Skip to content Skip to navigation

কেন্দ্ৰৰ ত্ৰুটিপূৰ্ণ নিলাম নীতিৰ সুযোগত মিলৰ মালিকবোৰে কৰে চৰকাৰৰ খৰচত বৃহৎ লাভ

নতুন দিল্লী: মাহজাতীয় শস্যৰ নিলাম তথা বিতৰণ প্ৰক্ৰিয়াৰ নামত সমগ্ৰ দেশতে সংঘটিত হৈ আহিছে বৃহত অনিয়ম। কেন্দ্ৰ চৰকাৰৰ নতুন নিলাম নীতিৰ সুযোগ লৈ মিলিং কোম্পানীৰ একাংশ মালিকে দৰিদ্ৰ জনসাধাৰণক বঞ্চিত কৰি অনৈতিক উপায়েৰে অধিক মুনাফা অৰ্জন কৰাৰ ভয়ংকৰ তথ্য কভিড কালৰ মাজতে পোহৰলৈ অহাত দেশজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

২০১৭ চনৰ পৰা, কল্যাণমূলক আঁচনিৰ অধীনত মাহজাতীয় শস্য মিলিং আৰু বিতৰণৰ বাবে মিলাৰসকলক বাছনি কৰা চৰকাৰৰ ক্ৰয় সংস্থা নাফেডে আধাৰ মূল্য নিৰ্ধাৰণ নকৰাকৈ এহাজাৰৰো অধিক নিলাম অনুষ্ঠিত কৰে।

এই নিলামৰ জৰিয়তে চৰকাৰী নিয়ম উলংঘা কৰি দেশৰ নিৰন্ন জনতাক মাধমাৰ শোধাই ৫.৪ লাখ টন মাহজাতীয় শস্য মিলিঙৰ নামত মিলাৰবোৰে চাৰি বছৰত কমেও ৪৬০০ কোটিৰো অধিক মুনাফা আদায় কৰাৰ তথ্য পোহৰলৈ আহিছে।

কেবাখনো ৰাজ্যৰ চৰকাৰে প্ৰধানমন্ত্ৰী গৰিব কল্যাণ যোজনাৰ (PMGKAY) অধীনত  খোৱাৰ অনুপযোগী দাইলজাতীয় সামগ্ৰী বিতৰণ কৰি অহা বুলি কেন্দ্ৰক অভিযোগ দাখিল কৰাৰ পিছতে সমগ্ৰ বিষয়টো ৰাষ্ট্ৰ হৈ পৰে। একাংশ ৰাজ্যই কেন্দ্ৰৰ তৰফৰ পৰা যোগান ধৰা দাইলজাতীয় সামগ্ৰীৰ গুণগত দিশলৈ চাই গ্ৰহণ কৰিবলৈকো অস্বীকাৰ কৰা বুলি জানিব পৰা গৈছে।

ইয়াৰ পিছতে চৰকাৰে বিষয়টো সন্দৰ্ভত অনুসন্ধান কৰাৰ পৰিৱৰ্তে গাপ দিবলৈ চেষ্টা চলোৱাহে পৰিলক্ষিত হৈছে।  অৱ্শ্যে চৰকাৰে সংস্কাৰৰ নাম লৈ ভিতৰুৱাকৈ এই সন্দেহজনক নিলাম প্ৰক্ৰিয়াৰ পুনৰীক্ষণৰ নিৰ্দেশ দিয়াৰ কথা The Reporters’ Collective-ক সদৰী কৰিছে এক বিশ্বস্ত চৰকাৰী সূত্ৰই। 

চৰকাৰৰ আগশাৰীৰ গৱেষণা প্ৰতিষ্ঠান, চেণ্ট্ৰেল ইনষ্টিটিউট অৱ পোষ্ট-হাৰ্ভেষ্ট ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজী (CIPHET)য়েও চৰকাৰক নিলাম সন্দৰ্ভত এক প্ৰতিবেদন প্ৰেৰণ কৰিছে।

CIPHET-ৰ সঞ্চালক নাচিকেত কটৱালিৱালে কয়, "আমি চৰকাৰক প্ৰতিবেদন দাখিল কৰিছো য'ত নাফেদে কেনেদৰে মাহজাতীয় শস্য ক্ৰয়, সংৰক্ষণ আৰু প্ৰক্ৰিয়া কৰিব লাগে তাৰ পৰামৰ্শ দিছো।"

এই প্ৰতিবেদনৰ পিছতে চৰকাৰে, নাফেদৰ আশীৰ্বাদত কেনেদৰে লাখ লাখ টন মাহজাতীয় শস্য ক্ৰয়, সঞ্চয় আৰু মিলিঙৰ নামত জনতাৰ কৰৰ ধন আত্মসাত কৰি আহিছে, সেয়া পৰ্যালোচনা কৰিবলৈ এখন কমিটি গঠন কৰিবলৈ বাধ্য হৈ পৰে।

সমিতিখনে এতিয়ালৈকে তিনিবাৰ মিলিত হৈছে যদিও এই পৰ্যন্ত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই। ইয়াৰ মাজতে নাফেদে আৰু এবছৰৰ বাবে মাহজাতীয় শস্য সংগ্ৰহ আৰু মিলিঙৰ বাবে সাজু হৈছে।

 

খেলিমেলি নিলাম প্ৰক্ৰিয়াৰ আৰম্ভণি

মাহজাতীয় শস্যৰ মিলাৰক মুনাফা অৰ্জনৰ সুযোগ দিয়া এই নিলাম প্ৰক্ৰিয়া কিন্তু কৃষক আৰু দৰিদ্ৰ লোকসকলৰ কল্যাণৰ বাবেহে আৰম্ভ কৰা হৈছিল।

২০১৫ চনত, যেতিয়া মাহজাতীয় শস্যৰ মূল্য আকাশলংঘী হৈছিল, সেই সময়তে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে নাফেদক ক্ৰয়ৰ দায়িত্ব দিয়া হৈছিল। নাফেদে কৃষকসকলক তেওঁলোকৰ উৎপাদিত সামগ্ৰী ক্ৰয় কৰাৰ প্ৰতিশ্ৰুতি দি অধিক মাহজাতীয় শস্য উৎপাদন কৰিবলৈ সৈমান কৰাইছিল। যিহেতু নাফেদৰ সৈতে ষ্টক জমা হৈ আছে, সেয়ে সংস্থাটোৱে ২০১৭ চনত চৰকাৰক ৰাজসাহায্যপ্ৰাপ্ত আৰু সুলভ মূল্যত কল্যাণমূলক আঁচনিৰ অধীনত ৰাজ্যবোৰক মাহজাতীয় শস্য আগবঢ়োৱাৰ প্ৰস্তাৱ দিছিল।

নাফেদ আৰু কেন্দ্ৰীয় চৰকাৰে মাহজাতীয় শস্যবোৰ মিলিং কৰি ৰাজ্য চৰকাৰসমূহক বিতৰণ কৰাৰ সিদ্ধান্ত লৈছিল। নাফেদে ইয়াৰ আগতে ধান মিলিং নিলামৰ এক স্বচ্ছ ব্যৱস্থা কৰিছিল যাৰ জৰিয়তে চৰকাৰে সৰ্বনিম্ন সাম্ভাব্য মূল্য আগতীয়াকৈ নিৰ্ধাৰণ কৰিছিল য'ত এজন নিবিদাদাতা শস্যবোৰ প্ৰচেছিং কৰিবলৈ সাজু আছিল।

উদাৰহণ স্বৰূপে ১০০ কিলোগ্ৰাম মাটিমাহ সংসাধিত কৰিলে বজাৰ উপযোগী ৭০ কিলোগ্ৰাম পোৱা যায়। এই সমগ্ৰ প্ৰক্ৰিয়াৰ অন্তত মিলাৰসকলে মিলিং আৰু বিতৰণৰ খৰছ নিৰ্ধাৰণ কৰে। তাৰ পিছতে নিলাম প্ৰক্ৰিয়া আৰম্ভ হয় আৰু চৰকাৰে সকলোতকৈ কম ধনৰাশিৰ নিবিদাকাৰীক বাছনি কৰে।

কিন্তু কেন্দ্ৰীয় চৰকাৰৰ এজেণ্ট হিচাপে কাম কৰি নাফেদে এই সৰল নিলাম প্ৰক্ৰিয়াটো উঠাই দিয়ে।

নিবিদাকাৰীসকলে এতিয়া সৰ্বনিম্ন সম্ভাৱ্য মূল্যৰ পৰিৱৰ্তে সৰ্বাধিক আউট টাৰ্ন ৰেচিঅ বা OTRতহে গুৰুত্ব দিবলগীয়া হয়।

মিলিং ব্যৱসায়ত, অ.টি.আৰ. হৈছে উকৃষ্টতাৰ পৰিমাণ আৰু তেওঁলোকে লাভ কৰা কেঁচা সামগ্ৰীৰ পৰিমাণৰ মাজৰ অনুপাত। সেয়েহে, মূল ষ্টকৰ পৰা সৰ্বাধিক পৰিমাণৰ মাহজাতীয় শস্য বা সৰ্বাধিক অ'টিআৰ প্ৰদান কৰা মিলাৰে নিবিদা লাভ কৰে।

নাফেডৰ নিলামত অটিআৰৰ কোনো ন্যুনতম সীমা নাই। এই পদ্ধতিত মাত্ৰ ১ শতাংশ পৰিৱৰ্তনৰ বাবে চৰকাৰৰ কেবাশ কোটি টকাৰ লোকচনাৰ সন্মুখীন হবলগীয়া হয়।

মিলিঙৰ ব্যৱসায়ত অ'টিআৰ পদ্ধতিটো নতুন নহয়। ৰাজ্যসমূহৰ সুবিধাৰ বাবেই এই ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছিল।

অন্ধ্ৰ প্ৰদেশ ৰাজ্যিক অসামৰিক যোগান নিগমৰ দ্বাৰা 19 আগষ্ট, 2020 তাৰিখে চানা দাল (বুট) প্ৰক্ৰিয়াকৰাৰ বাবে এখন নিবিদা প্ৰস্তুত কৰা হৈছিল। ই মজিয়াৰ ও.টি.আৰ. 70% নিৰ্ধাৰণ কৰে, প্ৰকৃততে মিলাৰসকলে চুক্তিৰ পৰা লাভ কৰিব পৰা সৰ্বাধিক লাভৰ সীমা নিৰ্ধাৰণ কৰে।

তথাপি ২০১৫ চনত CAGৰ সাৱধানবাণী স্বত্বেও নাফেদে OTRবিহীন নিলামৰ প্ৰক্ৰিয়া জাৰি ৰাখে ৷ফলস্বৰূপে চৰকাৰৰ ২০০০কোটি টকা লোকচান হৈছিল ৷

২০২০ত নাফেদৰ এই কুকৰ্ম CVC ৰ দৃষ্টিগোচৰ কৰা হৈছিল য’ত প্ৰায় ১০০০কোটি টকাৰ লোকচান হৈছিল ৷আৰু সম্পূৰ্ণ অডিটৰ দাবী কৰা হৈছিল ৷ অভিযোগটোৰ পৰা আজিলৈকে কোনো ফলাফল ওলোৱা নাই ৷ যদি নাফেদ আৰু মিলৰ মালিকৰ পক্ষত কোনো নগদ ধনৰ লেনদেন হোৱা নাছিল তেন্তে মিলৰ মালিকবোৰৰ কেনেকৈ লাভ হ’ল ?

যিহেতু নাফেদৰ নিলাম প্ৰক্ৰিয়াত কোনো OTR উল্লেখ নাছিল মিলৰ মালিকসকলে নিজৰ মতে সাম্ভাৱ্য OTR তকৈ কম মূল্য দি নিবিদাত অংশগ্ৰহণ কৰিছিল ৷এনেদৰে তেওঁলোকে ৰাহি হোৱা শস্য খিনি মুকলি বজাৰত বিক্ৰী কৰি অতিৰিক্ত লাভ কৰিছিল /মুনাফা আদায় কৰিছিল ৷

প্ৰশ্ন উঠে মিলৰ মালিকসকলে কিমান পৰ্যন্ত লাভ কৰিলে? নাফেদৰ নিলাম ব্যৱস্থাটোত মিলৰ মালিকে কিমান লাভ কৰিব এই বিলাকৰ কোনো উল্লেখ নাই ৷ নিম্ন OTR ৰ যোগেদি ৰাহি কৰা শস্যখিনি মিলৰ মালিকবিলাকে কিমান দামত বজাৰত বেচিছে বা কিমান লাভ কৰিলে এই বিষয়ে নাফেদ বা চৰকাৰ অৱগত নহয় ৷

ৰিপ'ৰ্টাৰ্ছ কালেক্টিভে নিলামবোৰ পৰীক্ষা কৰি দেখিছিল যে কোভিড-১৯ লকডাউনৰ সময়ত দৰিদ্ৰ লোকসকলক মাহজাতীয় শস্য প্ৰদান কৰাৰ বাবে PMKGY (প্ৰধানমন্ত্ৰী গৰিব কল্যাণ যোজনা)ৰ  অধীনত ৰহৰ দাইলৰ বাবে অনুমোদিত অ'টিআৰ ২০১৮ চনৰ তামিলনাডু চৰকাৰে নিৰ্ধাৰণ কৰা নিম্নতম মূল্যতকৈ প্ৰায় আঠ শতাংশ কম আছিল।

PMGKAY-ৰ অধীনত একেটা সামগ্ৰীৰ বাবে অনুমোদিত নিবিদা 61-লৈ কমে - যি  ২০১৮ চনত তামিলনাডু চৰকাৰে ধায্য কৰা নিম্নতম মূল্যৰ ৮% কম

দস্তাবেজসমূহে এইটোও দেখুৱায় যে উপভোক্তা পৰিক্ৰমা বিভাগে ওটিআৰৰ আধাৰত পিএমজিকেএৰ অধীনত মাহজাতীয় শস্য মিলিং আৰু যোগানৰ ব্যয় গণনা কৰাৰ বাবে ব্যয় বিভাগৰ পৰামৰ্শ অগ্ৰাহ্য কৰিছিল।

এনে কৰাৰ দ্বাৰা, ই অনুমোদিত অ'টিআৰবোৰ কাৰ্যকৰী হয় নে নহয় তাৰ কোনো প্ৰকৃত মূল্যাঙ্কন প্ৰতিহত কৰে।

নাফেডে কিয় নিম্নতম সীমা (OTR) নিৰ্ধাৰণ নকৰিলে বুলি সোধাত সংস্থাটোৱে কয়, 'ৱেৰহাউচৰ পৰা মিল পইণ্ট পৰিবহন, লোডিং, আনলোডিং, প্ৰচেছিং, পেকেজিং আৰু ডেলিভাৰী পইণ্টলৈ পৰিবহনৰ ব্যয় প্ৰতিটো নিলামত পৃথক হয় কিয়নো ৱেৰহাউচ আৰু ডেলিভাৰী পইণ্টৰ অৱস্থান পৃথক।' 

"... সেয়েহে নিলাম অনুষ্ঠিত কৰাৰ আগতে ন্যুনতম মূল্য নিৰ্ধাৰণ কৰাতো সম্ভৱ নহয়।"

"তদুপৰি, অটিআৰ-আধাৰিত নিলামৰ উদ্দেশ্য আছিল পৰিবহণ ব্যয়সহ সকলোধৰণৰ অতিৰিক্ত খৰছ ৰাহি কৰি মিলিং নকৰা মাহজাতীয় শস্য বা দাইলক মিলিং কৰি ৰাজ্যসমূহৰ ডেলিভাৰী ডিপোসমূহলৈ প্ৰেৰণ কৰা।’- নাফেদে এইদৰে কয়।

"নাফেডে অতি কম সময়ৰ ভিতৰত দৰিদ্ৰ লোকসকলক মাহজাতীয় শস্যৰ যোগান সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে ডিপাৰ্টমেণ্ট অব কনজুমাৰ্ছ এফেয়াৰ্ছৰ দ্বাৰা অনুমোদিত পদ্ধতি অনুসৰি অ’টিআৰৰ ওপৰত আধাৰিত কৰি নিলাম অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লৈছিল," নাফেডে পিএমজিকেএৰ সন্দৰ্ভত এইদৰে উল্লেখ কৰে। (নাফেদৰ সম্পূৰ্ণ উত্তৰটো শেষত সংলগ্ন কৰা হৈছে।)

কিন্তু, পূৰ্বৰ নিলামৰ তথ্য-পাতিত দেখা গৈছে যে মহামাৰী আৰম্ভ হোৱাৰ বহু বছৰ আগতে অ'টিআৰ নিলাম অনুষ্ঠিত হৈছিল। আইনী মেৰপেচত সোমাই পৰাৰ পৰিপ্ৰেক্ষিতত উক্ত নিলাম প্ৰক্ৰিয়াত অ'টিআৰ মূল্য কেনেদৰে নিৰ্ণয় কৰা হৈছিল সেই বিষয়ে কোনো তথ্য পোৱাতো সম্ভৱ নহল।

ৰাজ্যসমূহক খোৱাৰ অনুপযোগী মাহজাতীয় শস্য যোগান ধৰা বুলি প্ৰতিবেদনত প্ৰকাশ পোৱাৰ পিছত ৰিপ'ৰ্টাৰ্ছ কালেক্টিভে পিএমজিকেৱাইৰ অধীনত মিলিং নিলামৰ অনুসন্ধান আৰম্ভ কৰিছিল। অভিযোগবোৰ নতুন নিলামৰ পদ্ধতিৰ সৈতে সম্পৰ্ক থকা বুলিব পাৰি, যিয়ে মিলাৰবোৰক অতিৰিক্ত মুনাফা অৰ্জনৰ পথ মুকলি কৰি দিছিল।

যেতিয়া চৰকাৰে কল্যাণমূলক আঁচনিৰ অধীনত খাদ্য শস্য বিতৰণ কৰে, হিতাধিকাৰীসকলৰ ওচৰলৈ অহা শস্য কৃষকসকলৰ পৰা সংগ্ৰহ কৰা একেই সামগ্ৰী বুলি ধাৰণা কৰা হয়। কিন্তু নিলামৰ পৰিৱৰ্তিত নিয়মে মিলাৰসকলক মুকলি বজাৰৰ পৰা দেশৰ সস্তীয়া মাহজাতীয় শস্য যোগান ধৰিবলৈ আৰু চৰকাৰে ক্ৰয় কৰা সামগ্ৰী তেওঁলোকৰ নিজৰ বাণিজ্যিক ব্যৱহাৰৰ বাবে একে পৰিমাণৰ সামগ্ৰী ৰখাৰ সুযোগ দিয়ে।

মুকলি বজাৰৰ পৰা মাহজাতীয় শস্য বিতৰণ কৰাটো নাফেডৰ মিলিং নিলামৰ অধীনত মিলাৰসকলৰ দুটা বিকল্পৰ ভিতৰত এটা। আনটো বিকল্প - নাফেডৰ পৰা সামগ্ৰী লওক, প্ৰচেছ কৰক আৰু তাৰ পিছত বিতৰণ কৰক।

পিএমজিকেএ নিলামত অংশগ্ৰহণ কৰা এজন মিলাৰে কৈছিল, "বেছিভাগ, এই নিলামবোৰৰ অধীনত যোগান আছিল স্থানীয় বজাৰৰ পৰা ষ্টক প্ৰেৰণ কৰা আৰু ডেলিভাৰীৰ পিছত নাফেডৰ কেঁচা সামগ্ৰী উঠোৱা। ষ্টক উঠোৱা আৰু তাৰ পিছত ইয়াৰ বিতৰণ প্ৰক্ৰিয়াত এক ডাঙৰ বেঙ্ক গেৰাণ্টি অন্তৰ্ভুক্ত থাকিব।"

"তেওঁলোকে ক্ৰয় কৰা চানাৰ পৰা যোগান ধৰা দাইল হ'লে নাফেদে মুঠেই গুৰুত্ব নিদিয়ে। তেওঁলোকে কেৱল নিৰ্ধাৰিত এক নিৰ্দিষ্ট নিৰ্দিষ্ট বিতৰণ বিচাৰে," নাম প্ৰকাশ নকৰাৰ চৰ্তত উদ্যোগৰ এজন জ্যেষ্ঠ বিষয়াই কয়।

পিএমজিকেৱাইৰ নিয়ম অনুযায়ী বিতৰণ প্ৰক্ৰিয়া সম্পন্ন কৰা বুলি নাফেদে যি দাবী কৰি আহিছিল এয়া তাৰ সম্পূ্ৰ্ণ বিপৰীত। কিয়নো বাস্তৱত মিলিং আৰু বিতৰণে ব্যৱস্থাই এক বিনিময় প্ৰথাৰ (Barter System) দৰে কাম কৰিছিল।

পিএমজিকেএৱাইৰ অধীনত কেনেদৰে মাহজাতীয় শস্য কঢ়িয়াই অনা হৈছিল আৰু বিতৰণ কৰা হৈছিল সেই বিষয়ে নাফেডৰ ৰাজহুৱা দাবী প্ৰকৃততে কি ঘটিছিল তাৰ সম্পূৰ্ণ বিৰোধিতা।

নাফেদৰ মতে মিলাৰসকলক ষ্টক সলনি কৰি বিতৰণ ক্ষিপ্ৰতৰ কৰি তোলা নতুন নিয়মৰ ব্যৱস্থা কৰাৰ মূলতেই আছিল কভিড মহামাৰী। কিন্তু ২০১৭ চনতেই এনে ব্যৱস্থা আৰম্ভ হৈছিল। অৰ্থাত মহামাৰীৰ সৈতে ইয়াৰ কোনো সম্পৰ্কই নাই।

"নাফেডে মিলাৰসকলক তেওঁলোকৰ শেষৰ পৰা প্ৰথমে বুজন পৰিমাণৰ মাহজাতীয় শস্য বিতৰণ কৰিবলৈ আৰু তাৰ পিছত কেঁচা মাহজাতীয় শস্য তুলি ল'বলৈ অনুমতি দিছিল যিবোৰ সমগ্ৰ দেশতে লকডাউনৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী মিলিঙৰ বাবে ব্যৱহাৰ কৰা হয়। আনহাতে, সময়মতে দৰিদ্ৰ লোকসকলক মাহজাতীয় শস্য যোগান ধৰাৰো কথা আছিল। যদি এইটো কৰা নহ'লহেঁতেন; নাফেডে সময়মতে যোগান নিশ্চিত কৰিব নোৱাৰিলেহেঁতেন। নাফেডে সম্ভৱ আটাইতকৈ কম সময়ৰ ভিতৰত সমগ্ৰ ভাৰতত সফলতাৰে যোগান সম্পূৰ্ণ কৰিছে।"

ষ্টক মিলাৰসকলে বিতৰণ কৰা শস্যসমূহ নাফেডৰ পৰা লোৱা হয় নে নহয় সেয়া কেনেধৰণে অৱগত হৈছিল সেই সম্পৰ্কে নাফেদে স্পষ্টকৈ একো কথাই জনোৱা নাই। তেওঁ কৈছে, "নাফেডে এফ.এ.কিউ. (ন্যায্য গড় মানদণ্ড) নিৰ্ধাৰণ নিশ্চিত কৰি পি.এছ.এছ. (মূল্য সমৰ্থন আঁচনি)ৰ অধীনত মাহজাতীয় শস্যৰ ষ্টক ক্ৰয় কৰে। পৰৱৰ্তী সময়ত মাহজাতীয় শস্যৰ বাফাৰ বজাই ৰাখিবলৈ ষ্টকটো স্থানান্তৰ কৰা হয়। এইটো সিদ্ধান্তত উপনীত হ'ব পাৰে যে বাফাৰত পৰি থকা মাহজাতীয় শস্যৰ ষ্টক একে মানদণ্ডৰ..."

দিল্লী চৰকাৰে ২০২০ চনৰ এপ্ৰিলত শস্যৰ যোগান স্থগিত ৰাখিছিল। আনহাতে পঞ্জাৱে একাধিকবাৰ নিম্ন মানদণ্ডক লৈ অভিযোগ কৰিছিল আৰু ২০২০ চনৰ মে মাহত কেন্দ্ৰলৈ ৪৬ টন মাহজাতীয় শস্য ঘূৰাই দিছিল। "আমি কেৱল যিমান দূৰ সম্ভৱ মিল স্তৰত সামগ্ৰী বোৰ আৱণ্টন কৰাই নহয়, ডেলিভাৰী পইণ্টো পাইছিলো। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে কেৱল তেতিয়াহে ষ্টকবোৰ গ্ৰহণ কৰিছিল যেতিয়া তেওঁলোকে মাহজাতীয় শস্যৰ মানদণ্ডক লৈ সন্তুষ্ট হৈছিল," নাফেদে কয়।

"কোনো কোনো ক্ষেত্ৰত অভিযোগ থাকিব পাৰে..., ৰাজ্যসমূহৰ সুবিধাৰ বাবে ষ্টকবোৰ মিলাৰৰ দ্বাৰা সলনি কৰা হৈছিল। ষ্টক সফলতাৰে বিতৰণ কৰাৰ পিছত, ষ্টক বিতৰণ নোহোৱালৈকে গুণাগুণ নিশ্চিত কৰাতো ৰাজ্য চৰকাৰৰ দায়িত্বত আছিল।"

আগষ্ট 2020-ত, চানাৰ নমুনাৰ 21% বিতৰণৰ বাবে অনুপযুক্ত পোৱাৰ কথা গুজৰাটে কেন্দ্ৰক জনাইছিল।

নাফেদে কৈছিল যে গুজৰাটৰ অসামৰিক যোগান "বিভাগে শস্যসমূহৰ আকাৰ একে নোহোৱাৰ বাবে ষ্টক প্ৰত্যাখ্যান কৰিছিল, যিটো বিষয় নেকি এফএছএছএআইৰ গাইডলাইনত নাছিলেই।"

"অনুমোদিত পদ্ধতি অনুসৰি, মাহজাতীয় শস্যৰ যোগান FSSAI ৰ নিৰ্দিষ্ট বিৱৰণ অনুসৰি হ'ব লাগে। আনহাতে অসামৰিক যোগান বিভাগ, গুজৰাট চৰকাৰে নিজাববীয়াকৈ নিজাধৰণে যোগান ধৰা মাহজাতীয় শস্য পৰীক্ষা কৰিছে।

নাফেডে ব্যৱহাৰ কৰা এফ.এছ.এছ.এ.আই. মানদণ্ড সৰু খুচুৰা ব্যৱসায়ৰ বাবেহে, কৃষকৰ পৰা ক্ৰয় কৰা বা ৰাজ্যলৈ যোগানৰ বাবে নহয়।

কিন্তু মিলিং পইণ্টত গুণগত মানদণ্ড পৰিদৰ্শন আৰম্ভ কৰিবলৈ গুজৰাট চৰকাৰে দিয়া পৰামৰ্শ কেন্দ্ৰই মানি লোৱা নাছিল আৰু তাৰ পৰিৱৰ্তে যোগান বন্ধ ৰখাৰ কথাহে কৈছিল।

চি.আই.পি.এইচ.ই.টি.-য়ে এতিয়া পৰামৰ্শ দিছে যে মানদণ্ড নিশ্চিত কৰিবলৈ নাফেদে ক্ৰয় আৰু মিলিঙৰ বাবে বৈজ্ঞানিক মানদণ্ড অনুসৰণ কৰিব লাগে। প্ৰতিবেদনখনক লৈ চৰকাৰৰ সূত্ৰই এয়াও কৈছে যে, যদিহে সকলো নিৰ্ধাৰিত নিয়মমতে কৰা হয় তেন্তে নাফেদৰ নিলামৰ খেল শেষ হবলৈ এক ছেকেণ্ডো নালাগে।

Full response to The Wire&#... by The Wire

Authors: Shreegireesh Jalihal and Nitin Sethi

The English version of this article was published by The Wire

Author info

Nitin Sethi's picture

Add new comment

Assamese Translator

Assam Times seeks English to Assamese translators!
Join our volunteer team.
Email editor@assamtimes.org.

Random Stories

Charaipung situation on the boil

21 Aug 2010 - 4:12pm | editor
The simmering situation in upper Assam's Sivasagar district takes a grip turn when SP Akhilesh Singh had narrow escape as he was visiting the spot bordering Arunachal Pradesh. The incident took place...

Training on “Post Harvest Technology” conducted at Mangaldai

4 Nov 2010 - 6:17am | tpsaikia
A day long awareness cum training programme organized by Krishi Vigyan Kendra, Darrang was held at Youth Club, Mangaldai on 1st November 2010 under the aegis of Indian Institute of Crop Processing...

Narrow escape for trucker

2 Apr 2015 - 9:53pm | Hantigiri Narzary
A truck had a narrow escape from the jaw of a death when his truck ferrying coal slipped into the road side in Kokrajhar on Thursday. The incident took place early in the morning on the NH 31(C...

NTPC felicitates women trainees

25 Jan 2016 - 6:41pm | Hantigiri Narzary
The Bongaigaon Thermal Power Project(BTPP) felicitated participants of the Beautician training and Stitching and Tailoring course under the scheme of CSR at a programme held at BTPP project,Salakati...

Other Contents by Author

মৃদুলা ছাৰি আৰু নিতিন সেঠী মুম্বাইঃ ক’ভিড-১৯ মহামাৰীৰ তীব্ৰতাৰ ধাৰণা কৰিবলৈ আৰু লকডাউন প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰে যিসমূহ মাপদণ্ড ব্যৱহাৰ কৰিছিল সেইসমূহ আছিল ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিছাৰ্চ চমুকৈ আইচিএমআৰৰ অসম্পূৰ্ণ তথ্যৰ আধাৰত প্ৰস্তুত কৰা। Article 14-এ লাভ কৰা তথ্যত এয়া স্পষ্ট হৈ পৰিছে। ভাৰতত প্ৰথম ক’ভিড-১৯ৰ ঘটনা পোহৰলৈ অহাৰ ১০৭ দিন পিছত কেন্দ্ৰই ১৪ মে’ত ৭৮০০০ জন লোক কৰ’নাত আক্ৰান্ত হোৱা বুলি জনাইছে, কিন্তু চৰকাৰে কোৱা 'একমাত্ৰ নিৰ্ভৰযোগ্য তথ্যৰ উৎস’ আইচিএমআৰৰ ডাটাবেছ অপ্ৰামাণীকৃত তথ্য, ভুল নাম আৰু আন ধৰণৰ তথ্য সংগ্ৰহৰ ভুলেৰে ভৰি থকাতো আমাৰ অনুসন্ধানত পোহৰলৈ আহিছে। ২৯ এপ্ৰিলৰ দিনা চৰকাৰে জনোৱা আইচিএমআৰৰ তথ্যত ৫০২৪টা ভিন্ন ক’ভিড-১৯ৰ সংক্ৰমণৰ ঘটনা আৰু ৰাজ্যসমূহে ব্যৱহাৰ কৰা...
মৃদুলা ছাৰি আৰু নিতিন সেঠী মুম্বাইঃ ক’ভিড-১৯ৰ লক্ষণ দেখা দিয়া লোকসকলৰ চিনাক্ত কৰিবৰ বাবে ঘৰে ঘৰে গৈ পৰ্যবেক্ষণ কৰক। টেষ্টৰ ফলাফললৈ বাট নাচাই যিমান সম্ভৱ সিমান সোনকালে উপসৰ্গ ধৰা পৰাসকলক কোৱাৰেণ্টাইন কৰক। যদিহে ১৪ দিন ধৰি এনে কোৱাৰেণ্টাইন আৰু পৰ্যবেক্ষণৰ ব্যৱস্থা কৰা হয় তেন্তে এখন জিলাত ক’ভিড-১৯ৰ ঘটনা অতি কমেও ৪০ শতাংশ কমিব আৰু অনাগত দিনত সংক্ৰমিত হোৱাৰ আশংকা থকা সকলৰ বাবে চিকিৎসালয়ৰ আন্তঃগাথনি সাজু কৰি তুলিব লাগিব, তেতিয়াহে লকডাউন প্ৰত্যাহাৰ কৰিব পৰা যাব। যেতিয়া এই আটাইবোৰ ব্যৱস্থা কৰা হ’ব তেতিয়াহে প্ৰতিখন জিলাতে লকডাউন প্ৰত্যাহাৰ কৰিব পৰা যাব বুলি চৰকাৰক পৰামৰ্শ আগবঢ়াইছিল ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিচাৰ্ছ চমুকৈ আইচিএমআৰে। Article14-এ এপ্ৰিলৰ প্ৰথম সপ্তাহত আইচিএমআৰে চৰকাৰৰ আগত...
নিতিন সেঠী আৰু কুমাৰ সম্ভৱ শ্ৰীৱাস্তৱ নতুন দিল্লীঃ আভ্যন্তৰীণ বৈঠক আৰু প্ৰেজেণ্টেশ্যনৰ তথ্য অনুযায়ী বিজ্ঞানীসকলে কৰ’না মহামাৰীক লৈ সাজু হ’বলৈ সকীয়নি দি অহাৰ পিছতো ভাৰত চৰকাৰে কাৰ্যব্যৱস্থা গ্ৰহণত যে বিলম্ব কৰিছিল সেয়া Article14-এ জানিব পাৰিছে। 'ব্যৱস্থা গ্ৰহণ কৰিলে সকলো ঠিকেই থাকিব।’-যোৱা ২৯ মাৰ্চত সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ ভেষজ বিভাগৰ মূৰব্বী নবীত উইগে চৰকাৰে গঠন কৰি দিয়া স্বাস্থ্য বিশেষজ্ঞৰ টাস্ক ফৰ্চৰ সদস্যসকলৰ আগত এইদৰে কৈছিল। 'এই বৈঠক বহু সময় ধৰি চলিছিল আৰু কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল। আমি সত্যতো ক’বই লাগিব।’-তেওঁ কয়। 'যদিহে আমি মুম্বাই, পুণে, দিল্লী অথবা বাংগালুৰুৰ লোকসকলক তেওঁলোকৰ নিজৰ চহৰত কি ঘটি আছে সেয়া ক’বলৈ সমৰ্থ নহয়, তেন্তে ৭০০ খন জিলাক কেনেকৈ...
নিতিন সেঠী আৰু কুমাৰ সম্ভৱ শ্ৰীৱাস্তৱ   নতুন দিল্লী: ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  যোৱা ২৪ মাৰ্চত সমগ্ৰ দেশতে লকডাউন ঘোষণা কৰাৰ ঠিক এসপ্তাহ পিছতে দেশৰ আগশাৰীৰ স্বাস্থ্য সংস্থা ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিচাৰ্ছ চমুকৈ আইচিএমআৰ-এ চৰকাৰক সাৱধান কৰি দিছিল যে ক’ভিড-১৯ মহামাৰীৰ প্ৰতিৰোধৰ ক্ষেত্ৰত লকডাউনৰ প্ৰভাৱ তেনেই সামান্য আৰু ক্ষণস্থায়ী হোৱাৰ লগতে এই লকডাউন কেৱল ২০-২৫ শতাংশ সংক্ৰমণ প্ৰতিৰোধতহে সহায়ক হ’ব।    চিকিৎসা বিজ্ঞানীসকলে চৰকাৰক সকীয়াই দিছিল যে মহামাৰী প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰে যদি আন বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন নকৰে তেন্তে লকডাউনৰ প্ৰভাৱ তেনেই সামান্য আৰু "ক্ষণস্থায়ী" হোৱাতো নিশ্চিত।  আইচিএমআৰে ৰাজহুৱা নকৰিলেও তেওঁলোকৰ নিজাববীয়া এক অধ্যায়নৰ...