৈ ৰাষ্ট্ৰীয় চাইবাৰ ক্ৰাইম ৰিপোৰ্টিং পোৰ্টেল ব্যৱহাৰ কৰি আছে।

২০২০ চনৰ নৱেম্বৰত, মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় চাইবাৰ ক্ৰাইম ৰিপোৰ্টিং পোৰ্টেলত প্ৰাপ্ত অভিযোগৰ ওপৰত ভিত্তি কৰি এফআইআৰ পৰীক্ষা আৰু পঞ্জীয়ন কৰিবলৈ ৰাজ্যসমূহলৈ পত্ৰ প্ৰেৰণ কৰিছিল। মন্ত্ৰালয়ৰ ওচৰত উপলব্ধ তথ্য অনুসৰি, পৰ্টেলত পঞ্জীয়ন কৰা অভিযোগৰ মাত্ৰ ২.৫ শতাংশহে এফআইআৰলৈ ৰূপান্তৰিত কৰা হৈছে।

MEDIA 14 : HINDU IT CELL URGING ITS VOLUNTEERS TO USE CYBER CELL PORTAL FOR FILING COMPLAINTS

নিজৰ কামৰ সমৰ্থনত ৰমেশে আৰু কয়, "এয়া কাৰো বাপেকৰ সম্পত্তি নহয় যে মন গ’লেই এপাক মাৰি যাব। যদি কোনোৱে আমাৰ ধৰ্মক অপমান কৰে তেন্তে তাৰ প্ৰতিফল পাবলৈ আপুনি সাজু থাকিবই লাগিব।’ 

তেওঁ আৰু কয়, "আমাৰ দেশত বাক স্বাধীনতা আছে, ইয়াক সংবিধানত লিখা হৈছে, কিন্তু এটা সীমা আছে। যদি মই আপোনাক চৰ শোধাও, সেয়া কি ধৰণৰ বাক স্বাধীনতা হ’ব পাৰে?

"ইয়াৰ এডাল পাতল সীমাৰেখা আছে। এবাৰ আপুনি ইয়াক অতিক্ৰম কৰাৰ পিছত সেয়া হৈছে এটা অপৰাধ," আইনীভাৱে হিন্দু ধৰ্মক অপমান কৰাসকলৰ বিৰুদ্ধে কাম কৰি আছে বুলি উল্লেখ কৰি এইদৰে কয় হিন্দু আই টি চেলৰ প্ৰতিষ্ঠাপক ৰমেশে।


About the authors of this article:
Srishti Jaswal and Shreegireesh Jalihal are members of The Reporters' Collective.
Newslaundry (www.Newslaundry.com) is the lead publisher of this article in English.


শুনক:

Author info

Srishti Jaswal's picture

Add new comment