Skip to content Skip to navigation

ৰিলায়েন্সৰ অনুদানপ্ৰাপ্ত কোম্পানী এটাই কেনেদৰে ফেচবুকত বিজেপিৰ প্ৰচাৰ কৰিছিল?

বৰ্তমান সময়ত মানুহৰ সৈতে সম্পৰ্ক বজাই ৰখাৰ এটা উৎকৃষ্ট প্লেটফৰ্ম বুলি ক'লে ফেচবুকৰ কথাই মনলে আহে। ফেচবুকত ফটো বা ভিদিঅ আপলোড কৰাই নহয় আজিকালি ব্যৱসায়ো কৰিব পৰা হৈছে। ফেচবুকত ৰাজনীতিৰ পৰা অৰ্থনীতিলৈ সকলো আলোচনা চলে। পিছে শেহতীয়াকৈ বহু লোকৰ মাজত উত্থাপন হৈছে এক প্ৰশ্নৰ।

 ২০১৯ ৰ সংসদীয় নিৰ্বাচনত, ভাৰতৰ শাসনাধিষ্ঠ ভাৰতীয় জনতা পাৰ্টীয়ে (বিজেপি) সন্ত্ৰাসবাদৰ অভিযোগত অভিযুক্ত এজন হিন্দু সন্ন্যাসীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। বিজেপিয়ে সদনত আসনৰ বাবে প্ৰজ্ঞা ঠাকুৰক প্ৰাৰ্থী হিচাপে বাছনি কৰাৰ লগে লগে ফেচবুকে এটা বাতৰি শৈলীত লিখা বিজ্ঞাপন দেখুৱাইছিল, কিন্তু শিৰোনামত এটা মিছা দাবী কৰা হৈছিল।

বিজ্ঞাপনটোৱে ভুলকৈ ঘোষণা কৰিছিল যে, ঠাকুৰক মহাৰাষ্ট্ৰৰ মুছলমান সংখ্যাগৰিষ্ঠ চহৰ মালেগাঁৱত বিস্ফোৰক সামগ্ৰী ৰখাৰ বাবে তেওঁৰ মটৰচাইকেল উপলব্ধ কৰাৰ অভিযোগৰ পৰা "নিৰ্দোষী" ঘোষণা কৰিছিল। ই এদিনত 300,000 দৰ্শন লাভ কৰিছিল। এতিয়াও বিচাৰৰ সন্মুখীন হৈ থকা ঠাকুৰে চিকিৎসাৰ বাবে জামিনত থকা অৱস্থাত নিৰ্বাচনত জয়ী হৈছিল।

 

Screengrab from Facebook’s Ad Library shows NEWJ ran a false claim about Pragya Thakur as an ad
Screengrab from Facebook’s Ad Library shows NEWJ ran a false claim about Pragya Thakur as an ad

 

১১ এপ্ৰিলত ভোটদান আৰম্ভ হোৱাৰ এমাহ পূৰ্বে  ফেচবুকে বিৰোধী দল ইণ্ডিয়ান নেচনেল কংগ্ৰেছৰ তদানীন্তন সভাপতি ৰাহুল গান্ধীক বিদ্ৰূপ কৰা এটা বিজ্ঞাপন দেখুৱাইছিল। বিজেপিয়ে সন্ত্ৰাসবাদৰ প্ৰতি নৰম হোৱাৰ অভিযোগ উত্থাপন কৰি গান্ধীয়ে এক ভাষণত কয় যে, ১৯৯০ৰ দশকৰ শেষৰ ফালে শেষবাৰৰ বাবে বিজেপি শাসনত আহিছিল। ভাৰতে ঘোষণা কৰা পাকিস্তান ভিত্তিক সশস্ত্ৰ গোটৰ মুৰব্বী মাছুদ আজহাৰ এটা সন্ত্ৰাসবাদী সংগঠন। গান্ধীয়ে ব্যংগাত্মকভাৱে আজহাৰক আজহাৰজী বুলি উল্লেখ কৰিছিল, যি হিন্দীত এক সন্মানীয়।

অৱশ্যে চলি থকা বিজ্ঞাপনটোৱে গান্ধীৰ ভাষণক ইতিহাসৰ পৰা সেই ক্ষতিকাৰক প্ৰসংগটো আঁতৰাই পেলাইছিল। ইয়াৰ পৰিৱৰ্তে, সম্প্ৰচাৰিত হোৱা এক প্ৰতিবেদনত গান্ধীক মেমফাই আৰু ৰাহুলে মাছুদ আজহাৰক "জী" বুলি অভিহিত কৰা এটা ভিদিঅ' জনপ্ৰিয় হৈছিল প্ৰায় 650,000 লোকৰ মাজত।

NEWJ ran an ad about Rahul Gandhi’s sarcastic reference to Masood Azhar | Source: Facebook Ad Library
NEWJ ran an ad about Rahul Gandhi’s sarcastic reference to Masood Azhar | Source: Facebook Ad Library

 

ফেচবুকৰ বিজ্ঞাপন লাইব্ৰেৰী অনুসৰি, নিউজে (NEWJ) নামৰ এটা ফেচবুক পেজে উক্ত বিজ্ঞাপনৰ বাবে ধন পৰিশোধ কৰিছে। ফেচবুকৰ মূল কোম্পানী মেটা প্লেটফৰ্মত ৰখা বিজ্ঞাপনবোৰ ব্ৰাউজ কৰাৰ বাবে এক গ্ৰাফিকেল ইণ্টাৰফেচৰ ব্যৱস্থা আছে। New Emerging World of Journalism Limited বা চমুকৈ, নিউজে (NEWJ) হৈছে ভাৰতৰ সৰ্ববৃহৎ টেলিকম আৰু ইণ্টাৰনেট গোট জিঅ' প্লেটফৰ্মছ লিমিটেডৰ এটা সহায়ক কোম্পানী। যি কোটিপতি মুকেশ আম্বানীৰ ৰিলায়েন্স গ্ৰুপৰ মালিকানাধীন।

ভাৰতৰ নিৰ্বাচন আয়োগে কেনেদৰে আইনৰ প্ৰয়োগৰ শুৰুঙা আৰু ফেচবুকৰ নিয়ম আৰু প্ৰক্ৰিয়াৰ বিশেষ শুৰুঙাবোৰে ভাৰতৰ সৰ্ববৃহৎ গোটটোক বিজ্ঞাপনবোৰ প্ৰচাৰ কৰিবলৈ অনুমতি দিছিল। এজন ৰাজনৈতিক প্ৰাৰ্থীৰ সপক্ষে বিজ্ঞাপনৰ বাবে পোনপটীয়াকৈ পুঁজি যোগান ধৰা নহয়। কাৰণ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপি দুয়োৰে সুবিধাৰ বাবে বিজ্ঞাপনবোৰ দিয়া হয়। ২০১৯ৰ সংসদীয় নিৰ্বাচন আৰু ৰাজ্যিক নিৰ্বাচনত মোদীৰ ভূমিকা আছিল উল্লেখনীয়, দুয়োটা নিৰ্বাচনতে আগভাগ লোৱাও দেখিবলৈ পোৱা গৈছিল।

যেতিয়া ফেচবুকে  বিজ্ঞাপনৰ ওপৰত কঠোৰ পদক্ষেপ লৈছিল - স্পষ্টতা, স্বচ্ছতা আৰু দায়বদ্ধতা নিশ্চিত কৰাৰ বাবে - ই বিজেপিৰ মুখ্য প্ৰতিদ্বন্দী কংগ্ৰেছক প্ৰচাৰ কৰা বিজ্ঞাপনদাতাসকলক লক্ষ্য কৰি লৈছিল।  কিন্তু নিউজেৰ দৰে পৃষ্ঠাবোৰ অব্যাহত ৰাখিবলৈ অনুমতি দিয়া হৈছিল।

বিগত বছৰটোত ভাৰতৰ এক মিডিয়া সংগঠন ৰিপ'ৰ্টাৰ্ছ কালেক্টিভ আৰু সামাজিক মাধ্যমত ৰাজনৈতিক বিজ্ঞাপন অধ্যয়ন কৰা এটা গৱেষণা প্ৰকল্প  এড.ৱাটচ,  ফেব্ৰুৱাৰী 2019 ৰ পৰা নৱেম্বৰ 2020লৈ ফেচবুক আৰু ইনষ্টাগ্ৰামত দিয়া সকলো 536,070 ৰাজনৈতিক বিজ্ঞাপনৰ তথ্য বিশ্লেষণ কৰি ভাৰতত নিৰ্বাচনৰ ওপৰত ফেচবুকৰ ৰাজনৈতিক বিজ্ঞাপন নীতিৰ প্ৰভাৱ মূল্যায়ন কৰে। তেওলোকে ফেচবুকৰ এড লাইব্ৰেৰী এপ্লিকেচন প্ৰগ্ৰামিং ইণ্টাৰফেচ (এপিআই)ৰ জৰিয়তে তথ্য প্ৰাপ্ত কৰিছিল, আৰু তাত দেখা গৈছিল  22 মাহত, য'ত 2019 ৰাষ্ট্ৰীয় নিৰ্বাচন আৰু নখন ৰাজ্যৰ নিৰ্বাচন অন্তৰ্ভুক্ত আছিল। ফেচবুকৰ বিজ্ঞাপন মঞ্চই বিশ্বৰ সৰ্ববৃহৎ নিৰ্বাচনী গণতন্ত্ৰত ৰাজনৈতিক প্ৰতিযোগিতাক প্ৰণালীবদ্ধভাৱে হ্ৰাস কৰিছিল, যাৰ ফলত বিজেপিয়ে আন প্ৰতিযোগীসকলৰ তুলনাত অন্যায় ভাৱে সুবিধা লাভ কৰিছিল।

আমাৰ এই প্ৰতিবেদনৰ প্ৰথম অংশত প্ৰকাশ কৰিছো যে কেনেকৈ ফেচবুকে ভাৰতৰ সৰ্ববৃহৎ গোটৰ দ্বাৰা পুঁজি যোগান ধৰা এটা প্ৰতিষ্ঠানক বিজেপিৰ পক্ষত চাৰোগেট বিজ্ঞাপন প্ৰচাৰ কৰিবলৈ আৰু ইয়াক অধিক দৰ্শকৰ ওচৰলৈ যোৱাত সহায় কৰিবলৈ আইনী শুৰুঙাৰে কাম কৰিবলৈ সুবিধা কৰি দিছিল দিয়ে! পৰৱৰ্তী অংশবোৰত দেখুওৱা হ'ব যে, বিজেপিৰ চাৰোগেট বিজ্ঞাপনৰ পৰিমাণ, প্ৰভাৱ আৰু কেনেদৰে ফেচবুকৰ এলগৰিথম আৰু নিয়মবোৰে নিৰ্বাচনৰ সময়ত বিজেপিক ইয়াৰ প্ৰতিযোগীসকলৰ ওপৰত এক আধিপত্য প্ৰদান কৰাত সহায় কৰে!

 

খবৰৰ পোছাক পৰিধান কৰা বিজ্ঞাপন

নিউজ-য়ে নিজকে এক ষ্টাৰ্ট-আপ হিচাপে পৰিচয় দিয়ে যি সামাজিক মাধ্যমৰ জৰিয়তে কেৱল গাওঁ আৰু সৰু চহৰৰ লোকসকলৰ বাবে বাতৰি প্ৰচাৰ কৰে।।  বাস্তৱত, কোম্পানীটোৱে ফেচবুক আৰু ইনষ্টাগ্ৰামত বাতৰিৰ ছদ্মবেশত ৰাজনৈতিক বিজ্ঞাপন পোষ্ট কৰে। ভিডিঅ'বোৰৰ অন্তৰ্নিহিত বিষয় হৈছে বিজেপিক প্ৰচাৰ কৰা, যাৰ ভিতৰত আছে ভুল তথ্য, মুছলমান বিৰোধী ভাৱনা আৰু বিৰোধী দলবোৰক অৱমাননা কৰা।

ব্যৱহাৰকাৰী বা পৃষ্ঠাৰ দ্বাৰা সৃষ্টি কৰা পোষ্টবোৰ সাধাৰণতে বন্ধু আৰু অনুসৰণকাৰীৰ সময়ৰেখাত প্ৰদৰ্শিত হয়।  ফেচবুকৰ দ্বাৰা অধিক ব্যৱহাৰকাৰীক বিজ্ঞাপন প্ৰদৰ্শন কৰা হয় - ব্যৱহাৰকাৰীৰ অৱস্থান, জনগাঁথনি আৰু আচৰণৰ দৰে কেইবাটাও ডাটা পইণ্টৰ ওপৰত আধাৰিত কৰি ব্যৱহাৰকাৰীসকলক লক্ষ্য কৰি যাক ফেচবুকে নিৰীক্ষণ কৰে আৰু ডাটা সংগ্ৰহ কৰে। নিৰ্বাচনৰ আগতে স্বচ্ছতা দাঙি ধৰি, ফেচবুকে ফেব্ৰুৱাৰী 2019 ত তেওঁলোকৰ আৰ্কাইভত ৰাজনৈতিক বিজ্ঞাপন উপলব্ধ কৰিছিল।

বিজ্ঞাপন পুথিভঁৰালে দেখুৱাইছে যে NEWJ পৃষ্ঠাই সংসদীয় নিৰ্বাচনলৈকে ৩ মাহত ১৭০ টা ৰাজনৈতিক বিজ্ঞাপন প্ৰকাশ কৰিছিল। বেছিভাগ বিজ্ঞাপনে বিজেপি নেতাসকলক প্ৰচাৰ কৰিছিল, মোডীৰ প্ৰতি ভোটাৰৰ সমৰ্থনৰ আভাস দিছিল, জাতীয়তাবাদী আৰু ধৰ্মীয় অনুভূতি কঢ়িয়াই আনিছিল, বিৰোধী নেতা আৰু তেওঁলোকৰ সমদলক উপহাস কৰিছিল।

এই বিজ্ঞাপনবোৰ ভাৰতৰ ইতিহাস আৰু সংস্কৃতি ৰ বিষয়ে অৰাজনৈতিক, তথ্যমূলক ভিডিঅ' বা ব্যৱহাৰকাৰীৰ দ্বাৰা উৎপন্ন ভাইৰেল ভিডিঅ' সমল যেনে এগৰাকী বিকলাঙ্গ মহিলাই ভৰিৰে বিশ্ববিদ্যালয়ৰ পৰীক্ষা লিখা বা এজন আৰক্ষী বিষয়াই এজন বিকলাঙ্গ শিশুক খুৱাই থকাৰ শৃংখলাৰ মাজত সতৰ্কতাৰে বিয়পি পৰিছিল।

 

চাৰোগেট বিজ্ঞাপনদাতা

নিউজেৰ প্ৰতিষ্ঠাপক শলভ উপাধ্যায়ৰ ৰিলায়েন্স আৰু বিজেপি দুয়োৰে সৈতে ঘনিষ্ঠ পাৰিবাৰিক সম্পৰ্ক আছে। তেওঁৰ দেউতাক উমেশ উপাধ্যায় ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ সভাপতি আৰু পূৰ্বতে ৰিলায়েন্সৰ মালিকানাধীন নেটৱৰ্ক-18-ত বাতৰিৰ সভাপতি হিচাপে কাম কৰিছিল, যি ভাৰতত কেইবাটাও বাতৰি চেনেল চলায়। তেওঁৰ খুৰাক সতীশ উপাধ্যায় এজন বিজেপি নেতা আৰু বিজেপি দিল্লীৰ প্ৰাক্তন সভাপতি।

অৱশ্যে, নিউজে বিজেপিৰ সৈতে কোনো আনুষ্ঠানিক সম্পৰ্ক ঘোষণা কৰা নাই। ৰাজনৈতিক বিজ্ঞাপন সৃষ্টি বা প্ৰকাশ কৰাৰ বাবে দলটোৱে নিউজে পৰিশোধ কৰাৰ কোনো ৰাজহুৱা ৰেকৰ্ড নাই। জানুৱাৰী 2018-ত ইয়াৰ আৰম্ভণিৰ পৰা মাৰ্চ 2020 লৈকে, ই বাতৰি কাৰ্যকলাপৰ পৰা কোনো ৰাজহ উপাৰ্জন কৰা নাছিল আৰু বিজ্ঞাপন দিয়াৰ বাবে মাচুল উপাৰ্জন কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে, ই ৰিলায়েন্স গ্ৰুপে বিজ্ঞাপনত দিয়া ধন ব্যয় কৰিছিল।

ৰাজনৈতিক প্ৰাৰ্থী এজনৰ পক্ষত থকা আৰু সেই প্ৰাৰ্থীৰ দ্বাৰা পোনপটীয়াকৈ পুঁজি যোগান ধৰা বা কৰ্তৃত্ব প্ৰাপ্ত নকৰা চাৰোগেট বা  বিজ্ঞাপন প্ৰকাশ কৰাটো ভাৰতীয় আইনৰ অধীনত এক অপৰাধ। ৰাজনৈতিক দলবোৰক তেওঁলোকে প্ৰকাশ কৰা সকলো তথ্যৰ বাবে দায়বদ্ধ কৰা হয় আৰু নিৰ্বাচনী প্ৰচাৰৰ বাবে বিজ্ঞাপনৰ বাবে পৰিশোধ কৰিবলৈ অজ্ঞাত ধনৰ উৎস ব্যৱহাৰ কৰাটো নিষিদ্ধ কৰা হয়।

এই বিজ্ঞাপনসমূহ ভাৰতৰ ইতিহাস আৰু সংস্কৃতিৰ বিষয়ে অৰাজনৈতিক, তথ্যমূলক ভিডিঅ'ৰ নিৰন্তৰ ধাৰা বা ব্যৱহাৰকাৰীসকলে দিয়া ভাইৰেল ভিডিঅ' সমলৰ মাজত সাৱধানে বিয়পি পৰিছিল। যেনে এগৰাকী বিশেষ ভাৱে সক্ষম মহিলাই ভৰিৰে বিশ্ববিদ্যালয়ৰ পৰীক্ষা লিখা বা এগৰাকী আৰক্ষী বিষয়াই শিশুক খাদ্য খুৱাই থকা আদি নিউ জেই সাধৰণ লোকৰ বাবে ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছিল। যাতে সকলো লোকৰ দৃষ্টিগোচৰ হয়। 

 

সংবাদ, কাহিনীৰ ৰূপত পোছাক পৰিধান কৰা বিজ্ঞাপন

নিউ জেই কেৱল সামাজিক মাধ্যমৰ জৰিয়তে গাঁও আৰু সৰু চহৰৰ লোকসকলক "বাতৰি সমল" প্ৰদান কৰা ষ্টাৰ্ট-আপ হিচাপে নিজকে স্থাপন কৰে। বাস্তৱত, কোম্পানীটোৱে ফেচবুক আৰু ইনষ্টাগ্ৰামত বিজ্ঞাপনৰ স্থান ক্ৰয় কৰে, যিবোৰ প্ৰকৃততে ৰাজনৈতিক বিজ্ঞাপন। কিন্তু সংবাদ বা কাহিনীৰ ভিত্তিত সাজু কৰি ৰখা হয়।  এটা অন্তৰ্নিহিত বিষয়বস্তুৰ সৈতে – বিজেপিক প্ৰচাৰ কৰা, যাৰ ভিতৰত আছে ভুল তথ্য তৈয়াৰ কৰা, মুছলমান বিৰোধী ভাৱনাক জগাই দিয়া আৰু বিৰোধী দলবোৰক অৱমাননা কৰা।

অৱশ্যে নিউজেই বিজেপিৰ সৈতে কোনো আনুষ্ঠানিক সম্পৰ্ক ঘোষণা নকৰে আৰু ৰাজনৈতিক বিজ্ঞাপন সৃষ্টি বা প্ৰকাশ কৰাৰ বাবে দলটোৱে নিউ জেক ধন পৰিশোধ কৰাৰ কোনো ৰাজহুৱা ৰেকৰ্ড আজিলৈকে ৰখা নাই। জানুৱাৰী 2018-ত ইয়াৰ আৰম্ভণিৰ পৰা মাৰ্চ 2020 লৈকে, যি সময়ৰ বাবে আমি নিউ জেৰ বিত্তীয় পৰ্যালোচনা কৰিছিলো। যিয়ে বাতৰি কাৰ্যকলাপৰ পৰা আনকি বিজ্ঞাপন দিয়াৰ বাবে মাচুল হিচাপেও কোনো ৰাজহ সংগ্ৰহ কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে, ৰিলায়েন্স গ্ৰুপে বিজ্ঞাপনত বিনিয়োগ কৰা ধন ব্যয় কৰে আৰু কোম্পানীৰ বেলেন্স শ্বীট দেখুৱায়।

ভাৰতীয় আইনৰ অধীনত এজন ৰাজনৈতিক প্ৰাৰ্থীৰ পক্ষত চাৰোগেট বিজ্ঞাপন প্ৰকাশ কৰাটো এটা অপৰাধ, যাৰ বাবে সেই প্ৰাৰ্থীৰ দ্বাৰা পোনপটীয়াকৈ পুঁজি যোগান ধৰা নহয়। অৱশ্যে, ভাৰতৰ নিৰ্বাচন আয়োগে এই নিষেধাজ্ঞা ফেচবুকৰ দৰে ডিজিটেল প্লেটফৰ্মলৈ সম্প্ৰসাৰিত নকৰে। ইচিআই বহু বছৰ ধৰি সুৰুঙাটোৰ বিষয়ে অৱগত।

এইক্ষেত্ৰত ফেচবুকৰ  মালিক মেতাইও এই নিয়ম কাৰ্যকৰী কৰা নাছিল, যাৰ ফলত ৰিলায়েন্সৰ অনুদানপ্ৰাপ্ত নিউজে নিৰ্বাচনৰ সময়ত ফেচবুক আৰু ইনষ্টাগ্ৰামত বিজেপি আৰু ইয়াৰ প্ৰাৰ্থীসকলক নিঃশব্দে প্ৰচাৰ কৰিবলৈ অনুমতি দিয়া হৈছিল।

ইয়াৰ উপৰিও ফেচবুকৰ হুইচেল-ব্ল'ৱাৰ ফ্ৰান্সেছ হাউগেনৰ দ্বাৰা লিক কৰা নথি-পত্ৰসমূহে শেহতীয়াকৈ প্ৰকাশ কৰে যে, ফেচবুকে সংসদীয় নিৰ্বাচনৰ সময়ত ছ'চিয়েল মিডিয়া প্লেটফৰ্মত কঠোৰ নিয়মাৱলী আৰোপ নকৰিবলৈ ইচিআইৰ সৈতে লগ লাগি লবি কৰিবলৈ উদ্যোগ সংস্থা ইণ্টাৰনেট এণ্ড ম'বাইল এছ'চিয়েচন অফ ইণ্ডিয়া (IAMAI)ক হেঁচা প্ৰয়োগ কৰিছিল।

যদিও ফেচবুকে সংসদীয় নিৰ্বাচনৰ পূৰ্বে চাৰোগেট বিজ্ঞাপনদাতাৰ বিৰুদ্ধে কাম কৰা বুলি দাবী কৰে, ইয়াৰ বেছিভাগৰে লক্ষ্য আছিল কংগ্ৰেছক প্ৰচাৰ কৰা বিজ্ঞাপন দাতাসকল। ই হৈছে "সমন্বিত অপ্ৰামাণিক আচৰণ" (Coordinated Inauthentic Behaviour) বুলি কোৱা এক বহু প্ৰচাৰিত অভিযান, য'ত কেইবাখনো দেশৰ মঞ্চত লোৱা হয় এক গুৰুত্বপূৰ্ণ পদক্ষেপ। 687টা পেজ আৰু একাউণ্ট আঁতৰাই দি কৈছিল যে এই পেজ আৰু একাউণ্ট বিলাকে কংগ্ৰেছ দলক প্ৰচাৰ কৰিছিল - কিন্তু ইয়াৰ সৈতে তেওঁলোকৰ সম্পৰ্ক লুকুৱাই ৰাখিছে। বিজেপিক প্ৰচাৰ কৰা মাত্ৰ এটা পেজ আৰু ১৪ টা একাউণ্ট আঁতৰ কৰা হৈছিল। এইবোৰ আছিল চিলভাৰ টাচ্চ নামৰ এটা আইটি ফাৰ্মৰ মালিকানাধীন আৰু পৰিচালিত আছিল যিয়ে আনুষ্ঠানিকভাৱে বিজেপিৰ সৈতে ইয়াৰ সম্পৰ্ক ঘোষণা কৰা নাছিল।

এক সাক্ষাৎকাৰত ফেচবুকৰ চাইবাৰ নিৰাপত্তা নীতিৰ মুৰব্বী নাথানিয়েল গ্লিচাৰে কৈছিল এইদৰে কৈছিল যে, "আমি ইয়াত পৃষ্ঠা, গোট বিলাক বিচাৰি আছোঁ, যিবোৰে নিজকে স্বতন্ত্ৰ ভাবে দেখুৱাই, কিন্তু প্ৰকৃততে কোনো সংগঠন বা ৰাজনৈতিক দলৰ সৈতে সম্পৰ্কিত আৰু ইয়াৰ লিংকটো লুকুৱাবলৈ চেষ্টা কৰি আছে।" গ্লিচাৰে একাউণ্টৰ উদাহৰণ দি, যিবোৰ বাতৰি পৃষ্ঠা বুলি নিজকে ঘোষণা কৰিছিল কিন্তু সেইবিল‌ক প্ৰকৃততে ৰাজনৈতিক দলবোৰে চলাই আছিল।

"কিন্তু এই ঘোষণাৰ কেইসপ্তাহমানৰ ভিতৰতে ফেচবুকে আভ্যন্তৰীন ভাৱে এখন দেশৰ ভিতৰৰ পৰা উদ্ভৱ হোৱা সমন্বিত অপ্ৰামাণিক আচৰণৰ বিৰুদ্ধে লোৱা পদক্ষেপৰ ওপৰত বিশ্বব্যাপী স্থিৰতা ঘোষণা কৰে। " ফেচবুকৰ প্ৰাক্তন কৰ্মচাৰী ছফি ঝাঙে, যি পিছত হুইচেল-ব্ল'ৱাৰ হৈ পৰিছিল, বুলি ৰিপ'ৰ্টাৰ্ছ কালেক্টিভক এইদৰে কয়।

অৰ্থাৎ প্ৰাৰম্ভিক টেকডাউনৰ পিছত যিয়ে বেছিভাগ কংগ্ৰেছ-সম্পৰ্কিত পেজক লক্ষ্য কৰি লৈছিল, 2019 ৰ নিৰ্বাচনৰ সময়ত বা পিছত কোনো দলৰ বিজ্ঞাপনদাতাৰ বিৰুদ্ধে একে ধৰণৰ পদক্ষেপ লোৱা হোৱা নাছিল।

নিউজেৰ ৰাজনৈতিক বিজ্ঞাপনকে ধৰি ইমেইল যোগে এলানি প্ৰশ্নৰ উত্তৰত মেতাই কয়: "আমি কাৰো ৰাজনৈতিক স্থিতি বা দলীয় সম্পৰ্কৰ প্ৰতি গুৰুত্ব নিদিয়াকৈ আমাৰ নীতিবোৰ সমানভাৱে প্ৰয়োগ কৰোঁ। আৰু এই সিদ্ধান্তবোৰ কেৱল এজন ব্যক্তিয়ে একপক্ষীয়ভাৱে ল'ব নোৱাৰে আৰু নকৰে; ইয়াৰ পৰিৱৰ্তে, সেইবোৰ আম‌ৰ কোম্পানীৰ পৰা বিভিন্ন দৃষ্টিভংগীৰে অন্তৰ্ভুক্ত, এক প্ৰক্ৰিয়া যি আমি স্থানীয় আৰু গোলকীয় দুয়োটা প্ৰেক্ষাপটৰ বাবে বিবেচনা, বুজা আৰু হিচাপ কৰাটো নিশ্চিত কৰাৰ বাবে গুৰুত্বপূৰ্ণ।"

ইয়াত লগতে কোৱা হৈছে, "সমন্বিত অপ্ৰামাণিক আচৰণৰ (Coordinated Inauthentic Behaviour) বিৰুদ্ধে আমাৰ হেচা কেতিয়াও বন্ধ কৰা হোৱা নাছিল আৰু এপ্ৰিল 2019 ৰ নিৰ্বাচনৰ পিছতো অব্যাহত আছিল।" মেটাৰ সম্পূৰ্ণ সঁহাৰি ইয়াত পঢ়িব পাৰিব।

আনহাতে নিউজে পেজবোৰৰ কোনো সমস্যাৰ সন্মুখীন নোহোৱাকৈ কেইবাখনো ৰাজ্যিক নিৰ্বাচনত পোষ্ট আৰু বিজ্ঞাপনৰ জৰিয়তে দল আৰু ইয়াৰ নেতাসকলক প্ৰচাৰ অব্যাহত ৰখাৰ ফলত বিজেপি লাভান্বিত হৈছিল।

বিজ্ঞাপন আৰ্কাইভৰ তথ্য অনুসৰি ফেব্ৰুৱাৰী 2019 ৰ পৰা নৱেম্বৰ 2020ৰ সময়ছোৱালৈ, নিউ জেত 22 মাহত হোৱা 10 টা নিৰ্বাচনৰ সময়ত 718 টা ৰাজনৈতিক বিজ্ঞাপন দিয়া হৈছিল। যিবোৰ ফেচবুক ব্যৱহাৰকাৰীসকলে সামূহিকভাৱে 290 নিযুততকৈও অধিক বাৰ চাইছিল। কোম্পানীটোৱে এই বিজ্ঞাপনবোৰত 5.2 নিযুত টকা (67,899 ডলাৰ) ব্যয় কৰিছিল।

ইয়াৰে বহুতো বিজ্ঞাপনে মুছলমান আৰু পাকিস্তান বিৰোধী ভাৱনাত আঘাত সানিছিল। বিজেপিৰ বিৰোধী আৰু সমালোচক সকলক গুলিওৱা হৈছিল আৰু মোদী চৰকাৰক প্ৰশংসা কৰা হৈছিল, এইবোৰ একো-একোটা  নিৰ্বাচনী নমুনা আছিল।

২০১৯ চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰীয় নিৰ্বাচনৰ এমাহ পূৰ্বে মোদীয়ে পাকিস্তানক ভাৰতৰ পাৰমাণৱিক শক্তিৰ বিষয়ে সতৰ্ক কৰি দিছিল। এখন নিৰ্বাচনী জনসভাত "জাতীয়তাবাদী"ৰ অনুভূতি এনেদৰে জাগ্ৰত কৰিছিল মোদীয়ে । ভাৰতে পাকিস্তানৰ ভাবুকিৰ প্ৰতি ভয় খোৱাৰ নীতি বন্ধ কৰি দিছে। প্ৰতিটো দিনতে তেওঁলোকে কৈছিল ''আমাৰ ওচৰত পাৰমাণৱিক বুটাম আছে, আমাৰ ওচৰত পাৰমাণৱিক বুটাম আছে''। তেতিয়া আমাৰ কি আছে? আমি ইয়াক দেৱালীৰ বাবে ৰাখিছোঁ নেকি?" মোদীয়ে এইদৰে কৈছিল। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাজ্যখনৰ মোদীৰ বিৰোধী মেহবুবা মুফতীয়ে টুইট কৰি কয়, "যদি ভাৰতে দেৱালীৰ বাবে পাৰমাণৱিক বোমা ৰখা নাই, এয়া স্পষ্ট যে পাকিস্তানেও ঈদৰ বাবে সেইবিলাক ৰখা নাই। নাজানো প্ৰধানমন্ত্ৰী মোদীয়ে কিয় ইমান তললৈ নামিব লগীয়া হৈছে, যাৰ বাবে ৰাজনৈতিক আলোচনাও এইবিল‌কতে সীমিত ৰাখিব লগা হৈছে মোদীয়ে।"

মোডীৰ ভাষণৰ সৈতে সম্পৰ্ক অবিহনে মুফতিৰ টুইট ব্যৱহাৰ কৰি, নিউজেৰ এটা বিজ্ঞাপনত তেওঁক পাকিস্তানৰ হৈ সমৰ্থন কৰা ব্যক্তি হিচাপে দেখুওৱা হৈছে। "পাকিস্তানৰ প্ৰতি মেহবুবাৰ প্ৰেম দ্বিতীয়বাৰৰ বাবে উন্মোচিত হৈছিল। মেহবুবা মুফতীয়ে আকৌ এবাৰ পাকিস্তানৰ পক্ষ লৈছিল," বিজ্ঞাপনটোত কোৱা হৈছিল।

NEWJ’s ad portraying Mufti as someone who shills for Pakistan. Source: Facebook Ad Library
NEWJ’s ad portraying Mufti as someone who shills for Pakistan. Source: Facebook Ad Library

 

নিউজেৰ বিজ্ঞাপনবোৰে হিন্দু ধৰ্মীয় আৱেগতো আঘাত সানিব বিচাৰিছিল, যি হৈছে বিজেপিৰ এক মূল ভেটি। 2019 বৰ্ষৰ মে' মাহত বিশ্বব্যাপী অনলাইন দুই ৰিটেইল গোষ্ঠি আৰু ভাৰতত ৰিলায়েন্সৰ প্ৰতিযোগী আমাজনে হিন্দু দেৱতাৰ ছবি থকা সামগ্ৰী বিক্ৰী কৰা দেখা পোৱাৰ পিছত টুইটাৰত "#BoycottAmazon" ট্ৰেণ্ড আৰম্ভ হৈ গৈছিল। নিউজেৰ তৎপৰতাৰে এটা বিজ্ঞাপন চলাবলে, য'ত কোৱা হৈছিল "ভাৰতে আমাজনক ইয়াৰ শক্তি দেখুৱাইছে। মানুহৰ খং উঠাটো স্বাভাৱিক, য'ত দেৱ-দেৱীৰ সামগ্ৰীক লৈ ব্যৱসায় কৰ‌টো ব্যয়বহুল হৈ পৰিছে।"

NEWJ’s ad amid a controversy involving images of Hindu gods on products sold by Amazon. Source: Facebook Ad Library
NEWJ’s ad amid a controversy involving images of Hindu gods on products sold by Amazon. Source: Facebook Ad Library

 

মে' 2019ৰ ৰাষ্ট্ৰীয় নিৰ্বাচনৰ পিছত নিউজেই চৰকাৰী নীতি আৰু বিজেপি নেতাসকলক প্ৰশংসা কৰা, নতুন আহিবলগীয়া ভাবুকিৰ বিষয়ে ভয়াৱহ কাহিনীবোৰ অব্যাহত ৰাখিছিল।

২০১৯ চনৰ ডিচেম্বৰত যেতিয়া বিজেপি নেতৃত্বাধীন কেন্দ্ৰিয় চৰকাৰে চুবুৰীয়া দেশৰ মুছলমানসকলক বাদ দি শৰণাৰ্থীসকলক ক্ষমা প্ৰদান কৰিবলৈ নাগৰিকত্ব আইন সংশোধন কৰাৰ সিদ্ধান্ত লৈছিল, তেতিয়া সমগ্ৰ দেশতে প্ৰতিবাদৰ ঢৌ উঠিছিল। কিন্তু ২০২০ চনৰ নৱেম্বৰ মাহত নিউজেৰ ফেচবুকত এটা বিজ্ঞাপন চলোৱা হৈছিল।  য'ত বাংলাদেশৰ হিন্দু ঘৰত মুছলমানসকলে আক্ৰমণ কৰাৰ ভিডিঅ' দেখুওৱা হৈছিল। ইছলামক অপবাদ দিয়া এটা কথিত ফেচবুক পোষ্টৰ উৰা বাতৰিৰ বাবে ভাৰতত প্ৰতিবাদকাৰী সকলক দেখুওৱা হৈছিল। কিন্তু তেওঁলোকে কিয় নতুন নাগৰিকত্ব আইনক সমৰ্থন কৰিব লাগিব বুলি ক'বলৈ, "সংখ্যালঘু হিন্দুসকল সদায় ক্ৰোধৰ ভুক্তভোগী হৈ আহিছে (বাংলাদেশৰ সংখ্যাগৰিষ্ঠ মুছলমানৰ)।

Hindu Minorities In Bangladesh Face The Backlash Of Protests In France,” alleges this ad run by NEWJ amid the CAA protests. Source: Facebook Ad Library

 

যেতিয়া গায়িকা ৰিহানা আৰু অন্যান্য ভাৰতীয় চেলিব্ৰিটিসকলে মোডী চৰকাৰৰ নতুন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা কৃষকসকলৰ হৈ মাত মাতিছিল, নিউজে এটা বিজ্ঞাপন চলাই সুধিছিল যে এই "চেলিব্ৰেটীসকলে" কিয় প্ৰৰোচিত খেতিয়ৰ হৈ মাত মাতিছে কিন্তু যেতিয়া "ভাৰতক আক্ৰমণ কৰা হয়" তেতিয়া তেওলোক নিমাত আছিল।

Hindu Minorities In Bangladesh Face The Backlash Of Protests In France,” alleges this ad run by NEWJ amid the CAA protests. Source: Facebook Ad Library
Hindu Minorities In Bangladesh Face The Backlash Of Protests In France,” alleges this ad run by NEWJ amid the CAA protests. Source: Facebook Ad Library

 

চিস্টেমেটিক ইনভেষ্টমেন্ট

শলভ উপাধ্যায় আৰু তেওঁৰ ভগ্নী দীক্ষাই জানুৱাৰী 2018-ত 100,000 টকাৰ (1306 ডলাৰ)  মূলধনৰ সৈতে নিউজে এটা ব্যক্তিগত সীমিত কোম্পানী হিচাপে স্থাপন কৰিছিল। নৱেম্বৰৰ মাজভাগত, ৰিলায়েন্স গ্ৰুপৰ কোম্পানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰিয়েল ইনভেষ্টমেণ্ট এণ্ড হোল্ডিংছ লিমিটেডে (RIIHL) 75 শতাংশ ইকুইটি অংশৰ সৈতে নিউজেক অধিগ্ৰহণ কৰে। ইয়াৰ পিছতে  কোম্পানীটোক  84 নিযুত টকা (1.1 মিলিয়ন ডলাৰ) ঋণ দিয়ে।

নগদ ধনেৰে পৰিপূৰ্ণ হৈ নিউজেই ছ'চিয়েল মিডিয়াত ভিডিঅ' প্ৰস্তুত আৰু প্ৰকাশ কৰা কাম অধিক কৰা হৈছিল। কিন্তু প্ৰায়ে ফেচবুক আৰু ইউটিউব শ্ব'ত বিজেপি, বিত্তীয় ৰেকৰ্ড আৰু নিউজে প্ৰযোজনাত প্ৰচাৰ কৰা বিজ্ঞাপন হিচাপেহে। নিউজেৰ বিত্তীয় বৰ্ষ মাৰ্চ 2019-ত 3.37 নিযুত টকাৰ (44,003 ডলাৰ) ব্যৱসায় হৈছিল,  যাৰ ওপৰত ই 22.06 নিযুত টকাৰ (288,046 ডলাৰ) মুঠ লোকচানত থাকিবলগীয়া হৈছিল।

পৰৱৰ্তী বৰ্ষত ৰিলায়েন্সে নিউজেত ডিবেনচাৰৰ জৰিয়তে পুনৰ 125 নিযুত টকা (1.63 নিযুত ডলাৰ) লাভ কৰে। মাৰ্চ 2020-ত সমাপ্ত হোৱা বিত্তীয় বৰ্ষৰ বাবে, নিউজেৰ কোনো ৰাজহ নথিভুক্ত কৰা নাছিল। কিন্তু বিজ্ঞাপনৰ প্ৰচাৰ ব্যয় আছিল 27.3 নিযুত টকা (356,467 ডলাৰ), যি পূৰ্বৰ বছৰৰ 6.06 নিযুত টকা (79,128 ডলাৰ)ৰ তুলনাত অধিক আছিল। সেই সময়ত RIIHLৰ অংশীদাৰীত্ব আন এটা ৰিলায়েন্স গ্ৰুপ কোম্পানী, জিঅ' প্লেটফৰ্মছ লিমিটেডে অধিগ্ৰহণ কৰিছিল। যি হৈছে দেশৰ সৰ্ববৃহৎ টেলিকম অপাৰেটৰ, যি মাৰ্চ 2021-ত সমাপ্ত হোৱা বিত্তীয় বৰ্ষত 902.9 বিলিয়ন টকা (12.07 বিলিয়ন ডলাৰ) ৰাজহ উপাৰ্জন কৰিছিল।

জিঅ'ই ইয়াত অংশগ্ৰহণ কৰাৰ ছয় দিন আগতে, নিউজে ইয়াৰ বিনিয়োগকাৰীসকলক "কনটেন্ত গাইডলাইন" অনুমোদন কৰাৰ অধিকাৰ দিবলৈ ইয়াৰ এছ'চিয়েশ্যনৰ অনুচ্ছেদ সংশোধন কৰিছিল। এই নিৰ্দেশনাবোৰে নিউজে কি কনটেন্ত প্ৰস্তুত আৰু প্ৰচাৰ কৰে সেয়া বিনিয়োগকাৰীসক লে নিৰ্ণয় কৰিব। ২০২১ চনৰ মাৰ্চত সমাপ্ত হোৱা বিত্তীয় বৰ্ষত জিঅ'ই নিউজেক ০.০০০১% বাৰ্ষিক সূতৰ হাৰত আৰু ৮৪.৯৬ নিযুত টকা (১.১২ নিযুত ডলাৰ) ঋণ দিছিল। জিঅ'ই ফেচবুকক বিনিয়োগকাৰী হিচাপে গণ্য কৰে।

নিউজে কয় যে, ইয়াৰ চুটি-ফৰ্মৰ ভিডিঅ'বোৰ, যিবোৰ ই "একচেটিয়াভাৱে সামাজিক মাধ্যমত" প্ৰকাশ কৰে, য'ত মুঠ 4 বিলিয়ন মিনিটৰ বাবে চোৱা হৈছিল। ইয়াৰ মুঠ প্ৰসাৰ 22 বিলিয়নতকৈও অধিক যি বিশ্বৰ জনসংখ্যাৰ তিনিগুণতকৈ অধিক আছিল।

 

ইচিআই আৰু ফেচবুকে চকু বন্ধ

ধন শক্তিয়ে নিৰ্বাচনক বিকৃত কৰে, সেয়েহে ভাৰতীয় নিৰ্বাচনী আইনে প্ৰাৰ্থীৰ ব্যয় সীমিত কৰে। যদি কোনো তৃতীয় পক্ষই, প্ৰাৰ্থীৰ সৈতে কোনো সম্পৰ্ক নথকাকৈ, প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মাধ্যমত প্ৰাৰ্থীৰ বিজ্ঞাপনৰ বাবে পৰিশোধ কৰে, ইয়াক প্ৰাৰ্থীৰ ব্যয় বুলি গণ্য কৰা হয়। নিৰ্বাচন আয়োগে পৰম্পৰাগত মাধ্যমত পৰিশোধ কৰা বিজ্ঞাপনবোৰ বাতৰি হিচাপে উপস্থাপন কৰা ঘটনাবোৰৰ তদন্ত কৰে। যদি ই দেখিলে যে এজন প্ৰাৰ্থীৰ প্ৰচাৰৰ বাবে প্ৰকৃততে 'বাতৰি'ৰ এটা অংশ ব্যয় কৰা হৈছিল, ই প্ৰাৰ্থীৰ প্ৰচাৰৰ ব্যয়ত বিজ্ঞাপনৰ ব্যয় যোগ কৰে।

অৱশ্যে এই নিয়মবোৰ চোচিয়াল মেডিয়াত দিয়া বিজ্ঞাপনত প্ৰয়োগ কৰা নহয়।

2013 চনত আয়োগে সকলো ৰাজনৈতিক দল, প্ৰাৰ্থী আৰু তেওঁলোকৰ কৰ্তৃত্বপ্ৰাপ্ত এজেণ্টৰ বাবে আয়োগৰ পৰা ছ'চিয়েল মিডিয়া বিজ্ঞাপন পূৰ্ব-প্ৰমাণিত কৰা আৰু তেওঁলোকৰ ওপৰত ব্যয়ৰ প্ৰতিবেদন দিয়াটো বাধ্যতামূলক কৰিছিল। কিন্তু ই তৃতীয় পক্ষৰ দ্বাৰা ৰখা বিজ্ঞাপনবোৰ, প্ৰাৰ্থীসকলৰ সৈতে আনুষ্ঠানিকভাৱে সম্পৰ্কিত নথকা প্ৰতিষ্ঠানবোৰক এই নিয়মৰ বাহিৰত ৰাখিছিল। যাৰ ফলত চাৰোগেট বিজ্ঞাপনৰ বাবে ৰাস্তা মুকলি হৈ গৈছিল।

25 অক্টোবৰ, 2013 ৰ আদেশত আয়োগে কৈছিল যে, ছ'চিয়েল মিডিয়া ইলেক্ট্ৰনিক মাধ্যমৰ অংশ আছিল, যাৰ বাবে বিজ্ঞাপনবোৰ একে ধৰণে নিয়ন্ত্ৰণ কৰা হ'ব। কিন্তু ইয়াৰ লগতে কোৱা হৈছিল যে, প্ৰাৰ্থী আৰু তেওঁলোকৰ দলৰ বাহিৰে আন লোকৰ দ্বাৰা পোষ্ট কৰা সমল অৰ্থাৎ সদস্যৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে সেয়া এতিয়াও বিবেচনা কৰি আছে। "যিমান দূৰলৈকে তেওঁলোকে ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰৰ সৈতে সম্পৰ্কিত বা যুক্তিসঙ্গতভাৱে সম্পৰ্কিত হ'ব পাৰে বুলি ভবা হয় তালৈকেহে ৰখা হ'ব।

এই পৰামৰ্শসমূহৰ ফলাফল নিৰ্ণয় কৰিবলৈ এই বছৰৰ আৰম্ভণিতে ৰিপ'ৰ্টাৰ্ছ কালেক্টিভৰ আৰটিআই প্ৰশ্নৰ উত্তৰত, ইচিআইয়ে "স্বেচ্ছামূলক নৈতিকতা সংহিতা" (Voluntary Code of Ethics)ৰ উদ্ধৃতি দিছিল। যিটো উদ্যোগ সংস্থা ইণ্টাৰনেট এণ্ড ম'বাইল এছ'চিয়েশ্যন অফ ইণ্ডিয়াই (IMAI) মাৰ্চ 2019ত ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ বাবে "নিৰ্বাচনী প্ৰক্ৰিয়াৰ অখণ্ডতা বজাই ৰাখিবলৈ" খচৰা প্ৰস্তুত কৰিছিল। স্বেচ্ছামূলক নৈতিকতা সংহিতাৰ চাৰোগেট বিজ্ঞাপনৰ ওপৰত কোনো নিৰ্দিষ্ট পৰামৰ্শ নাই,  যাক সংসদীয় আৰু নখন ৰাজ্যিক নিৰ্বাচনৰ বাবে সময়ত ভালদৰে ব্যৱহাৰ কৰা হৈছিল।

ইপিনে নিৰ্বাচন প্ৰভাৱিত কৰাৰ অভিযোগত আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰতিক্ৰিয়াৰ সন্মুখীন হোৱাৰ পিছত, ফেচবুকে ৰাজনৈতিক বিজ্ঞাপন দিয়া লোকসকলৰ পৰিচয় আৰু ঠিকনা পৰীক্ষা কৰাৰ বাবে 2018 চনত এক নীতি প্ৰস্তুত কৰিছিল। বৰ্তমান এই সকলো বিজ্ঞাপনদাতাক বিজ্ঞাপনৰ বাবে কোনে ধন পৰিশোধ কৰিছে ঘোষণা কৰিবলৈ আৰু বিজ্ঞাপন পুথিভঁৰালত পুঁজি সংস্থাৰ বিৱৰণ প্ৰদৰ্শন কৰিবলৈ উল্লেখ কৰা হৈছে। অৱশ্যে, ফেচবুকে বিজ্ঞাপনদাতাৰ দ্বাৰা পৰিচয় প্ৰকাশ সত্য নে নাই সেয়া প্ৰমাণিত নকৰে। ৰাজনৈতিক দল বা তেওঁলোকৰ প্ৰাৰ্থীৰ হৈ এই বিজ্ঞাপনবোৰক পুঁজি যোগান ধৰা হ'ব পাৰে নে নাই সেয়াও পৰীক্ষা হোৱা নাই বৰ্তমানলৈকে।

ফেচবুকে "যোগ্য" বাতৰি সংগঠনৰ দ্বাৰা দিয়া সকলো বিজ্ঞাপনক প্ৰমাণীকৰণ বা পুঁজি ৰখাৰ পৰা ৰেহাই দিছিল। ফেচবুকে এই ৰেহাইবোৰ নিউজেৰ বিজ্ঞাপনত প্ৰয়োগ কৰা নাছিল। অৰ্থাৎ, ফেচবুকে নিউজেক এক স্বতন্ত্ৰ বাতৰি সংগঠন হিচাপে গণ্য কৰা নাছিল।

টিআৰচিৰ প্ৰশ্নৰ উত্তৰত, শলভ উপাধ্যায়ে নিউজেক আল জাজিৰাৰ দৰে সংবাদ সংস্থাৰ সৈতে তুলনা কৰে। উপাধ্যায়ে কয়, "আমি মেটা বিজ্ঞাপন পুথিভঁৰালৰ ব্যৱহাৰ কৰোঁ যাতে আমাৰ সমল বিভিন্ন ধৰণৰ প্ৰসাৰিত হয়।" উপধায়াৰ সম্পূৰ্ণ উত্তৰ ইয়াত পঢ়িব পাৰি।

RIIHL, JPL, the ECI আৰু বিজেপিয়ে কেইবাবাৰু শুৱৰাই দিয়া স্বত্বেও  TRCৰ   প্ৰশ্নৰ উত্তৰ দিয়া নাই।

ৰিলায়েন্সৰ দ্বাৰা প্ৰচাৰিত নিউজে একমাত্ৰ সত্তা নেকি যিয়ে ফেচবুক বিজ্ঞাপনৰ জৰিয়তে গোপনে বিজেপিক ইয়াৰ সম্পৰ্ক প্ৰকাশ নকৰাকৈ প্ৰচাৰ কৰিছে? শৃংখলাটোৰ দ্বিতীয় অংশত ফেচবুকত চাৰোগেট বিজ্ঞাপনৰ অংশ হোৱা আনসকলক প্ৰকাশ কৰা ।

Kumar Sambhav is a members of The Reporters’ Collective (www.reporters-collective.in) and Nayantara Ranganathan is a researcher with ad.watch (https://ad.watch ). This story was originally published in English by Al Jazeera (www.aljazeera.com)

Author info

Kumar Sambhav Shrivastava's picture

Kumar Sambhav is a member of The Reporters’ Collective.

Add new comment

Random Stories

Gogoi wants apolitical Assam guv, to meet PM

2 Jun 2008 - 1:59pm | editor
Assam Chief Minister Tarun Gogoi is schedule to call on Prime Minister Dr Manmohan Singh on Monday noon at his official residence. According to what the sources here say, the Assam Chief Minister...

BPF-BJP alliance forming govt: Hagrama

10 Feb 2016 - 8:56pm | Hantigiri Narzary
BTC chief Hagrama Mohilary has claimed that the alliance BPF-BJP would defeat the ruling Congress party in the upcoimng election. Mohilary while speaking the Bodoland Day celebrtaion in Kokrajhar on...

No breakthrough in Chirang abduction

4 Nov 2013 - 7:46am | AT News
Tension prevails in Chirang a day after unidentified miscreants kidnapped 4 persons of a family at gunpoint.           The incident took place at North Khaitema village ...

Review meeting election on expenditure held

18 Apr 2009 - 8:26am | Juthika Das
A review meeting was held at Barpeta circuit house yesterday regarding the submission of the election expenditure of the candidates of various political parties of no 6 Barpeta Loksabha...

Other Contents by Author

ফেচবুকৰ এলগৰিথমে ভাৰতৰ শাসনাধিষ্ঠ ভাৰতীয় জনতা পাৰ্টিক (বিজেপি) অন্যান্য ৰাজনৈতিক দলতকৈ কম দামত বিজ্ঞাপন দিয়াৰ সুবিধা কৰি দিয়ে - 22 মাহ আৰু 10 টা নিৰ্বাচনত হোৱা বিজ্ঞাপনব্যয়ৰ বিশ্লেষণত এই তথ্য ধৰা পৰে। ২০১৯ চনত বিজেপিয়ে জয়লাভ কৰা ৰাষ্ট্ৰীয় সংসদীয় নিৰ্বাচনকে ধৰি ইয়াৰে নটা নিৰ্বাচনত, দলটোক তেওঁলোকৰ বিৰোধীতকৈ বিজ্ঞাপনৰ বাবে কম হাৰত ফেচবুকে মাচুল লৈছিল। বিজ্ঞাপনৰ অনুকূল মূল্যনিৰ্ধাৰণে ভাৰতৰ ফেচবুকৰ সৰ্ববৃহৎ ৰাজনৈতিক গ্ৰাহক বিজেপিক কম ধনৰ বিনিময়ত অধিক ভোটাৰৰ ওচৰলৈ যাবলৈ সুবিধা কৰি দিয়ে।  ভাৰতত অৱস্থিত এক অলাভজনক মিডিয়া সংগঠন ৰিপ'ৰ্টাৰ্ছ কালেক্টিভ (টিআৰচি)য়ে ফেব্ৰুৱাৰী 2019 ৰ পৰা নৱেম্বৰ 2020-ৰ ভিতৰত ফেচবুকত দিয়া 536,070 টা ৰাজনৈতিক বিজ্ঞাপনৰ তথ্য বিশ্লেষণ কৰিছিল।...
২২মাহ আৰু ১০ টা নিৰ্বাচনত ছ'চিয়েল মিডিয়া প্লেটফৰ্মত দিয়া বিজ্ঞাপনৰ বিশ্লেষণ অনুসৰি ফেচবুকে বৃহৎ সংখ্যক চাৰোগেট বিজ্ঞাপনদাতাক  ভাৰতত ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) নিৰ্বাচনী প্ৰচাৰৰ বাবে গোপনে পুঁজি যোগান ধৰিবলৈ আৰু শাসনকাৰী দলৰ জনপ্ৰিয়তা বৃদ্ধি কৰিবলৈ অনুমতি দিছিল। বিজ্ঞাপনদাতাসকলে হয় তেওঁলোকৰ পৰিচয় বা বিজেপিৰ সৈতে তেওঁলোকৰ সম্পৰ্ক লুকুৱাই ৰাখিছিল, আনকি তেওঁলোকে ফেচবুকক কোটি কোটি টকা পৰিশোধ কৰিছিল, বেছিভাগে ভাৰতৰ শাসকীয় দল আৰু ইয়াৰ নেতাসকলক প্ৰচাৰ কৰা বিজ্ঞাপন প্ৰদৰ্শন কৰিবলৈ। এই অপ্ৰমাণিক আৰু চাৰোগেট বিজ্ঞাপনদাতাসকলে ভাৰতৰ শাসনকাৰী দলৰ দ্বাৰা আনুষ্ঠানিকভাৱে দিয়া বিজ্ঞাপনবোৰৰ সমান দৰ্শন লাভ কৰিছিল, দলটোৱে তেওঁলোকৰ বিজ্ঞাপনৰ সৈতে সম্পৰ্কিত সমল বা ব্যয়ৰ দায়িত্ব নোলোৱাকৈ...
২০২১ চনৰ মাৰ্চ মাহৰ কথা। পুডুচেৰীৰ এ আনন্দ নামৰ এজন নেতাৰ মোবাইল ফোনৰ স্ক্ৰীণত জিলিকি উঠিল এটা এছএমএছ। নতুন পুডুচেৰী গঢ়াৰ উদ্দেশ্যে সেই মেছেজটোৰ জৰিয়তে নেতাজনক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ দল ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিবলৈ আহ্বান জনাইছিল। মেছেজটো আছিল বাল্ক এছএমএছ কেম্পেইন সদৃশ এটা তেনেই সাধাৰণ এছএমএছ। কিন্তু যেতিয়াই তেওঁ মেছেজত থকা লিংকটো ক্লিক কৰি চালে তেতিয়া স্পষ্ট হৈ পৰিল যে এয়া প্ৰকৃততে অতি কৌশলগতভাৱে নিৰ্বাচনৰ এমাহ পূৰ্বে সাম্ভাব্য সমৰ্থকসকলক একত্ৰিত কৰিবলৈ বিজেপিয়ে চলোৱা বিশেষ অভিযানহে। লিংকটোত আনন্দক বিজেপিৰ বুথ পৰ্যায়ৰ এটি হোৱাটছএপ গ্ৰুপতো জইন কৰিবলৈ কোৱা হৈছিল। হোৱাটছএপ গ্ৰুপৰ নামবোৰ দিয়া হৈছিল সংশ্লিষ্ট পলিং বুথৰ নামেৰে। আনন্দৰ পৰিয়ালৰ আন সদস্যসকলৰ লগতে...